অসম

assam

Border dispute : চৰকাৰে গ্ৰহণ কৰা এই নীতিক লৈ সৰৱ অখিল

By

Published : Nov 25, 2021, 10:27 PM IST

অসমৰ জনতাৰ মতামত নোলোৱাকৈ সীমা সমস্যা সমাধান(assam and its neighbouring states border issue ) কৰাৰ ক্ষেত্ৰত সংবিধান বিৰোধী আৰু অসম বিৰোধী সিদ্ধান্ত নল’বৰ বাবে চৰকাৰক সকিয়নী অখিল গগৈৰ । অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয় নাকচ কৰা সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা অখিল গগৈৰ ৷

Akhil Gogoi reaction
শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ

গুৱাহাটী, ২৫ নৱেম্বৰ :চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যা(assam and its neighbouring states border issue Dispute) সমাধান কৰাৰ বাবে বিজেপি চৰকাৰখনে গ্ৰহণ কৰা নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে এক সংবাদমেল(Akhil gogoi press meet) সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে চৰুক সুধি চাউল দিয়াৰ নিচিনা ৰাজ্য চৰকাৰে অসমৰ সাংবিধানিক সীমাৰ ক্ষেত্ৰত আপোচ কৰি চুবুৰীয়া ৰাজ্যবোৰক অসমৰ মাটি এৰি দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ

সংবাদমেলত গগৈয়ে কয় যে, অসমৰ ৰাইজক অন্ধকাৰত ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ কেইবাজনো সদস্যই চুবুৰীয়া ৰাজ্যৰ সীমান্ত(Inter state Border Disputes in Northeast India) পৰিদৰ্শন কৰি আছে । সীমান্ত অঞ্চলৰ মানুহৰ মতামতৰ ভিত্তিত চৰকাৰে আন্তঃৰাজ্যিক সীমান্ত ঠিক কৰিব তথা চাৰিসীমা নিৰ্ধাৰণ কৰিব বুলি আমি জানিব পাৰিছো । কিন্তু আমি আচৰিত হৈছো যে, নাগালেণ্ড, মিজোৰাম, মেঘালয়,অৰুণাচল লগত অসমৰ সীমা বিবাদ(assam border issue ) বহুদিনীয়া । কিন্তু চুবুৰীয়া ৰাজ্যকেইখনে অসমৰ কেইবাহাজাৰ বিঘা হেক্টৰ মাটি বেদখল কৰাৰ পিছতো অসমৰ মানুহৰ মতামত নোলোৱাকৈ কেৱল সীমান্তৰ মানুহৰ লগত কথা পাতি কেইজনমান মন্ত্ৰীয়ে সীমা নিৰ্ধাৰণ কৰাটো অসমৰ বাবে এক অশনি সংকেত বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

অখিল গগৈয়ে লগতে চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে দাঙি ধৰা তথ্য সদৰী কৰি কয় যে, এই পৰ্যন্ত অসমৰ প্ৰায় ৭০ হেজাৰ হেক্টৰ মাটি চুবুৰীয়া ৰাজ্যৰ দখলত আছে । তাৰ ভিতৰত নাগালেণ্ডৰ দখলত আছে প্ৰায় 55,396.1296 হেক্টৰ মাটি, মিজোৰামৰ দখলত 1,577.56 হেক্টৰ মাটি, অৰুণাচলৰ দখলত আছে 8395.2545 হেক্টৰ মাটি আৰু মেঘালয়ৰ দখলত আছে 3441.8601 হেক্টৰ মাটি । তেনেস্থলত চৰকাৰে এতিয়ালৈ কোনো শুনানি আৰু ৰাইজৰ মতামত নোলোৱাকৈ অসমৰ ভূমিৰ ক্ষেত্ৰত এনেকৈ সিদ্ধান্ত লোৱাতো অসমৰ ইতিহাসত যিমান আপোচ হৈছে এইয়া তাৰ অন্যতম বুলি ব্যক্ত কৰে । গগৈয়ে অসমৰ জনতাৰ মতামত নোলোৱাকৈ সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সংবিধান বিৰোধী আৰু অসম বিৰোধী সিদ্ধান্ত নল’বৰ বাবে চৰকাৰক সকিয়নী প্ৰদান কৰে ।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয় নাকচকৰা সন্দৰ্ভত অখিলৰ প্ৰতিক্ৰিয়া:

ইফালে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয় নাকচ কৰা সন্দৰ্ভত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে ৷ তেওঁ কেবিনেটৰ এই সিদ্ধান্তক বহিৰাগতক অসমত বৰপীৰা পাৰি দিয়াৰ এক সিদ্ধান্ত বুলি মন্তব্য কৰি অসমীয়া জাতিৰ বাবে এয়া এক দুৰ্ভাগ্যজনক কথা বুলি উল্লেখ কৰে । তেওঁ কয় যে, আমি কেতিয়াও অসমীয়া বিষয়টো উঠাই দিয়াটো নিবিচাৰো । বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা অসমত মাটি, চাকৰি বহিৰাগতক মুকলি কৰি দিয়া হৈছে । ট্ৰাইবেল ব্ল’কো বহিৰাগতৰ বাবে মুকলি কৰি দিয়া হৈছে ।

তেওঁ লগতে হিন্দী ভাষী, আৰ এছ এছ আৰু দক্ষিণ ভাৰতৰ লোকক চাকৰি দিয়াৰ বাবে চৰকাৰে এনে ধৰণৰ চক্ৰান্ত কৰাৰ অভিযোগ তুলি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে এই নীতি কেবিনেটত বাতিল কৰিবলৈ দাবী জনায় । তেওঁ এই ক্ষেত্ৰত অসমৰ সৰ্বস্তৰৰ ৰাইজ, বুদ্ধিজীৱী তথা ছাত্ৰ-ছাত্ৰীক ইয়াৰ বিৰোধিতা কৰিবলৈও আহ্বান জনায় ।

তৃণমূল কংগ্ৰেছৰে মিত্ৰতা :

ইফালে ৰাইজৰ দল তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে তৃণমূল কংগ্ৰেছৰ লগত যোগাযোগ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, মই তৃণমূল কংগ্ৰেছৰ লগত যোগাযোগ কৰা নাই (Akhil Gogoi on TMC)। তৃণমূল কংগ্ৰেছেহে মোৰ লগত যোগাযোগ কৰিছে । আমি অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰো । তেওঁ লগতে কয় যে, আঞ্চলিক দলৰ যি চৰিত্ৰ সেই চৰিত্ৰ অক্ষুন্ন ৰখাৰ বাবে আমি আপোচ কৰিব নোৱাৰে । অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যদি কোনোবাই আঁতৰাব পাৰে সেইয়া তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতাই পাৰিব । বি জে পিক আঁতৰাবলৈ হ’লে সকলো আঞ্চলিক শক্তি একত্ৰিত হ’ব লাগিব বুলি উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক :Akhil met CM : কইনাধৰাত এঘন্টা কি কথা পাতিলে অখিল গগৈ-হিমন্ত বিশ্ব শৰ্মাই ?

ABOUT THE AUTHOR

...view details