ETV Bharat / state

ৰাজ্যৰ বিশিষ্ট বামপন্থী মহিলা নেত্ৰী মাধুৰী দেৱীৰ মৃত্যু

author img

By

Published : Mar 11, 2022, 1:39 PM IST

অসমৰ মহিলা আন্দোলনৰ বিশিষ্ট নেত্ৰী, CPI(M)ৰ ৰাজ্যিক কমিটিৰ প্ৰাক্তন সদস্যা মাধুৰী দেৱীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে(Leftist female leader Madhuri devi is no more) ৷ 5 মাৰ্চত হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল মাধুৰী দেৱীৰ ৷

Leftist female leader Madhuri devi is no more
ৰাজ্যৰ বিশিষ্ট বাওঁপন্থী মহিলা নেত্ৰী মাধুৰী দেৱীৰ মৃত্যু

গুৱাহাটী,১১ মাৰ্চ: অসমৰ মহিলা আন্দোলনৰ বিশিষ্ট নেত্ৰী, চি পি আই (এম)ৰ ৰাজ্যিক কমিটিৰ প্ৰাক্তন সদস্যা মাধুৰী দেৱীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ ৫ মাৰ্চত হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল তেওঁৰ (Leftist female leader Madhuri devi is no more) ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ ৷

ছাত্ৰাৱস্থাতে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আকৃষ্ট হোৱা মাধুৰী দেৱীয়ে পৰৱৰ্তী সময়ত অসমত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি গঢ়ি তোলাৰ কামত নিজকে নিয়োজিত কৰিছিল । সংগঠনটোৰ জন্মলগ্নৰে পৰা জড়িত হৈ থাকি তেখেতে ৰাজ্যখনত মহিলাসকলক সংগঠিত কৰাত সম্পূৰ্ণ আত্মনিয়োগ কৰে ৷

তেখেতে ২০০৩ চনৰ পৰা ২০১০ চনলৈ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সভানেত্ৰী হিচাপে আৰু ২০১০-১৬ চনলৈ সংগঠনটোৰ ৰাজ্যিক সম্পাদিকা হিচাপে অসমৰ গণতান্ত্ৰিক মহিলা আন্দোলনৰ নেতৃত্ব প্ৰদান কৰে ৷ তদুপৰি তেখেতে অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰো ৰাজ্যিক সভানেত্ৰী হিচাপে ৰাজ্যখনৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷

ৰাজ্যখনত অন্ধবিশ্বাস, কু-সংস্কাৰ বিৰোধী আন্দোলন বিকশিত কৰাৰ দিশতো তেখেতে উল্লেখযোগ্য বৰঙণি আগবঢ়ায় ৷ তেখেতৰ শেষ ইচ্ছা অনুসৰি তেখেতৰ চকুজুৰি শংকৰদেৱ নেত্ৰালয়ত দান কৰা হয় ৷ তদুপৰি ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ মৰণোত্তৰ দেহদান কৰা হ’ব ৷

বিশিষ্ট মহিলা নেত্ৰী মাধুৰী দেৱী CPI(M) দলৰো এগৰাকী আগশাৰীৰ নেত্ৰী আছিল ৷ ১৯৮৫ চনত তেখেতে CPI(M)ৰ সদস্যপদ লাভ কৰে ৷ মাক্সৰ্বাদ-লেনিনবাদৰ আদৰ্শৰ দ্বাৰা আকৰ্ষিত হৈ মাধুৰী দেৱীয়ে জনসাধাৰণক আৰু বিশেষকৈ দুৰ্গত মহিলাসকলক সংগঠিত কৰাৰ বাবে সক্ৰিয়ভাৱে কাম-কাজ কৰে ৷ ২০০৮ চনত তেখেতে দলটোৰ ৰাজ্যিক কমিটিলৈ নিৰ্বাচিত হয় ৷

স্বাস্থ্যজনিত কাৰণত তেখেতে যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ, শিলচৰত অনুষ্ঠিত হোৱা ৰাজ্যিক সন্মিলনত ৰাজ্যিক কমিটিৰ পৰা অব্যাহতি লয় ৷ তেখেত আছিল CPI(M)ৰ জ্যেষ্ঠ নেতা উদ্ধৱ বৰ্মনৰ পত্নী ৷ তেখেতৰ পাৰ্থিৱ শৰীৰ ১১ মাৰ্চৰ পুৱা হেদায়েৎপুৰস্থিত CPI(M)ৰ ৰাজ্যিক কাৰ্যালয়লৈ অনা হ’ব আৰু দলৰ সদস্য-সমৰ্থক আৰু গুণমুগ্ধসকলে তাত শেষশ্ৰদ্ধা জ্ঞাপন কৰিব ৷

ইয়াৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষৰ ওচৰত তেখেতৰ মৰণোত্তৰ দেহ অৰ্পণ কৰা হ’ব ৷ এইগৰাকী বিশিষ্ট মহিলা নেত্ৰীৰ মৃত্যু অসমৰ গণতান্ত্ৰিক মহিলা আন্দোলন আৰু CPI(M)ৰ বাবে এক অপূৰণীয় ক্ষতি ৷ CPI(M)ৰ অসম ৰাজ্যিক কমিটিয়ে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷ দলে উদ্ধৱ বৰ্মন আৰু পৰিয়ালৰ অন্যান্য সদস্যসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক: Kokrajhar Encounter : আৰক্ষীৰ গুলীত আহত বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.