গুৱাহাটী, ৩১ মাৰ্চ : এটা বিত্তীয় বৰ্ষ শেষ হোৱাৰ প্ৰাকমূহুৰ্তত ৰাজ্য চৰকাৰে শীৰ্ষ প্ৰশাসন ব্যৱস্থাত কেতবোৰ সালসলনি ঘটাইছে(State Administration Transfer Order) । প্ৰায় অৰ্ধ শতাধিক শীৰ্ষ আমোলা বিষয়াক ৰদবদল কৰিছে চৰকাৰে । সেই অনুসৰি একেলগে সমবায়, পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া আৰু যুৱ কল্যাণকে ধৰি কেইবাটাও বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা মনিন্দৰ সিঙক সাংস্কৃতিক পৰিক্ৰমাৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।
একেদৰে, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচীৰ পৰা আঁতৰাই অনা হৈছে তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব । ৰেচম, হস্ততাঁত আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত থকা বিজয়েন্দ্ৰক বদলি কৰা হৈছে প্ৰশাসনিক সংস্কাৰ ট্ৰিবিউনেলৰ অধ্যক্ষ পদলৈ । একেলগে কেইবাটাও বিভাগৰ দায়িত্বত থকা আন এগৰাকী অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামালক আছাম ফুড এণ্ড চিভিল চাপ্লাই কৰ্প'ৰেছনৰ পৰিচালন সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে ।
দিল্লীৰ অসম ভৱনৰ অতিৰিক্ত প্ৰধান আৱাসিক আয়ুক্তৰ লগতে কেইবাটাও বিভাগৰ প্ৰধান সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা অবিনাশ পুৰুষোত্তম দাস যোশীক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্তৰ লগতে গৃহ, শক্তিকে ধৰি কেইবাটাও বিভাগৰ প্ৰধান সচিবৰ দায়িত্বত থকা নীৰজ বাৰ্মাক সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । আন এগৰাকী জ্যেষ্ঠ আই এ এছ বিষয়া অৰ্চনা বাৰ্মাৰ হাতত অতিৰিক্তভাৱে ন্যস্ত আছিল ৰেভিনিউ ব'ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব । সেই দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছে ।
লগতে পঢ়ক :NRC পুনৰীক্ষণৰ দাবীৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আসাম পাব্লিকছ ৱৰ্কছ
আৱকাৰী, ভূমি সংস্কাৰকে আদি কৰি একাধিক বিভাগৰ প্ৰধান সচিবৰ দায়িত্বত থকা ৰাজেশ প্ৰসাদক আঁতৰ কৰা হৈছে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়নৰ দায়িত্বৰ পৰা । শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীক শ্ৰম, দক্ষতা আৰু নিয়োগ বিভাগৰ প্ৰধান সচিব পদলৈ বদলি কৰা হৈছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড৹ জে বি এক্কাৰ হাতত ন্যস্ত আছিল শ্ৰম বিভাগৰ দায়িত্ব । তেওঁক সেই দায়িত্বৰ পৰা আঁতৰোৱা হৈছে । অনুৰাগ গোৱেলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । তেওঁক দিয়া হৈছে তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব ।
সীমান্ত উন্নয়ন, বন আদিকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থকা জি ডি ত্ৰিপাঠীক বদলি কৰা হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব পদলৈ । শান্তনু পি গোটমাৰেৰ হাতত অতিৰিক্তভাৱে ন্যস্ত আছিল সংসদীয় পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বও । সেই দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছে । গৃহ বিভাগৰ লগতে সাধাৰণ প্ৰশাসন বিভাগৰো আয়ুক্ত সচিব আছিল এম এছ মণিভন্নন । তেওঁক গৃহ বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।
বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰক অতিৰিক্তভাৱে অৰ্পণ কৰা হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণৰ লগতে তথ্য প্ৰযুক্তিৰ দায়িত্ব । ক্ৰীড়া আৰু যুৱ কল্যাণৰ দায়িত্বত থকা আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙক সেই দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । কেইবাটাও বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বত থকা কবিতা পদ্মনাভনক জলসিঞ্চনৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । সংখ্যালঘু বিভাগৰ সচিবৰ দায়িত্বত থকা আতিকা চুলতানাৰ হাতৰ পৰা আঁতৰোৱা হৈছে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ দায়িত্ব ।
লগতে পঢ়ক :Amazon আৰু Flipkart ত উপলব্ধ হ’ল অসমীয়াৰ স্বাভিমান গামোছা
শিক্ষা বিভাগৰ সচিব দীপক মজুমদাৰৰ হাতত অতিৰিক্তভাৱে দিয়া হৈছে ৰাজ্য ভাষা প্ৰয়োগ বিভাগৰ দায়িত্ব । বিত্ত বিভাগৰ সচিব লয়া মাডুৰীক অতিৰিক্তভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰো দায়িত্ব অৰ্পণ কৰা হৈছে । পশুপালন বিভাগৰ সচিবৰ দায়িত্বত থকা অভিজিৎ বৰুৱাৰ হাতৰ পৰা ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব আঁতৰোৱা হৈছে । বজালীৰ উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীক মাধ্যমিক শিক্ষা বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে । এন এইছ এমৰ ৰাজ্যিক মিছন ডাইৰেক্টৰ ড৹ লক্ষ্মনন এছক উদ্যোগ বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে ।