অসম

assam

অৰ্জুনৰ দৰে মোৰো এতিয়া এটাই লক্ষ্য, বিজেপিক উৎখাত কৰা: গৌৰৱ গগৈ

By

Published : Aug 30, 2021, 8:53 PM IST

gaurav gogoi
গৌৰৱ গগৈ

বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই আশা সকলো কাম-কাজ বাদ দি বিধায়ক কিনা অভিযানতহে নামি পৰিছে । সোমবাৰে কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত ভাগ লোৱাৰ অন্তত সাংবাদিকৰ আগত এই মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

গুৱাহাটী, ৩০ আগষ্ট : "অৰ্জুনৰ দৰে মোৰ এতিয়া এটাই লক্ষ্য, বিজেপিক উৎখাত কৰা ।" এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ । সোমবাৰে কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত ভাগ লোৱাৰ অন্তত সাংবাদিকৰ আগত এই মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ তেওঁ লগতে কয় যে, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই আশা সকলো কাম-কাজ বাদ দি বিধায়ক কিনা অভিযানতহে নামি পৰিছে ।

আনহাতে, বিগত বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ আৰু ৰিপুণ বৰাৰ বাধাৰ বাবেই কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা নহ'ল বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয় যে, এয়া সঁচা নে মিছা সেয়া পুৰণি তথ্য বিচাৰিলেই পোৱা যাব ।

অৰ্জুনৰ দৰে মোৰো এতিয়া এটাই লক্ষ্য

লগতে পঢ়ক :আছাম ৰাইফলছৰ পোচাক, গাড়ী নকল কৰি আৰক্ষীৰ জালত বৃহৎ চক্ৰ

গৌৰৱ গগৈয়ে কয়, "ময়েই প্ৰথমজন মানুহ আছিলো, যিয়ে দলৰ অনুমতি নোলোৱাকৈও আহ্বান জনাইছিলো যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ যদি এক হয় তেন্তে কোনেও ৰখাব নোৱাৰে । আমি তিনিওজনে একেলগে চাইকেল চলোৱাৰ প্ৰস্তাৱ ময়েই দিছিলো ।"

আনহাতে, সম্প্ৰতি দিল্লীত বাহৰ পাতি থকা অখিল গগৈয়ে সোমবাৰে মন্তব্য কৰে যে বিভিন্ন আঞ্চলিক দলক একত্ৰিত কৰি বিজেপিক পৰাভূত কৰিবলৈ শীঘ্ৰে ফ্ৰন্টিয়াৰ ফ্ৰন্ট নামৰ এক নতুন ৰাজনৈতিক মঞ্চ গঠন কৰা হ’ব ।

ইপিনে, এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ পৰিৱৰ্তে কংগ্ৰেছ অকলেই আগবাঢ়িব লাগে বুলি ইতিমধ্যে গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে পূৰ্ণ সহাৰি আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :শৃংখল চলিহাক লগত লৈ দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ননী দেৱীৰ

ABOUT THE AUTHOR

...view details