অসম

assam

প্লাষ্টিক বন্ধ কৰাৰ চৰকাৰী আহ্বানক মৰাণৰ ব্যৱসায়ীৰ আদৰণি

By

Published : Jun 30, 2022, 10:35 PM IST

আগন্তুক ১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক (India bans single use plastic items from 1st July) । চৰকাৰৰ এই পদক্ষেপক দেশজুৰি কিছু লোকে বিৰোধিতা কৰিলেও কিছু সংখ্যকে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে । যদিও চৰকাৰৰ প্লাষ্টিক বৰ্জনৰ আহ্বানক মৰাণৰ ব্যৱসায়ী সকলে আদৰণি জনাইছে (Businessmen of Moran support to plastic band) ৷

businessmen-of-moran-support-to-plastic-band
প্লাষ্টিক বন্ধ কৰাৰ চৰকাৰী আহ্বানক মৰাণৰ ব্যৱসায়ীৰ আদৰণি

মৰাণ, 30 জুন: আগন্তুক ১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক (India bans single use plastic items from 1st July) । ইতিমধ্যে দেশৰ লগতে অসমতো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাৰি কৰিছে বিশেষ নিৰ্দেশনা ৷ চৰকাৰৰ এই পদক্ষেপক দেশজুৰি কিছু লোকে বিৰোধিতা কৰিলেও কিছু সংখ্যকে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে । যদিও চৰকাৰৰ প্লাষ্টিক বৰ্জনৰ আহ্বানক মৰাণৰ ব্যৱসায়ী সকলে আদৰণি জনাইছে (Businessmen of Moran support to plastic band) ৷

প্লাষ্টিক বন্ধ কৰাৰ চৰকাৰী আহ্বানক মৰাণৰ ব্যৱসায়ীৰ আদৰণি

পিছে এই ঘোষণা সন্দৰ্ভত মৰাণৰ ব্যৱসায়ীসকলে আজিলৈকে কোনো চৰকাৰী জাননী লাভ কৰা নাই বুলি জানিব দিয়ে ৷ পৃথিৱী আৰু পৰিবেশ বচাই ৰাখিবলৈ এই পদক্ষেপ জৰুৰী কিন্তু ব্যৱসায়ী আৰু গ্ৰাহকৰ বাবে অপৰিহাৰ্য্য হৈ পৰা প্লাষ্টিকৰ সামগ্ৰী বন্ধ কৰাৰ পূৰ্বে চৰকাৰে কম মূল্যত প্লাষ্টিকৰ বিকল্প ব্যৱস্থা গ্ৰহণ নকৰিলে জনসাধাৰণ অসুবিধাৰ সন্মুখীন হ'ব বুলিও মন্তব্য কৰে মৰাণৰ ব্যৱসায়ীসকলে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহুবাৰ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত সফল হ'ব পৰা নাছিল । কিয়নো প্লাষ্টিকৰ বিকল্প ব্যৱস্থা কৰাত ব্যৰ্থ হৈছিল চৰকাৰ প্ৰশাসন । ইফালে, অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে (Pollution Control Board Assam) জনোৱা অনুসৰি প্লাষ্টিক উৎপাদক, বিতৰকৰ সৈতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনা অমান্য কৰিলে ৭ বছৰৰ কাৰাবাসৰ লগতে ভৰিব লাগিব ১ লাখ টকাৰ জৰিমনা ।

লগতে পঢ়ক:১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

ABOUT THE AUTHOR

...view details