অসম

assam

Man burnt alive in Nagaon: বৰলালুং গাঁৱৰ নৃশংস ঘটনাৰ লগত জড়িতৰ অভিযোগত ৫ জনক গ্ৰেপ্তাৰ

By

Published : Jul 11, 2022, 12:12 PM IST

নগাঁৱত এজন লোকক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগত পাঁচজন লোকক গ্ৰেপ্তাৰ (Five people arrested for allegedly burning a man alive) ৷ ঘটনাৰে জড়িত আৰু 8 জন অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে যদিও নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

5 people arrested by Nagaon police for allegedly burning man alive in Nagaon
এজন লোকক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ জড়িত ৫ জনক গ্ৰেপ্তাৰ

নগাঁও, 11 জুলাই: সমগ্ৰ ৰাজ্য কঁপাই যোৱা এটা হত্যাকাণ্ড । আৰক্ষী তথা ন্যায় ব্যৱস্থা থকাৰ পিছতো ৰাইজমেল অনুষ্ঠিত কৰি হত্যাৰ অভিযোগত এজন লোকক জীৱন্তে জ্বলাই দিয়াৰ ঘটনাক (Man burnt alive in Nagaon) কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে অব্যাহত আছে চাঞ্চল্য । কেৱল এয়াই নহয় জীৱন্তে জ্বলাই দিয়াৰ পাছত পুতিও থ'লে মৃতদেহ (Horrific incident in Nagaon) ।

বিগত 2 জুলাইত নগাঁও জিলাৰ পুৰণিগুদামৰ বৰলালুং গাঁৱৰ সবিতা পাটৰ নামৰ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উঠিছিল ৰঞ্জিত বৰদলৈ নামৰ লোকজনৰ বিৰুদ্ধে । এই লৈ গাঁওখনত অনুষ্ঠিত ৰাইজ মেলতে অভিযুক্ত ৰঞ্জিত বৰদলৈয়ে মহিলাগৰাকীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল ৷ তাৰ পাছতে উত্তেজিত ৰাইজে ৰঞ্জিত বৰদলৈক জীৱন্তে জ্বলাই দিয়ে (Brutal incident in Nagaon) ৷ এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ পুৰণিগুদামত ৷

এজন লোকক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ জড়িত ৫ জনক গ্ৰেপ্তাৰ

পৰৱৰ্তী সময়ত ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে ৷ এই অনুসন্ধানৰ ওপৰত ভিত্তি কৰি শনিবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দল গাঁৱখনত উপস্থিত হৈ ৰঞ্জিত বৰদলৈক হত্যা (Nagaon murder case) কৰি মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে (Dead body recovered in Nagaon) ৷ তাৰ পিছতে এনে এক চৰম শাস্তি প্ৰদান কৰা ৰাইজমেল সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰি নগাঁও আৰক্ষীয়ে নিশাই দুজন পুৰুষসহ কেইবাগৰাকী মহিলাক আটক কৰি সোধপোচ কৰিছিল ৷

এই সোধপোচৰ অন্তত দেওবাৰে এই অমানৱীয় কাণ্ডৰ লগত জড়িত পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰে (5 people arrested by Nagaon police ) ৷ ইফালে দেওবাৰে গাঁওখনৰ বহু মহিলা পুৰণিগুদাম আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষীৰ সৈতে এক আলোচনাত মিলিত হয় । ৰাইজমেলত ৰঞ্জিত বৰদলৈক জীৱন্তে জ্বলাই দিয়া ঘটনাত জড়িত অভিযুক্তক শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে গাঁওখনৰ কোনো নিৰ্দোষী লোক যাতে কোনো শাস্তিৰ সন্মুখীন নহয়, তাৰ বাবে মহিলাসকলে আৰক্ষীক দাবী জনায় ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত মৃত ৰঞ্জিত বৰদলৈৰ পৰিয়ালৰ লোকে 13 জনকৈ লোকৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । অৱশ্যে আন 8 জন অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে যদিও নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Presidential election: ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব জে ডি এছ দলে

ABOUT THE AUTHOR

...view details