অসম

assam

আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হ’ল কীৰ্তিকমল বৰা

By

Published : Jul 5, 2022, 8:59 PM IST

কীৰ্তিকমল বৰাক দোষমুক্ত ঘোষণা কৰিলে চিআইডিয়ে (Kirtikamal Bora encounter)। এছ আই প্ৰদীপ বণিয়াই কীৰ্তিকমলৰ বিৰুদ্ধে তৰা গোচৰত চিআইডিয়ে দোষমুক্ত ঘোষণা কৰিলে কীৰ্তিকমলক । প্ৰদীপ বণিয়াৰ বিৰুদ্ধেহে চাৰ্জশ্বীট দাখিল কৰিলে চিআইডিয়ে ।

Kirtikamal Bora encounter
আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হ’ল কীৰ্তিকমল বৰা

গুৱাহাটী, 5 জুলাই:নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ আছিল আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ (Kirtikamal Bora victim of fake encounter)৷ আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ বিৰুদ্ধেহে চাৰ্জশ্বীট দাখিল কৰিলে চিআইডিয়ে ৷ কীৰ্তিকমল বৰাক দোষমুক্ত ঘোষণা কৰিলে চিআইডিয়ে । এছ আই প্ৰদীপ বণিয়াই কীৰ্তিকমলৰ বিৰুদ্ধে তৰা গোচৰত চিআইডিয়ে দোষমুক্ত ঘোষণা কৰিলে কীৰ্তিকমলক । প্ৰদীপ বণিয়াৰ বিৰুদ্ধেহে চাৰ্জশ্বীট দাখিল কৰিলে চিআইডিয়ে (Fake encounter by Nagaon police)।

কীৰ্তিকমল বৰাৰ এনকাউন্টাৰ আছিল সম্পূৰ্ণ ভুৱা এনকাউন্টাৰ

চিআইডিয়ে নগাঁৱৰ মুখ্য ন্যায়াধীশৰ আদালতত দাখিল কৰিলে চাৰ্জশ্বীট । প্ৰদীপ বণিয়াৰ গুলিত আহত হৈছিল ছাত্ৰনেতা বৰা ৷ চলিত বৰ্ষৰ ২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত আৰক্ষীৰ গুলিত আহত হৈছিল ছাত্ৰ নেতা কীৰ্তিকমল বৰা (Kirtikamal Bora encounter)। আৰক্ষীৰ গুলিত চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰে ছাত্ৰনেতা বৰা । কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ড্রাগছ সৰবৰাহৰ লগত জড়িত থকাৰ গোচৰ জাপি দিছিল । এনকাউণ্টাৰ ঘটনাৰ ছমাহৰ পিছত আৰক্ষীয়ে দাখিল কৰিলে চার্জশ্বীট ।

উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল । সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ এই বিতৰ্কৰ মাজত সোমাই পৰিছিল (IPS Anand Mishra)। তেওঁক শাস্তিমূলকভাৱে বদলিও কৰা হৈছিল । অৱশেষত নিৰ্দোষী প্ৰমাণিত হ’ল কীৰ্তিকমল ৷

লগতে পঢ়ক :FIR against Kirtikamal Bora : কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

ABOUT THE AUTHOR

...view details