অসম

assam

বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰী গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ

By

Published : Jun 10, 2020, 6:05 PM IST

দৰিদ্ৰ পৰিয়ালৰ বাবে অহা প্ৰধানমন্ত্ৰী গৃহ যোজনাৰ ধন আত্মসাৎ কৰি বিজেপিৰ ৱাৰ্ড মেম্বাৰৰে হিতাধিকাৰীৰ বেংক পাছবুক ৰাখি থোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শিৱসাগৰত ।

BJP leader accused of embezzling government housing funds
BJP leader accused of embezzling government housing funds

শিৱসাগৰ, 10 জুনঃ চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ এটি অতিকৈ দৰিদ্ৰ পৰিয়াল বৃদ্ধ পিতৃ-মাতৃ আৰু এটা অন্ধ সন্তানৰ দুৰ্ভগীয়া জীৱন । চৰকাৰৰ দ্বাৰা লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটোও আজিলৈ নাপালে পৰিয়ালটোৱে । কিন্তু প্ৰশ্ন পৰিয়ালটোৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটোৰ কি হ'ল ? আনহাতে যোৱা ডেৰটা বছৰে কোনে কিয় ৰাখি থৈছে পৰিয়ালটোৰ বেংকৰ পাছবুক ।

বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰী গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ

এইবাৰ এক চকু কপালত উঠা ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাৰি গাঁও পঞ্চায়তৰ গুৱলাপথাৰ গাঁৱৰ 5 নং ৱাৰ্ডত । চাহ শ্ৰমিক জনগোষ্ঠীৰ অতি দৰিদ্ৰ পৰিয়ালটোৰ এক কৰুণ কাহিনী । পৰিয়ালটোৰ মুৰব্বী চেট মুণ্ডা পত্নী আৰু এটা অন্ধ পুত্ৰসহ দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে গুৱলাপথাৰৰ 4 নং ৱাৰ্ডত ।

দৰিদ্ৰ পৰিয়ালটোৰ বৃদ্ধ পিতৃ মাতৃৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল 32 বছৰীয়া অন্ধ পুত্ৰ । উপাৰ্জন কৰাৰ পৰা প্ৰতিপালন কৰাৰ লৈকে সম্পূৰ্ণ দায়িত্ব পালন কৰি আহিছে এই বৃদ্ধ দম্পতীয়ে । দুখ আৰু দুৰ্দশাৰ যেন অন্তহীন যুদ্ধ । বসবাস কৰি থকা গৃহটোৰো অৱস্থা অতি শোচনীয় যেন হাহঁ-কুকৰাৰ গৰালহে । প্ৰায়েই ভোকে-পিয়াঁহে লঘোনে দিন অতিবাহিত কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ।

আনকি বেছিভাগ সময় কেৱল খোদা ভাত খাইয়ে দিন কটাইছে এই দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোৱে । কিন্তু ভূতৰ ওপৰত দানৱ পৰাৰ দৰে আন এক ঘটনা । কাৰণ চেট মুণ্ডাৰ তিনিজনীয়া দুৰ্ভগীয়া পৰিয়ালটোৱে বিজেপি চৰকাৰৰ দিনত লাভ কৰিছিল এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ । চেট মুণ্ডাৰ লগতে গাঁৱৰ ৰাইজেও চৰাকাৰৰ এই ব্যৱস্থাক শলাগ জনাইছিল কিন্তু যোৱা দেৰটা বছৰে এই দৰিদ্ৰ পৰিয়ালটোৰ নামত চৰকাৰে দিয়া বাসগৃহটো নিৰ্মাণ নহ'ল । আনকি এচপৰা ইটাও নপৰিল চেট মুণ্ডাৰ চোতালত ।

গাঁওবাসীয়ে অৱশেষত এই বিষয়ে অনুসন্ধান চলোৱাত এক আৰ্শ্বযকৰ তথা উদ্বেগজনক তথ্য পোহৰলৈ আহিছে । গাঁওবাসী তথা উপভোগকাৰী চেট মুণ্ডাৰ ভাষ্য অনুসৰি তেওঁলোকৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য বিজেপি দলৰবুবুল ওৰাঙে মুণ্ডাৰ বেংক পাছবুকখন বিগত দেৰটা বছৰে নিজৰ ওচৰত আৱদ্ধ কৰি ৰাখিছে । এই কথা পোহৰলৈ অহাৰ পাছত এতিয়া সমগ্ৰ বিষয়টো অধিক ৰহস্যময় হৈ পৰিছে। একাংশৰ মতে বিজেপি ৱাৰ্ড সদস্য বুবুল ওৰাংয়ে চেট মুণ্ডাৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটোৰ সমূদায় ধন আত্মসাৎ কৰিছে ।

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা প্ৰদৰ্শন কৰাৰ কথা সততে কৈ অহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক এতিয়া ৰাইজৰ প্ৰশ্ন,এয়াই নেকি চৰকাৰৰ প্ৰকৃত দুৰ্নীতি বিৰোধী সহশীলনতাৰ ছবি । নিজ দলৰে এগৰাকী নিৰ্বাচিত জন প্ৰতিনিধিৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা ল'ব চৰকাৰে । স্থানীয় বিধায়িকা নৱনিতা সন্দিকৈৰ সময় হ'ব নে দৰিদ্ৰ তথা বিশেষ ভাবে সক্ষম ব্যক্তি থকা পৰিয়ালটোৰ খবৰ লৈ ন্যায় প্ৰদান কৰিবলৈ ।

স্থানীয় ৰাইজক লাগে এতিয়া উচিত তদন্ত লগতে দোষীক কঠোৰ শাস্তি । পৰৱৰ্তী সময়ত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব ।

লগতে চাওকঃ কৃষি নীতিৰ অভাৱত লোকচানৰ সন্মুখীন দৰঙৰ কৃষক

ABOUT THE AUTHOR

...view details