অসম

assam

Rajya Sabha polls: এ আই ইউ ডি এফে ৰিপুন বৰাকে ভোট দিব: এ আই ইউ ডি এফ

By

Published : Mar 30, 2022, 10:25 PM IST

এ আই ইউ ডি এফ দলে নৈতিকতাৰ বাবেই ৰিপুন বৰাকেই ভোটদান কৰিব বুলি উল্লেখ কৰি জাৰি কৰিছে থ্ৰী লাইন হুইপ(ASIUDF issue three line whip) । দলটোৱে ধুবুৰীৰ বিধায়ক নজৰুল হকক নিজাববীয়াকৈ পুলিং এজেণ্ট হিচাপে আৰু দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানক সহায়কাৰী হিচাপে নিযুক্তি দিছে । সকলো দলেই নিযুক্তি দিলে নিৰ্বাচনী এজেণ্ট ।

All India United Democratic Front to issue whip
ৰাজ্যসভা নিৰ্বাচন

গুৱাহাটী, ৩০ মাৰ্চ : ৰাজ্যসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা (Rajya Sabha polls) । এই সময়তো বিৰোধী ঐক্যৰ মাজত অব্যাহত আছে সংঘাত । কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই এম আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ ৰিপুন বৰাক ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে প্ৰাৰ্থীত্ব দিয়া হৈছে । সংখ্যাৰ ফালৰ পৰা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকী অনায়াসে জয়ী হ'ব পাৰে যদিও বিৰোধীৰ মাজত ঐক্যৰ অভাৱ ঘটিছে । বিশেষকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফে মুকলিকৈ অভিযোগ, প্ৰতি-অভিযোগ তথা সংবাদমেলৰ জৰিয়তে সংঘাতত লিপ্ত হোৱা বিষয়টোৱে ৰিপুন বৰাৰ পৰাজয়ৰ দিশটোকে দাঙি ধৰিছে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মঙলবাৰে নিশা সংবাদমেলৰ জৰিয়তে এ আই ইউ ডি এফৰ ৫ গৰাকী বিধায়ক বিক্ৰী হোৱা বুলি স্পষ্টকৈ অভিযোগ কৰি কৈছিল যে ৰিপুন বৰাই মুঠ ২৮ টা ভোট লাভ কৰাটো নিশ্চিত । এ আই ইউ ডি এফে কেৱল আগৰৰ ব্যৱসায়ৰ বাবেহে ৰাজনীতিত আছে । আনহাতে ভূপেন বৰাৰ এই অভিযোগৰ পিছতে এ আই ইউ ডি এফে ভূপেন বৰাকেই বিজেপিৰ এক নম্বৰ এজেণ্ট আখ্যা দিছে । দলটোৱে কংগ্ৰেছৰ বিধায়কহে বিক্ৰী হৈছে বুলি অভিযোগ উত্থাপন কৰি এ আই ইউ ডি এফৰ সকলো ভোট ৰিপুন বৰাই লাভ কৰিব বুলি দাবী কৰিছে ।

ৰাজ্যসভা নিৰ্বাচন

দলটোৱে নৈতিকতাৰ বাবেই ৰিপুন বৰাক ভোটদান কৰিব বুলি উল্লেখ কৰি বুধবাৰে থ্ৰী লাইন হুইপ জাৰি কৰিছে ((ASIUDF issue three line whip) । মূলতঃ এ আই ইউ ডি এফে নিজাকৈ এজেণ্ট নিয়োগ কৰাৰ বাবেই বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাত পৰি দুয়োটা দলৰ সংঘাতে চূড়ান্ত ৰূপ লয় । কংগ্ৰেছে প্ৰাৰ্থীগৰাকীৰ পচন্দৰ এজেণ্ট নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও এ আই ইউ ডি এফে নিজাকৈ এজেণ্ট নিয়োগ কৰে । যাকলৈ দুয়োটা দলৰ মাজত সংঘাতৰ সৃষ্টি হয় । এ আই ইউ ডি এফে নিজাকৈ ধুবুৰীৰ বিধায়ক নজৰুল হকক পুলিং এজেণ্ট হিচাপে আৰু দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানক সহায়কাৰী হিচাপে নিযুক্তি দিছে ।

এই বিতৰ্কৰ মাজতে ৰিপুন বৰাই এতিয়াও জয়লাভ কৰাৰ আশা ব্যক্ত কৰিছে আৰু এ আই ইউ ডি এফৰ সকলো ভোট লাভ কৰিব বুলি মন্তব্য কৰিছে । ইফালে বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ ২ খন আসনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথিৱীৰাজ সাথেক এজেণ্ট আৰু সঞ্জু বৰুৱাৰ সহায়কাৰী হিচাপে নিয়োগ কৰিছে । ইফালে বিজেপিয়ে জয়ন্ত মল্ল বৰুৱাক নিৰ্বাচনী এজেণ্ট নিয়োগ কৰাৰ বিপৰীতে সহকাৰী হিচাপে নিয়োগ কৰিছে বলীন চেতিয়াক ।

ইয়াৰ উপৰি ইউ পি পি এলে জয়ন্ত বসুমতাৰী আৰু অগপই কেশৱ মহন্তক এজেণ্ট হিচাপে নিয়োগ কৰিছে । বৃহস্পতিবাৰে ৰাজ্যসভাৰ নিৰ্বাচনকেন্দ্ৰিক জল্পনা-কল্পনাৰ অন্ত পৰিব ।

লগতে পঢ়ক :Rajya Sabha Election: ভূপেন বৰাক মিছলীয়া আখ্যা AIUDF ৰ

ABOUT THE AUTHOR

...view details