অসম

assam

KISAN MAHAPANCHAYAT: কৰ্ণালত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

By

Published : Sep 7, 2021, 5:10 PM IST

Updated : Sep 7, 2021, 5:24 PM IST

কিষাণ মহাপঞ্চায়তক কেন্দ্ৰ কৰি সোমবাৰে বিয়লি ভাগৰ পৰা মঙলবাৰে নিশালৈকে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে দিল্লীৰ কেইবাটাও প্ৰান্তত । ইন্টাৰনেট আৰু এছএমএছ সেৱা স্থগিত ৰখা অঞ্চলকেইটা হৈছে কুৰুক্ষেত্ৰ, কৈথাল, জিন্দ আৰু পানীপথ ।

কিষাণ মহাপঞ্চায়তৰ পূৰ্ৱেই কৰ্ণালত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ লগেত কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা
কিষাণ মহাপঞ্চায়তৰ পূৰ্ৱেই কৰ্ণালত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ লগেত কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা

নেচনেল ডেস্ক,7 ছেপ্তেম্বৰ: দিল্লীত 28 আগষ্টত কৃষক সকলৰ ওপৰত আৰক্ষীয়ে লাঠিৰ্চাজ কৰি নিৰ্মম ভাৱে যিদৰে প্ৰহাৰ কৰিছিল তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কৃষক সকল ৷

মঙলবাৰে কৃষকসকলে কিষাণ মহাপঞ্চায়তৰ আহ্বান কৰিছিল ৷ কিষাণ মহাপঞ্চায়তৰ এই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ লগতে দিল্লীৰ কেইবাটাও প্ৰান্তত ইন্টাৰনেট সেৱাৰ আৰু এছএমএছ সেৱা কৰ্তন কৰি ৰখা হৈছে ৷

উল্লেখযোগ্য যে, এগৰাকী চৰকাৰী মুখপাত্ৰ সদৰি কৰিছে যে, ৰাজহুৱা সুৰক্ষা, আইন-শৃংখলাত ব্যাঘাত হ'ব পাৰে এই কিষাণ মহাপঞ্চায়তৰ জৰিয়তে ৷ সেয়েহে এছএমএছ আৰু ছ'চিয়েল মিডিয়াৰ যাতে অপব্যৱহাৰ কৰি এই আন্দোলনক হিংসাত্মক কৰি তুলিব নোৱাৰে, তাৰ বাবে এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কিয়নো আন্দোলনক লৈ উৰাবাতৰি বিয়পি পৰাৰ পাচত ৰাজহুৱা সম্পত্তি ক্ষতিসাধন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা দেশৰ প্ৰথমখন কৃষক ৰে’ল

বিষয়া গৰাকীয়ে উল্লেখ কৰা অনুসৰি, ৰাজ্যখনৰ গৃহ বিভাগৰ সচিবে টেলিকম সেৱাৰ অস্থায়ী আইনৰ (ৰাজহুৱা জৰুৰীকালীন বা ৰাজহুৱা সুৰক্ষা) নিয়ম-2017-ৰ নিয়ম-2 ৰ আলমত এই নিৰ্দেশ জাৰি কৰা হৈছে ।

সম্প্ৰতি চহৰখনত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) 10 টা কোম্পানীকে ধৰি প্ৰায় 40 টা নিৰাপত্তা বাহিনীৰ দল মোতায়েন কৰা হৈছে ৷

একেদৰে সোমবাৰে বিয়লি ভাগৰ পৰা মঙলবাৰে নিশালৈকে ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছে । ইন্টাৰেনট আৰু এছএমএছ সেৱা স্থগিত ৰখা অঞ্চলকেইটা হৈছে কুৰুক্ষেত্ৰ, কৈথাল, জিন্দ আৰু পানীপথ ।

লগতে পঢ়কঃ 9 ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব 13 সংখ্যক BRICS সন্মিলন

Last Updated :Sep 7, 2021, 5:24 PM IST

ABOUT THE AUTHOR

...view details