অসম

assam

Shraddha like murder case: শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি এইবাৰ ঝাৰখণ্ডত

By

Published : Dec 18, 2022, 8:13 PM IST

শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত ৷ স্বামীয়ে পত্নীক হত্যা কৰি মৃতদেহ 18 টুকুৰা কৰি পেলাই থৈছিল এটা অংগনৱাড়ী কেন্দ্ৰৰ সন্মুখত ৷ আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামী তথা পৰিয়ালবৰ্গক ৷

Shraddha like case Tribal woman allegedly murdered by husband, police recover 18 body parts
শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি এইবাৰ ঝাৰখণ্ডত

ঝাৰখণ্ডত পত্নীক হত্যা স্বামীৰ

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ: শ্ৰদ্ধা ৱাকাৰ শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ (Shraddha Walker murder case)। শ্ৰদ্ধাৰ প্ৰেমিক আফতাবে শ্ৰদ্ধাক হত্যা কৰি ৩৫ টুকুৰা কৰি কাটি পেলাইছিল শ্ৰদ্ধাৰ মৃতদেহ । হত্যাকাৰী আফতাব বৰ্তমান আৰক্ষীৰ জিম্মাত (Murderer Aftab Poonawala) ৷ বৰ্তমানেও চলি আছে শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত ৷ দেশ কপোৱা এই শ্ৰদ্ধা হত্যাকাণ্ডৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে তেনে এক অনুৰূপ ঘটনা (Shraddha like murder case) । এইবাৰৰ স্থান ঝাৰখণ্ড ৷ কিন্তু এইবাৰ মৃতক আৰু হত্যাকাৰীৰ মাজৰ সম্পৰ্ক আছিল স্বামী-স্ত্ৰীৰ দৰে পৱিত্ৰ সম্পৰ্ক ৷

এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, ঝাৰখণ্ডৰ সাহিবগঞ্জ জিলাত পোহৰলৈ আহিছে শ্ৰদ্ধা ৱাকাৰৰ দৰে হত্যাকাণ্ডৰ আন এক জঘন্য অপৰাধৰ ঘটনা (Shraddha like case in Jharkhand) ৷ এজন লোকে পত্নীক হত্যা কৰি মৃতদেহৰ কেইবাটাও টুকুৰা কৰি পেলাই থৈছিল এটা অংগনৱাড়ী স্কুলৰ সমীপত (Man kills wife And chops her body into pieces) ৷ এই ঘটনা পোহৰলৈ আহিছে দেওবাৰে ৷

উল্লেখ্য যে শনিবাৰে সন্ধিয়া ৰুবিকা পাহাদিন নামৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰিছিল সাহিবগঞ্জ জিলাৰ বৰিঅ আৰক্ষীয়ে ৷ তাৰ পিছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল এক চাঞ্চল্যকৰ তথ্য ৷ মৃতদেহৰ টুকুৰা কুকুৰে ভক্ষণ কৰি থকা প্ৰত্যক্ষ কৰে গাঁৱৰ একাংশ ৰাইজে ৷ তাৰ পিছতেই হুৱা-দুৱা লাগে গাঁওবাসীৰ মাজত ৷ ততাতৈয়াকৈ গাঁওবাসীয়ে খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সেই স্থানৰ পৰা শৰীৰৰ মুঠ ১৮টা টুকুৰা উদ্ধাৰ কৰে (Husband brutally murdered his wife in Sahibganj) ।

জানিব পৰা মতে স্বামী আনছাৰীৰ প্ৰথমা পত্নী থকাৰ পিছতো আকৌ এবাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৰুবিকা পাহাদিনৰ সৈতে ৷ দুয়োৰে প্ৰেমৰ সম্পৰ্কই পৰবৰ্তী সময়ত নাম পালে স্বামী-স্ত্ৰীৰ ৷ ৰুবিকা আছিল আনছাৰীৰ দ্বিতীয় পত্নী ৷ প্ৰায় দুবছৰলৈকে দুয়োৰে সম্পৰ্ক ঠিকে ঠাকে চলিল ৷ এইখিনিলৈকে সকলো ঠিকেই আছিল ৷

আৰক্ষী উপ-মহাপৰিদৰ্শক সুদৰ্শন প্ৰসাদ মণ্ডলে জনোৱা মতে, ৰুবিকাৰ সৈতে বিবাহ হোৱাৰ পূৰ্বে আনছাৰীৰ আছিল প্ৰথমা পত্নীও ৷ সেয়েহে দ্বিতীয় বিবাহৰ ফলত পৰিয়ালটোত সৃষ্টি হৈছিল এক বিভাজনৰ । বিবাহৰ পিছতেই পৰিয়ালটোৱে ৰুবিকাক হত্যা কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল । অৱশেষত ৰুবিকাক হত্যা কৰি কেইবাটাও টুকুৰা কৰি এটা অংগনৱাড়ী কেন্দ্ৰৰ সমীপত পেলাই থৈছিল মৃতদেহৰ টুকুৰা (Murder case like Shraddha Walker in Jharkhand)।

উপ-মহাপৰিদৰ্শকগৰাকীয়ে লগতে কয়,"এতিয়ালৈকে ১৮টা শৰীৰৰ অংগ উদ্ধাৰ কৰাৰ লগতে হত্যা কৰা অস্ত্ৰটোও উদ্ধাৰ কৰা হৈছে । শৰীৰৰ আন অংশৰ সন্ধান এতিয়াও চলি আছে । অপাৰেচনত জড়িত হৈ আছে চিকিৎসকৰ এটা দল আৰু কুকুৰৰ দল । অৱশ্যে তদন্ত চলি থকালৈকে আমি অধিক তথ্যৰ সবিশেষ দিব নোৱাৰিম ।"

ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী আনছাৰী, আনছাৰীৰ পিতৃ মুস্তাকিম,মাতৃ মৰিয়াম আৰু তেওঁৰ প্ৰথম পত্নী গুলেৰাক । আনহাতে আনছাৰীৰ মাতৃৰ ফালৰ পৰা ককাক মইনুল আনছাৰী পলাতক হৈ আছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে মইনুলৰ ঘৰত হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে আৰক্ষীয়ে লোহা কাটিব পৰা মেচিন এটাও উদ্ধাৰ কৰে মইনুলৰ ঘৰৰ পৰা ৷ যিটো মেচিনৰ সহায়ত মৃতদেহ কটাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । এতিয়া সকলো স্পষ্ট হ’ব আৰক্ষীৰ তদন্ততহে ৷

লগতে পঢ়ক:Shraddha Murder Case: শ্ৰদ্ধাৰ পিতৃৰ সৈতে ডি এন এৰ মিল আছে জংঘলত পোৱা হাঁড়ৰ

ABOUT THE AUTHOR

...view details