ETV Bharat / bharat

উধমপুৰত গুলীচালনা, ভিলেজ ডিফেন্স গাৰ্ডৰ এজন জোৱান আহত - Militant attack

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 1:15 PM IST

Militant attack
উধমপুৰত গুলীচালনা, ভিলেজ ডিফেন্স গাৰ্ডৰ এজন জোৱান আহত

Militant attack: জম্মু-কাশ্মীৰৰ উধমপুৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । গুলীচালনাত ভিলেজ ডিফেন্স গাৰ্ডৰ এজন জোৱান আহত হয় । নিৰাপত্তা বাহিনীয়ে ব্যাপক তালাচী চলাই আছে ।

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : দেশত লোকসভা নিৰ্বাচন চলি আছে । জম্মু-কাশ্মীৰতো ৫ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে । তাৰ মাজতে দেওবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ উধমপুৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা গুলীচালনাত ভিলেজ ডিফেন্স গাৰ্ডৰ এজন জোৱান আহত হয় ।

ঘটনাটোৰ পিচতে সুৰক্ষা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখে আৰু তালাচী অভিযান আৰম্ভ কৰে । অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । অঞ্চলটোলৈ অতিৰিক্ত বাহিনীও প্ৰেৰণ কৰা হৈছে ।

জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে বসন্তগড় আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱা গৈছিল । ইয়াৰ পিছতে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে উধমপুৰ জিলাৰ বসন্তগড় আৰক্ষী থানাৰ সীমাত নিৰাপত্তা বাহিনী নিয়োগ কৰা হয় ।

প্ৰায় ৭:৪৫ বজাত আৰক্ষী আৰু আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । গুলীচালনাত ভিলেজ ডিফেন্স গাৰ্ডৰ এজন সদস্য আহত হয় । আৰক্ষীয়ে বিবৃতিটোত কয় যে এছঅ'জিয়ে সেনা আৰু চিআৰপিএফ দলৰ সৈতে অঞ্চলটোত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু তালাচী অভিযান আৰম্ভ কৰা হৈছে ।

সকলো সন্দেহজনক লোকৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে । ইফালে শুকুৰবাৰে সোপোৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত দুই সন্ত্ৰাসবাদী নিহত হৈছিল । অঞ্চলটোত ৩ সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা বুলি কোৱা হৈছে । জানিব পৰা মতে সেই গুলীচালনাত এগৰাকী সাধাৰণ নাগৰিকো আহত হৈছিল । পিচত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক :উগ্ৰবাদ নিয়ন্ত্ৰণৰ লক্ষ্যৰে বছৰি ১০০০ কোটিৰো অধিক পুঁজি ব্যয় - Left Wing Extremism

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.