অসম

assam

ৰেডিচন ব্লু'ত মেডিকেল নাইট 2019

By

Published : Apr 13, 2019, 12:44 PM IST

জালুকবাৰীৰ ৰেডিচন ব্লু'ত অনুষ্ঠিত হয় এখন ইনডাৰ্চ প্ৰাইডৰ মেজিকেল নাইট 2019 শীৰ্ষক নামৰ অনুষ্ঠান, য'ত অনুষ্ঠিত হয় এখন ফেশ্বন শ্ব'ৰ প্ৰতিযোগিতাও

ৰেডিচন ব্লু'ত মেডিকেল নাইট ২০১৯

গুৱাহাটী, ১৩ এপ্ৰিল : গুৱাহাটীত উপস্থিত বলীউডৰ মোহময়ী অভিনেত্ৰী ছানিয়া মালহোত্ৰা । শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হয় ইনডাৰ্চ প্ৰাইডৰ মেজিকেল নাইট ২০১৯ শীৰ্ষক এখন অনুষ্ঠান । এই অনুষ্ঠানত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'ৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয় । য'ত ভাগ লয় প্ৰায় 30 গৰাকীতকৈ অধিক মডেলে । আনহাতে, এই অনুষ্ঠানত বলীউডৰ মোহময়ী অভিনেত্ৰী ছানিয়া মালহোত্ৰাৰ লগতে বলীউডৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ বৰুণ বাহল, ডিজাইনাৰ পল্লৱী মোহন আৰু অভিনেত্ৰী য়াংকি পৰাশৰ উপস্থিত থাকে ।

ৰেডিচন ব্লু'ত মেডিকেল নাইট ২০১৯

আনহাতে, ছানিয়া মালহোত্ৰাই অসমৰ প্ৰকৃতি মনোমোহা বুলি প্ৰকাশ কৰি পুনৰ গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে । তাৰোপৰি সাংবাদিকৰ আগত বৰ্তমান এখন নতুন ছবিৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত হৈ থকাৰ কথাও জানিবলৈ দিয়ে অভিনেত্ৰীগৰাকীয়ে ।

Intro:মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত ব্লেইনডাৰ্চ প্ৰাইডৰ মেজিকেল নাইট ২০১৯ শীৰ্ষক অনুষ্ঠান। এই অনুষ্ঠানত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব অনুষ্ঠিত হয়। যত বহুকেইগৰাকী জনপ্ৰিয় ডিজাইনাৰে অংশগ্ৰহণ কৰে। প্ৰায় ৩০ গৰাকীকৈ মডেলে ৰেম্পত কেটৱাক কৰে। ইফালে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বলীউডৰ মোহময়ী অভিনেত্ৰী ছানিয়া মনোহত্ৰা, বলীউডৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ বৰুণ বাহল, ডিজাইনাৰ পল্লৱী মোহন আৰু অভিনেত্ৰী য়াংকি পৰাশৰ।


Body:আনহাতে গুৱাহাটীত প্ৰথমবাৰলৈ অহা বলীউডৰ মোহময়ী অভিনেত্ৰী ছানিয়া মনোহত্ৰাই পুণৰ গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। তাৰোপৰি বৰ্তমান এখন নতুন ছবিৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত থকা বুলিও জানিবলৈ দিয়ে অভিনেত্ৰীগৰাকীয়ে।


Conclusion:HIRUL HAQUE I GUWAHATI

ABOUT THE AUTHOR

...view details