অসম

assam

Lumding reserve forest encroachment : দালালৰে মিতিৰালি বন বিভাগৰ

By

Published : Nov 26, 2021, 8:31 AM IST

Assam government carries out eviction drive against illegal settlers in Lumding reserve forest

লামডিঙ সংৰক্ষিত বনাঞ্চলত চলা বেদখল (Lumding reserve forest encroachment) সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু নতুন তথ্য ৷ বেদখলকাৰীক সংস্থাপিত কৰাৰ নামত দালালৰ সৈতে জড়িত বন বিভাগৰ বিষয়া ৷ ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ জালত পৰিল এইবাৰ বন বিভাগৰ লোক ৷

হোজাই, 26 নৱেম্বৰ :লামডিং সংৰক্ষিত বনাঞ্চলত চলা বেদখল (Lumding reserve forest encroachment) সন্দৰ্ভত প্ৰায় প্ৰতিদিনে উদ্ঘাটন হৈছে নতুন তথ্য ৷ ভূ-মাফিয়া নজৰিলক গ্ৰেপ্তাৰ কৰাৰ পিছতে এইবাৰ লামডিং সংৰক্ষিত বনাঞ্চল (Lumding reserve forest)তবেদখলকাৰীক সংস্থাপিন দিয়াৰ নামত দালালৰ সৈতে বন বিভাগৰ বিষয়াও জড়িত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে ৷ লামডিং আৰক্ষীয়ে (Lumding Police) বুধবাৰে বনাঞ্চলখনত ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই দুজন বন বিভাগৰ লোকক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা বিষয়া দুজন লামচাখং খণ্ড বিষয়া মনোজ শৰ্মা আৰু নখুটিৰ বনকৰ্মী তৈবুৰ ৰহমানক বুলি জানিব পৰা হৈছে ৷

দালালৰ সৈতে মিতিৰালি বন বিভাগৰ

উল্লেখ্য যে, ভূ মাফিয়াৰ মাষ্টাৰ মাইণ্ড নজৰুলক (Land Mafia Nazrul) লামডিং আৰক্ষীয়ে আটক কৰাৰ পাছতে আৰক্ষীয়ে নজৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিত আঠজনকৈ মাটিৰ দালালক আটক কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাছতেই ঘটনাই লয় নতুন মোৰ ৷ মাটি দালালৰ লগত বুজাবুজি কৰি ধন বিনিময়ত বন বিভাগৰ একাংশ লোকে বেদখলকাৰীক সংস্থাপন দিয়াৰ কথা পোহৰলৈ আহে ৷ আৰক্ষী হাতত থকা মাটি দালালৰ তালিকাত সন্নিবিষ্ট হয় বহুকেইজন বন বিষয়াকে ধৰি বনকৰ্মীৰ নাম ৷

লামডিঙ আৰক্ষীয়ে (Lumding Police) মঙলবাৰে নিশা লামচাখং খণ্ড বিষয়া মনোজ শৰ্মা আৰু নখুটিৰ বনকৰ্মী তৈবুৰ ৰহমানক আটক কৰে ৷ ইয়াৰ দুদিনৰ পূৰ্ৱে নখুটিৰ খণ্ড বিষয়া হবিবুৰ ৰহমান আৰু বনকৰ্মী আব্দুল কালামক আটক কৰিছিল ৷ লামডিং আৰক্ষীয়ে মনোজ শৰ্মা আৰু তৈবুৰ ৰহমানক হোজাই শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰি দুদিনৰ বাবে নিজ জিন্মাত লয় ৷

লামডিং আৰক্ষীয়ে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই চাৰিজন বনকৰ্মীসহ মুঠ ১২ জন মাটি দালালক আটক কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে লামডিং আৰক্ষীৰ হাতত চাৰিজনকৈ বন বিভাগ বিষয়া আটক হোৱাৰ পাছত আৰক্ষী তদন্তৰ আওতালৈ বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ নামো সাঙুৰ খাই পৰিব নেকি, তাকে লৈ এতিয়া সৰৱ চৰ্চা চলিছে ?

লগতে পঢ়ক :Encroachment of Reserved forest : হোজাইত বন বিষয়া, বন কৰ্মী আটক

ABOUT THE AUTHOR

...view details