ETV Bharat / bharat

Shraddha Murder Case: শ্ৰদ্ধাৰ পিতৃৰ সৈতে ডি এন এৰ মিল আছে জংঘলত পোৱা হাঁড়ৰ

author img

By

Published : Dec 15, 2022, 9:06 PM IST

দিল্লীৰ মেহৰৌলী বনাঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ হোৱা হাড়ৰ অংশ শ্ৰদ্ধাৰ বুলি নিশ্চিত কৰা হৈছে । এই হাড়বোৰৰ ডি এন এ শ্ৰদ্ধাৰ পিতৃৰ ডি এন এৰ লগত মিলি গৈছে । একে সময়তে অভিযুক্ত আফতাবৰ পলিগ্ৰাফ টেষ্টৰ ৰিপ’ৰ্টো লাভ কৰিছে আৰক্ষীয়ে (Shraddha Murder Case update) ।

Shraddha Murder Case
Shraddha Murder Case

নিউজ ডেস্ক, 15 ডিচেম্বৰ: শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত কৰি থকা দিল্লী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা (Shraddha Murder Case)। আৰক্ষীৰ মতে, মেহৰৌলীৰ বনাঞ্চলৰ পৰা উদ্ধাৰ হোৱা অৱশিষ্টৰ ডি এন এ শ্ৰদ্ধা ৱাকাৰৰ পিতৃ বিকাশ ৱাকাৰৰ সৈতে মিল আছে । চিএফএছএলৰ প্ৰতিবেদনত এই কথা নিশ্চিত কৰা হৈছে । বিশেষ চি পি সাগৰ প্ৰীত সিং হুদাই জনোৱা মতে, ডি এন এ মেপিং আৰু পলিগ্ৰাফ টেষ্টৰ প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰিছে । দুয়োটা প্ৰতিবেদনে আৰক্ষীৰ তদন্তত যথেষ্ট সহায়ক হ’ব ।

অৱশ্যে আৰক্ষীৰ হাতত এতিয়াও পৰা নাই নাৰ্কো টেষ্টৰ ৰিপ’ৰ্ট । ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে এতিয়া বনাঞ্চলত উদ্ধাৰ হোৱা অৱশিষ্টসমূহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব । আৰক্ষীৰ সূত্ৰ অনুসৰি ডি এন এ মেপিং ৰিপৰ্ট অৱশিষ্টৰ সৈতে মিল থকাৰ পিছতহে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব (Shraddha Murder Case update)।

ইয়াৰ উপৰিও আৰক্ষী লেবৰ পৰা পোৱা পলিগ্ৰাফ টেষ্ট আৰু ডি এন এ মেপিঙৰ প্ৰতিবেদনৰ লগতে নাৰ্কো টেষ্টৰ প্ৰতিবেদন তদন্ত কৰি ইয়াৰ তদন্তত অন্তৰ্ভুক্ত কৰা হ’ব (Probe on Shraddha murder case)।

উল্লেখ্য যে, শ্ৰদ্ধাৰ মোবাইল ফোন এতিয়ালৈকে উদ্ধাৰ হোৱা নাই শ্ৰদ্ধা হত্যাকাণ্ডৰ গোচৰত । আৰক্ষীয়ে কিছু কাপোৰ উদ্ধাৰ কৰা বুলি দাবী কৰে যদিও এই কাপোৰ শ্ৰদ্ধাৰ নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

আৰক্ষীৰ জেৰাত আফতাবে কৈছিল যে তেওঁৱেই শ্ৰদ্ধাক হত্যা কৰিছিল । ১৮ মে’ত কাজিয়া হৈছিল । ইয়াৰ পিছত তেওঁ শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰে । তাৰ পিছত আফতাবে শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টুকুৰা কৰি কাটি পেলায় (Delhi Shraddha murder)। আফতাবে এই টুকুৰাবোৰ ফ্ৰীজত ৰাখিছিল । তেওঁ প্ৰতি নিশাই শ্ৰদ্ধাৰ মৃতদেহৰ এটুকুৰা মেহৰাউলী হাবিত পেলাই দিবলৈ গৈছিল ।

আৰক্ষীৰ মতে, ১৮ মে’ত অভিযুক্ত আফতাবে শ্ৰদ্ধাক হত্যা কৰিছিল । আফতাবে গ্ৰেপ্তাৰৰ পাচত জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰিছিল । ইয়াৰ পিছতে আৰক্ষীয়ে মেহৰৌলী বনাঞ্চল আৰু গুৰুগ্ৰামত উল্লেখ কৰা স্থানৰ পৰা হাড়ৰ আকাৰত মৃতদেহটোৰ কেইবাটাও টুকুৰা উদ্ধাৰ কৰিছিল । এই সকলোবোৰৰ তদন্তৰ বাবে আৰক্ষীয়ে চিএফএছএল লেবলৈ প্ৰেৰণ কৰিছিল । ডিএনএ পৰীক্ষাৰ বাবেও দেউতাৰ নমুনা লোৱা হৈছিল । সম্প্ৰতি আফতাব তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ।

লগতে পঢ়ক: Attack on Shradha murder accused: শ্ৰদ্ধা হত্যাৰ অভিযুক্ত আফটাবৰ আক্ৰমণকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.