ETV Bharat / bharat

Presidential election: ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব জে ডি এছ দলে

author img

By

Published : Jul 11, 2022, 10:57 AM IST

ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত এন ডি এৰ (NDA) প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিব জে ডি এছ দলে ৷ কৰ্ণাটকৰ জে ডি এছৰ শীৰ্ষ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন কৰাৰ কথা ঘোষণা কৰে (H D Deve Gowda will support Draupadi Murmu) ৷ জে ডি এছ কংগ্ৰেছৰ পূৰ্বৰ মিত্ৰ দল আছিল (JDS was a former ally of Congress)।

nda-presidential-candidate-murmu-arrives-in-bengaluru-to-seek-support
Presidential election: ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব জে ডি এছ এ

নেশ্যনেল ডেস্ক, 11 জুলাই: ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত এন ডি এৰ (NDA) প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিব জে ডি এছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই (H D Deve Gowda will support Draupadi Murmu) । এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে জে ডি এছৰ শীৰ্ষ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ নিজা বাসভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, কৰ্ণাটকৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাইকে ধৰি বিজেপিৰ অন্যান্য নেতাসকলৰ সৈতে সাক্ষাৎকাৰত মিলিত হৈছিল ৷ সাক্ষাৎ কৰি আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁলোকৰ সমৰ্থন বিচাৰিছিল দ্ৰৌপদী মুৰ্মুৱে । ৰাজনীতিবিদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু বিজেপিৰ নেতা উপস্থিত থকা বৈঠকৰ পিছতে জে ডি এছ দলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মুৰ্মুক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে ।

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেওবাৰে উপস্থিত হৈছিল বেংগালুৰুত ৷ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি নলিন কুমাৰ কতীলৰ (BJP State president Nalin Kumar Kateel) লগতে দলৰ অন্যান্য কৰ্মীসকলে বেংগালুৰু ভ্ৰমণৰ সময়ত ব্যক্তিগত জেটেৰে আদৰি নিছিল মুৰ্মুক ৷

ইয়াৰ পিছতে এখন হোটেললৈ গৈ মুৰ্মুৱে বিজেপিৰ বিধায়ক আৰু সাংসদসকলক সম্বোধন কৰি নিৰ্বাচনত তেওঁলোকৰ সমৰ্থন বিচাৰে । বিগত সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে তেওঁৰ সমৰ্থন বিচাৰে (Draupadi Murmu Meets H D Deve Gowda) ৷ ইফালে এইচ ডি কুমাৰ স্বামীয়ে মুৰ্মুক জে ডি এছ দলে সমৰ্থনৰ কৰাৰ এক ইংগিত প্ৰথমেই দিছিল । উল্লেখ্য যে, জে ডি এছ কংগ্ৰেছৰ পূৰ্বৰ মিত্ৰ দল আছিল (JDS was a former ally of Congress)।

লগতে পঢ়ক: ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব বিএছপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.