ETV Bharat / city

১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

author img

By

Published : Jun 30, 2022, 9:55 PM IST

১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ( Plastic to be banned in the country from July 1) ৷ প্লাষ্টিক উৎপাদক, বিতৰকৰ সৈতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (Pollution Control Board Assam ) নিৰ্দেশনা অমান্য কৰিলে ৭ বছৰৰ কাৰাবাসৰ লগতে ভৰিব লাগিব ১ লাখ টকাৰ জৰিমনা ।

Plastic to be banned in the country from July 1
১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক

গুৱাহাটী,৩০ জুলাই: সাৱধান ! প্লাষ্টিকজাতীয় সামগ্ৰী ব্যৱহাৰ কৰিলে আপুনি ভৰিব লাগিব জৰিমনা । এইবাৰ এইক্ষেত্ৰত অধিক কঠোৰ হ’ব কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয় ৷ আগন্তুক ১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক (Plastic to be banned in the country from July 1) । ইতিমধ্যে দেশৰ লগতে অসমতো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাৰি কৰিছে বিশেষ নিৰ্দেশনা ৷

ইতিমধ্যে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদে ৰাজ্যখনত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে । দোকানী, প্লাষ্টিক সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী আদিলৈ এই সন্দৰ্ভত জাননী জাৰি কৰা হৈছে । প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা (সংশোধনী) বিধি, ২০২১ৰ অধীনত বলৱৎ কৰা এই নিষেধাজ্ঞা অনুসৰি সৌন্দৰ্য বৰ্ধনৰ কামত থাৰ্মকল ব্যৱহাৰ কৰিব নোৱাৰিব ।

১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক

প্লাষ্টিকৰ পতাকা, আমন্ত্ৰণীপত্ৰ, চিগাৰেটৰ প্লাষ্টিক পেকেট, প্লাষ্টিকৰ কাণ খজুওৱা লাঠি, প্লাষ্টিকৰ কাপ-প্লেট, চামুচৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব ৷ অসম প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ (Pollution Control Board Assam) অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, এশতকৈ কম মাইক্ৰনযুক্ত প্লাষ্টিকৰ বেনাৰ ব্যৱহাৰতো নিষেধাজ্ঞা বলবৎ কৰা হৈছে ৷

প্লাষ্টিক উৎপাদক, বিতৰকৰ সৈতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনা অমান্য কৰিলে ৭ বছৰৰ কাৰাবাসৰ লগতে ভৰিব লাগিব ১ লাখ টকাৰ জৰিমনা । এই নিৰ্দেশনা কাৰ্যকৰীৰ ক্ষেত্ৰত Task force গঠন কৰা হ’ব । ১ জুলাইৰ পৰা ৩১ জুলাইলৈ বিশাল সজাগতা অভিযান চলাব অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বুলি জানিবলৈ দিয়ে অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই ৷

লগতে পঢ়ক: Landslide in Manipur: মণিপুৰৰ ভূমিস্খলনত নিহতৰ সংখ্যা ৮ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.