অসম

assam

FIR against Kangana Ranaut : এইবাৰ বিৰোধী দলপতিৰ এজাহাৰ

By

Published : Nov 19, 2021, 4:36 PM IST

Updated : Nov 19, 2021, 7:36 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা বৄহস্পতিবাৰে দিছপুৰ থানাত বলিউডৰ এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ ৷ ইয়াৰ পিছতে শুকুৰবাৰে পুণৰ কংগনা ৰানাৱটৰ বিৰুদ্ধে দিছপুৰ থানাত আন এখন এজাহাৰ দাখিল কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । সবিশেষ জানো আহক ৷

leader-of-the-opposition-debabrata-saikia-files-fir-against-kangana-ranaut-in-dispur-police-station
প্ৰদেশ কংগ্ৰেছৰ টাৰ্গেটত Kangana Ranaut : এইবাৰ বিৰোধী দলপতিৰ এজাহাৰ

গুৱাহাটী, ১৯ নৱেম্বৰ :শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰানাৱটে( Kangana Ranaut ) বাৰুকৈয়ে মুৰৰ কামোৰণি তুলিছে কংগ্ৰেছ দলৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা বৄহস্পতিবাৰে দিছপুৰ থানাত বলিউড(Bollywood)ৰ এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ ৷ ইয়াৰ চৌব্বিশ ঘন্টা পাৰ হ'ল কি নহ'ল, শুকুৰবাৰে পুণৰ কংগনা ৰানাৱটৰ বিৰুদ্ধে দিছপুৰ থানাত আন এখন এজাহাৰ দাখিল কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

বিৰোধী দলপতিৰ এজাহাৰ

এই এজাহাৰখনত বিৰোধী দলপতি গৰাকীয়ে এই বুলি উল্লেখ কৰে যে, এইগৰাকী অভিনেত্ৰীয়ে সমগ্ৰ দেশৰ স্বাধীনতা সংগ্ৰামী সকলক অপমান কৰিছে । দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰো অৱদান আছিল । বলিউডৰ অভিনেত্ৰী গৰাকীয়ে গোমধৰ কোৱৰ, কনকলতা, কুশল কোৱৰকে ধৰি অসমৰ বীৰ শ্বহীদ সকলকো অপমানিত কৰিছে ।

শইকীয়াই অভিযোগ আনে যে, আনহে নালাগে অভিনেত্ৰী কংগনাই অপমানিত কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীকো । সেয়েহে ভাৰতীয় দণ্ডবিধি ১৫৩, ১৫৩ (ক), ২২৪ (এ) আৰু ৫০৪ ৰ অধীনত কংগনা ৰানাৱটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি এজাহাৰ খনত উল্লেখ কৰে বিৰোধী দলপতি গৰাকীয়ে ।

লগতে পঢ়ক :Repeal of farm laws : দেশৰ অন্নদাতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ

Last Updated :Nov 19, 2021, 7:36 PM IST

ABOUT THE AUTHOR

...view details