অসম

assam

sukesh chandrashekhar new letter: সুকেশৰ ইখনৰ পাছত সিখন চিঠিয়ে জোকাৰিছে ‘আপ’ৰ বৰঘৰ

By

Published : Nov 19, 2022, 2:13 PM IST

sukesh-chandrasekhar-allegation-satyendar-jain-got-20-million-dollars-converted-into-rupees

প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে পুনৰ এখন পত্ৰৰ জৰিয়তে আপ দলৰ বিৰুদ্বে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ (sukesh chandrashekhar new letter)। অভিযোগযোগে কোৱা হৈছে যে সত্যেন্দ্ৰ জৈনে ২০১৭ চনত প্ৰৱঞ্চকটোৰ পৰা ২ কোটি ডলাৰ (বিটকইনৰ অংশ) টকালৈ ৰূপান্তৰিত কৰিবলৈ সহায় বিচাৰিছিল । আপৰ বিৰুদ্ধে আন এখন পত্ৰ প্ৰকাশ কৰি প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে কাৰাবন্দী দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনক লৈ চাঞ্চল্যকৰ দাবী উত্থাপন কৰে।

নেশ্যনেল ডেস্ক,19 নৱেম্বৰ: ধন সৰবৰাহৰ অভিযোগ উত্থাপন কৰি পুনৰ এখন পত্ৰ লেখিছে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে (sukesh chandrashekhar new letter)৷ আম আদমি পাৰ্টিৰ নেতাসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিয়েই অহা পৰিলক্ষিত হৈছিল প্ৰৱঞ্চকজনে ৷ শুকুৰবাৰে সন্ধিয়া তেওঁৰ অধিবক্তা অশোক সিঙৰ জৰিয়তে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰত (sukesh chandrashekhar new letter) সুকেশে আপ নেতা আৰু দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ(Alligation against AAP minister Satyendar Jain) ।

পত্ৰখনত সুকেশে উল্লেখ কৰে যে ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত আপ নেতা আৰু দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে তেওঁৰ পৰা আৰ্থিক সহায়তা বিচাৰিছিল ৷ বিষয়টো সন্দৰ্ভত অধিক তথ্য দি প্ৰৱঞ্চকটোয়ে ডলাৰ ভাৰতীয় মুদ্ৰালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত সহায় বিচাৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে(Mastermind sukesh chandrasekhar)৷ বাংগালুৰুৰ এটা বিখ্যাত ডিষ্টিলেৰী কোম্পানীৰ স্বত্বাধিকাৰী তথা সত্যেন্দ্ৰ জৈনৰ চিনাকি কোনো ব্যক্তিৰ পৰা ডলাৰ ল’বলৈ জৈনে প্ৰৱঞ্চকটোক কৈছিল বুলি পত্ৰত উল্লেখ কৰে সুকেশ চন্দ্ৰশেখৰে । ইয়াৰ লগতে ডলাৰ ৰূপান্তৰৰ বিনিময়ত উচিত মূল্যও দিয়া হ’ব বুলি আশ্বাস প্ৰদানৰ কথাও জৈনে কৈছিল বুলি চন্দ্ৰশেখৰে পত্ৰখনত উল্লেখ কৰে ।

সুকেশে পত্ৰখনত পুনৰ উল্লেখ কৰিছে যে, সত্যেন্দৰ জৈনে সুকেশ চন্দ্ৰশেখৰলৈ ডলাৰ টকালৈ ৰূপান্তৰৰ বাবে প্ৰায় ৩০ৰ পৰা ৪০ বাৰ পৰ্যন্ত ফোনত খাটনি ধৰাৰ পাছতহে সুকেশৰ কৰ্মচাৰী গোপীনাথ আৰু ৰবিক সত্যেন্দ্ৰ জৈনৰ কাম কৰি দিবলৈ অনুমতি প্ৰদান কৰিছিল বুলি ৷ লগতে এই বিশাল ধনৰাশি দিল্লীৰ আম আদমী পাৰ্টিক দিয়া হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সুকেশে ৷ ধনখিনি কাৰ আছিল বুলিও পত্ৰখনত প্ৰশ্ন উত্থাপন কৰে প্ৰৱঞ্চক সুকেশে ।

sukesh chandrashekhar new letter:

ধনৰাশি ৪টা বেগযোগে যিজন জুৱেলাৰীক যোগান ধৰা হৈছিল তেওঁৰো পৰিচয় বিচাৰে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে ৷ ডিষ্টিলেৰী কোম্পানীটোৰ মালিক কোন আছিল? আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিও কেইবাটাও প্ৰশ্ন পত্ৰযোগে উত্থাপন কৰে কাৰাবন্দী প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে । কাৰাবন্দী প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে কাৰাগাৰৰ পৰাই কেইবাখনো পত্ৰ প্ৰেৰণ কৰি ধাৰাবাহিকভাবে আপ দলৰ ওপৰত আক্ৰমণ চলায় অহা পৰিলক্ষিত হৈছে ৷

প্ৰৱঞ্চকটোয়ে আম আদমি পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(AAP Leader Arvind Kejriwal), শিক্ষামন্ত্ৰী মনীষ চিছোদিয়া, কৈলাশ গেহলট আৰু সত্যেন্দৰ জৈনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও কেইবাখনো পত্ৰযোগে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । পত্ৰযোগে সুকেশে আপ দলক প্ৰশ্ন উত্থাপন কৰে যে, তেওঁ যদি প্ৰৱঞ্চক তেন্তে দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ প্ৰচাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় জনসংযোগৰ ব্যৱস্থা কৰিবলৈ সুকেশলৈ কিয় কোৱা হৈছিল ?

লগতে সংবাদ পত্ৰত বাতৰি প্ৰকাশৰ বাবে ৮ লাখ ৫০ হাজাৰ টকা (প্ৰায় ৭ কোটি টকা) আৰু ১৫ শতাংশ অতিৰিক্ত কমিচন সুকেশলৈ আগবঢ়োৱা হৈছিল বুলিও প্ৰৱঞ্চকটোয়ে দাবী কৰে । ইয়াৰ পূৰ্বে 2016 বৰ্ষত দিল্লীৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে টেবলেট যোগানৰ বিনিময়ত চীনৰ এটা কোম্পানীৰ পৰা উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপন কৰে কাৰাবন্দী প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে । চিঠিখনত দাবী কৰা হৈছে যে অৰবিন্দ কেজৰিৱাল, মনীষ চিছ’দিয়া আৰু সত্যেন্দ্ৰ জৈনে চীনৰ কোম্পানীটোক সাক্ষাৎ কৰিছিল ।

লগতে পঢ়ক:Delhi police arrested driver: পাকিস্তানক তথ্য যোগান ধৰি গ্ৰেপ্তাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ গাড়ীচালক

ABOUT THE AUTHOR

...view details