অসম

assam

Pradip Dutta Roy controversy : প্ৰদীপ দত্ত ৰয় আৰু শৃংখল চলিহাক মুখ্যমন্ত্রীয়ে 'প্ৰজেক্ট' কৰিছে !

By

Published : Nov 28, 2021, 9:38 PM IST

বৰাকৰ শেহতীয়া ঘটনা প্ৰবাহক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ অধ্যক্ষ অভিজিত মজুমদাৰৰ(Congress leader abhijit mazumder on barak incident) । শৃংখল চলিহাই বাঙালী সম্প্ৰদায়ক ইমান দাবী-ধমক দিয়াৰ পাছতো গ্ৰেপ্তাৰ নকৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মজুমদাৰে ৷ প্ৰদীপ দত্ত ৰয়ক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতহে গ্ৰেপ্তাৰ কৰাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

assam pradesh congress leader abhijit mazumder
প্ৰদীপ দত্ত ৰয় আৰু শৃংখল চলিহাক মুখ্যমন্ত্রীয়ে 'প্ৰজেক্ট' কৰিছে

গুৱাহাটী, ২৮ নৱেম্বৰ : প্ৰদীপ দত্ত ৰয় আৰু শৃংখল চলিহাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে 'প্ৰজেক্ট' কৰিছে । মূল বিষয়সমূহ অন্য দিশে নিয়াৰ বাবে প্ৰদীপ দত্ত ৰয় আৰু শৃংখল চলিহাক মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰিছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ অধ্যক্ষ অভিজিত মজুমদাৰ(Linguistic minority committee of assam pradesh congress president)ৰ । গুৱাহাটীস্থিত ৰাজীৱ ভৱনত দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছী নেতাগৰাকীয়ে বৰাকৰ শেহতীয়া ঘটনা প্ৰবাহ(Congress leader abhijit mazumder on barak incident)ক লৈ এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ অধ্যক্ষ অভিজিত মজুমদাৰ

অভিজিৎ মজুমদাৰে সংবাদমেলত কয় যে, প্ৰদীপ দত্ত ৰয়ে অসমীয়া ভাষাক বাৰম্বাৰ অপমান কৰাৰ সাহস ক'ত পালে । অসমৰ বাঙালী সম্প্ৰদায়ে প্ৰদীপ দত্ত ৰয়ক ঠিকা দিয়া নাই যে তেওঁ সম্প্ৰদায়টোৰ হৈ কথা ক'ব । প্ৰদীপ দত্ত ৰয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ (Pradip Dutta Roy arrested) কৰাটো ভাল হৈছে বুলি উল্লেখ কৰি তেওঁ শৃংখল চলিহাক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে । শৃংখল চলিহাই বঙালী সম্প্ৰদায়ক ইমান দাবী-ধমক দিয়াৰ পাছতো তেওঁক গ্ৰেপ্তাৰ নকৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মজুমদাৰে কয় যে, প্ৰদীপ দত্ত ৰয় আৰু শৃংখল চলিহাই অসমীয়া-বাঙালীৰ মাজৰ ভাতৃত্ববোধত আঘাত হানিব বিচাৰিছে ।

তেওঁ লগতে কয় যে, বাঙালী সম্প্ৰদায়ৰ লোকে প্ৰদীপ দত্ত ৰয়ক কেতিয়াও সমৰ্থন নকৰে । আইন সকলোৰে বাবে সমান বুলি উল্লেখ কৰি প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ অপেক্ষা কৰি থকাত আশ্চৰ্য প্ৰকাশ কৰে । মজুমদাৰে ক্ষোভ প্ৰকাশ কৰি কয় যে, আৰক্ষীয়ে নিজৰ কাম কিয় সময়মতে নকৰিলে । কিয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত গ্ৰেপ্তাৰ কৰিলে । আৰক্ষীৰ নিজা কোনো ক্ষমতা নাই নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ অধ্যক্ষগৰাকীয়ে বিধায়ক অখিল গগৈকো কঠোৰ সমালোচনা কৰে ৷ তেওঁ দিনত ডাঙৰ-ডাঙৰ কথা কোৱা অখিল গগৈয়ে নিশা গোপনে মুখ্যমন্ত্ৰীৰ লগত বৈঠকত মিলিত হয় বুলি কটু ভাষাৰে উল্লেখ কৰি ইয়াক চতুৰ ৰাজনীতি বুলি আখ্যা দিয়ে ।

লগতে পঢ়ক :প্ৰদীপ দত্ত ৰয়ে আইছিছৰ সহায়ত কাম কৰি আছে : শিলাদিত্য দেৱ

ABOUT THE AUTHOR

...view details