অসম

assam

জীৱিত অৱস্থাতে অনাতাঁৰ শিল্পীক মৃত ঘোষণা মুখ্যমন্ত্ৰীৰ

By

Published : Mar 11, 2022, 8:29 PM IST

জীৱন্ত শিল্পীক মৃত সজালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জীৱিত অৱস্থাতে লোক সংগীতৰ নিৰৱ সাধক তথা বিশিষ্ট অনাতাঁৰ শিল্পী ৰেণু শইকীয়াক মৃত বুলি ঘোষণা কৰি শোকপত্ৰ প্ৰেৰণ কৰে (chief minister office sent condolence message to artist alive) ৷

chief minister office sent condolence message to artist alive
chief minister office sent condolence message to artist alive

গুৱাহাটী, 11 মাৰ্চ : ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ অবিবেচকী কাণ্ড (blunder by Assam cm office) ৷ জীৱিত অৱস্থাতে এগৰাকী সংগীতৰ নিৰৱ সাধক তথা বিশিষ্ট অনাতাঁৰ শিল্পীক মৃত ঘোষণা কৰিলে চৰকাৰে ৷ এই দায়িত্বজ্ঞানহীন কাৰ্যই সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জীৱিত অৱস্থাতে লোক সংগীতৰ নিৰৱ সাধক তথা বিশিষ্ট অনাতাঁৰ শিল্পী ৰেণু শইকীয়াক মৃত বুলি উল্লেখ কৰি শোকপত্ৰ প্ৰেৰণ কৰে (condolence message to artist alive )৷

জীৱিত অৱস্থাতে অনাতাঁৰ শিল্পীক মৃত ঘোষণা মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বিশিষ্ট অনাতাঁৰ শিল্পী ৰেণু শইকীয়াৰ বাসগৃহলৈ শিল্পী গৰাকীৰ মৃত্যুৰ প্ৰতি শোক প্ৰকাশ কৰি শোকপত্ৰ প্ৰেৰণ কৰা হৈছিল । এই শোক পত্ৰখন স্বয়ং শিল্পী ৰেণু শইকীয়াই গ্ৰহণ কৰি আচৰিত হৈ পৰিছিল । ৰেণু শইকীয়ালৈ প্ৰেৰণ কৰা মুখ্যমন্ত্ৰীৰ পেডত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ থকা শোকপত্ৰখনে এতিয়া ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে

জীৱিত অৱস্থাতে অনাতাঁৰ শিল্পীক মৃত ঘোষণা মুখ্যমন্ত্ৰীৰ

এই ক্ষেত্ৰত এই দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ চি এম চেলৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :ৰাজ্যৰ বিশিষ্ট বামপন্থী মহিলা নেত্ৰী মাধুৰী দেৱীৰ মৃত্যু

ABOUT THE AUTHOR

...view details