ETV Bharat / bharat

Attack on Shradha murder accused: শ্ৰদ্ধা হত্যাৰ অভিযুক্ত আফটাবৰ আক্ৰমণকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ

author img

By

Published : Nov 29, 2022, 1:28 PM IST

Attack on Shradha murder accused
Attack on Shradha murder accused

শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফটাবক আক্ৰমণৰ অপচেষ্টা (Attack on Shradha murder accused) ৷ এই গোচৰৰ অভিযুক্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । মঙলবাৰে পুৱা আদালতত হাজিৰ কৰা হয় আক্ৰমণকাৰীক ।

নিউজ ডেস্ক, 29 নৱেম্বৰ: শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফটাবক (Prime accused of Shradha murder) আক্ৰমণ কৰাসকলক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ (Attack on Shradha murder accused)। সোমবাৰে সন্ধিয়া আফটাবক এছ এফ এলৰ কাৰ্যালয়ৰ বাহিৰলৈ অনাৰ সময়তে তেওঁক তৰোৱালেৰে আক্ৰমণ কৰা হয় । ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে ৫ আক্ৰমণকাৰীৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰে । মঙলবাৰে পুৱা অভিযুক্তক আদালতত হাজিৰ কৰোৱাত অভিযুক্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় (Judicial custody for Aftab attackers in Delhi) । তথ্য অনুসৰি দিল্লীৰ ৰোহিনী এফ এছ এলৰ কাৰ্যালয়ৰ বাহিৰত আফটাবক আক্ৰমণ কৰিবলৈ গুৰগাঁৱৰ পৰা আহিছিল ৫ জন যুৱক ।

শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ (Shraddha walker murder case) অভিযুক্ত আফতাব পুনাৱালাক মঙলবাৰে কটকটীয়া নিৰাপত্তাৰ মাজতে পলিগ্ৰাফ পৰীক্ষাৰ বাবে এফ এছ এলৰ কাৰ্যালয়লৈ অনা হয় (Aftab brought to FSL office amid tight security) । এই সময়ত এফ এছ এলৰ কাৰ্যালয়ৰ বাহিৰতো বি এছ এফৰ জোৱান মোতায়েন কৰা দেখা গৈছিল ৷ কিন্তু তাৰ মাজতেই আফটাবক আক্ৰমণ কৰিবলৈ উদ্যত হয় 5 জন যুৱক ৷

  • दिल्ली: पुलिस वैन पर कल हुए हमले के बाद श्रद्धा हत्याकांड के आरोपी आफताब को कड़ी सुरक्षा के साथ FSL कार्यालय लाया गया। pic.twitter.com/iiuH69hfl5

    — ANI_HindiNews (@AHindinews) November 29, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

দিল্লী আৰক্ষীয়ে জনাইছে যে, অভিযুক্ত আফটাবক কঢ়িয়াই অনা আৰক্ষীৰ বাহনত আক্ৰমণ কৰা অভিযুক্তক মঙলবাৰে পুৱা আদালতত হাজিৰ কৰা হয় (Police van carrying Aftab attacked) ৷ তাৰ পিছত তেওঁলোকক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । তথ্য অনুসৰি আৰক্ষীৰ বাহনত আক্ৰমণ কৰা যুৱককেইজন গুৰগাঁৱৰ পৰা দিল্লীলৈ আহিছিল । আন তিনিজন আক্ৰমণকাৰীকো বিচাৰি আছে আৰক্ষীয়ে । আক্ৰমণকাৰীকেইটা হিন্দু সেনাৰ বুলি দাবী কৰা হৈছে ।

সোমবাৰে অভিযুক্ত আফটাবক কঢ়িয়াই অনা আৰক্ষীৰ ভানখনত আক্ৰমণ কৰা যুৱকসকলে কৈছিল, ‘‘কোনোবাই যদি এই কাম কৰে তেন্তে আমি তেওঁক ৰেহাই নিদিওঁ’’। লগতে তেওঁলোকে কয় যে, যিদৰে শ্ৰদ্ধাক ৩৫ টুকুৰা কৰি কাটিছিল, একেদৰে আফটাবকো ৭০ টুকুৰা কৰি কাটিব । সোমবাৰে আৰক্ষীয়ে ২ জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰু বাকী ৩ জন আক্ৰমণকাৰীৰ সন্ধানত তালাচী অব্যাহত আছে ।

আৰক্ষীৰ বাহনত আক্ৰমণ চলাওঁতে আক্ৰমণকাৰীয়ে পিছফালৰ গেটখন খুলি আফটাবক আক্ৰমণ কৰিবলৈ আহিছিল যদিও আফটাবক নিৰাপত্তাৰ মাজেৰে আৰক্ষীৰ বাহনৰ ভিতৰলৈ লৈ যোৱা হয় ৷ যাৰ ফলত তেওঁৰ জীৱন ৰক্ষা পৰিল আফটাবৰ ।

লগতে পঢ়ক: Violence in live in relationships: এবছৰত দিল্লীত ৰুজু সহবাসৰ সৈতে জড়িত 560 টা হিংসাৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.