অসম

assam

Border Security Force Press Meet : সীমা সুৰক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ সংবাদমেল

By

Published : Dec 1, 2021, 3:08 PM IST

সীমা সুৰক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰ(Border Security Force Guwahati Frontier)ৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত হৈ যায় ৷ ইন্সপেক্টৰ জেনেৰেল সঞ্জয় সিং গেহলট(Inspector General Sanjay Singh Gehlot)য়ে সম্বোধন কৰা সংবাদমেলখনৰ জড়িয়তে বিগত প্ৰায় এটা বছৰত লাভ কৰা সফলতাৰ খতিয়ান দাঙি ধৰে ৷

Border Security Force Guwahat
সীমা সুৰুক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ সংবাদমেল

গুৱাহাটী, 1 ডিচেম্বৰ: সীমা সুৰক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰ(Border security force Guwahati frontier)য়ে 2021 বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈ প্ৰায় এবছৰত অসম আৰু পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত ৭,৮২০ টা চোৰাং গৰু জব্দ কৰিছে (BSF rescued cattle) । লগতে অবৈধ নিচাযুক্ত কফ্ চিৰাপৰ ২৫,৬০০ টা বটল, ২,৯৩৬ কিলোগ্ৰাম গাঞ্জা আৰু ৪৮,৩৯৮ পেকেট অবৈধ নিচাজাতীয় য়াদা টেবলেট জব্দ কৰিছে । জব্দ কৰা সামগ্ৰীসমূহৰ বজাৰ মূল্য প্ৰায় ১০ কোটি ৬৭ লাখ টকা ৷

মঙ্গলবাৰে সন্ধিয়া গুৱাহাটীস্থিত সীমা সুৰক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত সীমা সুৰক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ ইন্সপেক্টৰ জেনেৰেল সঞ্জয় সিং গেহলট(Inspector general Sanjay Singh Gehlot)য়ে এই তথ্য সদৰি কৰে । তেওঁ কয় যে, যোৱা জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈ প্ৰায় এবছৰত অসম আৰু পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্ত (Indo-Bangladesh border)ত ৩,৯৮,০০০ টকাৰ জাল নোট জব্দ কৰা হৈছে ।

লগতে প্ৰায় এবছৰত অসম আৰু পশ্চিমবংগৰ ভাৰত- বাংলাদেশ সীমান্তত ১২৪ গৰাকী ভাৰতীয় চোৰাং ব্যৱসায়ী (Huge number of Indian smuggler) আৰু ১১০ গৰাকী বাংলাদেশী চোৰাং ব্যৱসায়ী সীমা সুৰক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰে গ্ৰেপ্তাৰ কৰিছে । আই জি সঞ্জয় সিং গেহলটে লগতে কয় যে অসম আৰু পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্ত(India Bangladesh border)ত ভৌগলিক পৰিৱেশৰ বহু পাৰ্থক্য আছে । বিশেষকৈ পশ্চিমবংগৰ কোচবিহাৰ আৰু অসমৰ ধুবুৰী, মানকাচাৰ আৰু দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত সীমা সুৰক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে কাম কৰি আছে ।

তাৰ মাজতে Border Guards Bangladeshৰ লগত সীমা সুৰক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰে সু-সম্পৰ্ক ৰক্ষা কৰি সীমান্তৰ সুৰুক্ষা শক্তিশালী কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি আই জি সঞ্জয় সিং গেহলটে প্ৰকাশ কৰে ।

লগতে পঢ়ক:Mob Lynching in Jorhat: পোন্ধৰ দিনৰ ভিতৰত চাৰ্জচিট দাখিল কৰিব আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details