ETV Bharat / bharat

মোক বিয়া পাতিবই লাগিব... - GF protest for marriage IN UP

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 1:35 PM IST

Girlfriend protest outside boyfriend house demanding marriage at Maharajganj up
মোক বিয়া পাতিবই লাগিব....

GF protest for marriage in UP : বিয়াৰ দাবীত প্ৰতিবাদত বহিল প্ৰেমিকা ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা ৷ তলা মাৰি পলায়ন প্ৰেমিকৰ পৰিয়ালৰ ৷

নেশ্যনেল ডেস্ক, 28 এপ্ৰিল : প্ৰেমিকে কৰা প্ৰৱঞ্চনাৰ প্ৰতিবাদ জনায় ধৰ্ণাত বহিল প্ৰেমিকা ৷ উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত সংঘটিত হৈছে এই ঘটনা ৷ কোতৱালী সদৰৰ বাগাপাৰ আৰক্ষী চকী এলেকাত প্ৰেমিকে প্ৰেমিকাৰ সৈতে বিয়াত বহাক লৈ অস্বীকাৰ কৰাৰ বাবে প্ৰেমিকৰ ঘৰৰ বাহিৰত ধৰ্মঘটত বহে যুৱতীগৰাকী ।

স্থানীয় আৰক্ষী এই সম্পৰ্কে অৱগত হৈ ঘটনাস্থলীত উপস্থিত হয় ৷ তাৰ পাচত যুৱতীগৰাকীক আৰক্ষী চকীলৈ লৈ অহাৰ লগতে প্ৰেমিকজনক জিম্মাত লয় আৰক্ষীয়ে । আৰক্ষী চকীত হোৱা আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হয় যে এবছৰৰ পাচত দুয়োৰে বিয়া হ’ব । একে সময়তে শান্তি বিঘ্নিত কৰাৰ বাবে প্ৰেমিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে ।

জানিব পৰা মতে, যুৱকজনে সুযোগ বুজি শুকুৰবাৰৰ নিশা প্ৰেমিকাৰ ঘৰত প্ৰৱেশ কৰে । এই কথা গম পোৱাৰ লগে লগে যুৱতীগৰাকীৰ মাকে বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি হুলস্থূল কৰিবলৈ ধৰে । ইয়াৰ পাচতে অঞ্চলটোত মানুহৰ ভিৰ লগা পৰিলক্ষিত হয় । আনকি যুৱকজন গোটেই ৰাতি প্ৰেমিকাৰ এটা কোঠাত আৱদ্ধ হৈয়ে থাকিল ৷

পৰৱৰ্তী সময়ত গাঁৱৰ মানুহে যুৱকজনক বাহিৰলৈ লৈ আহে, তেতিয়া তেওঁলোকৰ বিয়াৰ চৰ্চা চলে । কিন্তু বিয়া পাতিবলৈ পোনচাটেই অস্বীকাৰ কৰে যুৱকজনে । সেয়ে প্ৰেমিকাগৰাকীয়ে প্ৰেমিকৰ ঘৰৰ বাহিৰত উপস্থিত হৈ বিবাহৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । যুৱতীগৰাকীয়ে জনায় যে দুয়োৰে মাজত যোৱা পাঁচ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছে ।

প্ৰেমৰ কাহিনী পোহৰলৈ অহাৰ পাচত বহু প্ৰত্যাহ্বানৰ মুখামুখি হয় যুৱতীগৰাকী । অন্য যুৱকৰ সৈতে যুৱতীগৰাকী বিয়াত নবহে ৷ যেনেকৈ নহওক সেই প্ৰেমিকৰ সৈতেই বিয়াত বহিবলৈ বদ্ধপৰিকৰ যুৱতীগৰাকী । ইফালে প্ৰেমিকাৰ ব্যৱহাৰত প্ৰেমিকৰ পৰিয়ালৰ লোকে দুৱাৰ বন্ধ কৰি পলাই যায় যদিও ইয়াৰ পাচতো যুৱতীগৰাকীয়ে ধৰ্ণা অব্যাহত ৰাখে ।

ঘটনাস্থলাত আৰক্ষী উপস্থিত হৈ প্ৰেমিকাক বগাপাৰ আৰক্ষী চকীলৈ লৈ যায় আৰু এবছৰৰ পাচত দুয়োৰে বিয়া হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে দুয়ো পক্ষৰ লোকে ।

লগতে পঢ়ক: প্ৰেম-প্ৰতাৰণা-প্ৰতিশোধ : চেষ্টা বিফল, প্ৰেমিক হ’লগৈ আনৰ স্বামী - Ballia Acid Attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.