ETV Bharat / bharat

আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা দেশৰ প্ৰথমখন কৃষক ৰে’ল

author img

By

Published : Sep 7, 2021, 2:02 PM IST

up_agr_01_kisan_rail_ran_on_the_track_of_profit_pkg_7203925
আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা হৈছে দেশৰ প্ৰথমখন কৃষক ৰে’ল

এতিয়া মাত্ৰ 36 ঘণ্টাতে উত্তৰ প্ৰদেশৰ পৰা আলু আহি পাবহি অসমৰ বজাৰ ৷ সোমবাৰে উত্তৰ-মধ্য ৰে’লৱেয়ে আগ্ৰাৰ পৰা মুকলি কৰিলে প্ৰথমখন কৃষক ৰে’ল ৷ এই ৰে’লখন আহি উপস্থিত হ’ব চাংসাৰী ৰে’ল ষ্টেচনত ৷

নেশ্যনেল ডেস্ক, 7 ছেপ্তেম্বৰ : দেশৰ প্ৰথমখন কৃষক ৰে’ল সোমবাৰে উত্তৰ প্ৰদেশৰ পৰা অসম অভিমুখে ৰাওনা হৈছে ৷ এই ৰে’লখন 36 ঘণ্টাৰ ভিতৰতে চাংসাৰী ৰে’ল ষ্টেচনত উপস্থিত হ’ব ৷ এই কৃষক ৰে’লখনে আগ্ৰাৰ আলু খেতিয়কসকলৰ মুখত হাঁহি বিৰিঙাই তুলিছে ৷ কাৰণ এই ৰে’লখন কম সময়ৰ ভিতৰতে চাংসাৰীত উপস্থিত হ’ব ৷ এই ৰে’লখনৰ দ্বাৰা উত্তৰ-মধ্য ৰে’লৱেৰ (NCR) আমদানি বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে ৷

up_agr_01_kisan_rail_ran_on_the_track_of_profit_pkg_7203925
আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা হৈছে দেশৰ প্ৰথমখন কৃষক ৰে’ল

আগ্ৰা, আলিগড় মণ্ডল আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত বহু পৰিমাণে আলু খেতি কৰা হয় ৷ এইবাৰ আলু খেতি যথেষ্ট ভাল হৈছে ৷ ইয়াৰ পূৰ্বে আগ্ৰাৰ পৰা আলুসমূহ ট্ৰাকৰ দ্বাৰা বিভিন্ন ৰাজ্যলৈ পঠিওৱা হৈছিল ৷ ইয়াত অধিক সময়ৰ প্ৰয়োজন হৈছিল লগতে ভাড়াও বেছি আছিল ৷ ইয়াৰ দ্বাৰা কৃষকসকলৰ লাভত প্ৰভাৱ পৰিছিল ৷ কৃষকসকলৰ এই সমস্যা সমাধানৰ বাবে উত্তৰ-মধ্য ৰে’লৱেয়ে (NCR) কৃষক বিশেষ এই এক্সপ্ৰেছ ৰে’লখন আৰম্ভ কৰিছে ৷

up_agr_01_kisan_rail_ran_on_the_track_of_profit_pkg_7203925
আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা হৈছে দেশৰ প্ৰথমখন কৃষক ৰে’ল

ইয়াৰ দ্বাৰা কম সময়ৰ ভিতৰতে আগ্ৰাৰ কৃষকে উৎপাদন কৰা আলুৰ লগতে বিভিন্ন শাক-পাচলি কম সময়ৰ ভিতৰতে অন্য ৰাজ্যলৈ পঠিয়াব পৰা যাব ৷

এইকেইটা ষ্টেচনৰ মাজেৰে পাৰ হ’ব ৰে’লখন

NCR ৰ আগ্ৰা মণ্ডলৰ জ্যেষ্ঠ DCM অমন বাৰ্মাই কয় যে, এই বিশেষ ৰে’লখন সপ্তাহত এটা দিনে চলিব ৷ এই এক্সপ্ৰেছ ৰে’লখন প্ৰতি সোমবাৰে আগ্ৰাৰ পৰা ৰাওনা হ’ব ৷ ৰে’লখনত 12 টা সাধাৰণ ডবা আৰু এটা বিশেষ ডবা আছে ৷ এই ৰে’লখন আগ্ৰাৰ পৰা সোমবাৰে পুৱা 4 বজাত যাত্ৰাৰম্ভ কৰে ৷ এই ৰে’লখন যমুনা ব্ৰীজেৰে আহি টুণ্ডলা, প্ৰয়াগৰাজ, গোৰখপুৰ, দানাপুৰ পাটানা, বাৰাউনী হৈ চাংসাৰীত উপস্থিত হ’ব ৷

up_agr_01_kisan_rail_ran_on_the_track_of_profit_pkg_7203925
আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা হৈছে দেশৰ প্ৰথমখন কৃষক ৰে’ল

এই বিশেষ ৰে’লখনে ঘণ্টাত 45 কিল’মিটাৰ বেগত আহি 36 ঘণ্টাত 1,662 কিল’মিটাৰ পথ অতিক্ৰম কৰিব ৷ NCR ৰ গণসংযোগ বিষয়া এছ কে শ্ৰীবাস্তৱে কয়, কৃষক বিশেষ ৰে’লেৰে অন্য ৰাজ্যলৈ ৰপ্তানি কৰা শস্যৰ কৃষকসকলক 50 শতাংশ ৰাজসাহায্য় প্ৰদান কৰা হৈছে ৷ এই ৰে’লখনৰ উদ্দেশ্য হ’ল কৃষকসকলক এখন ডাঙৰ বজাৰৰ যোগান ধৰা ৷ তেওঁলোকে পোনপটীয়াকৈ নিজৰ উৎপাদিত সামগ্ৰী অন্য ৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিব পাৰিব ৷

কম সময়ত সুৰক্ষিতভাৱে প্ৰেৰণ কৰিব পৰা যাব আলু

খণ্ডোলীৰ আলু খেতিয়ক অৰ্জুন সিঙে কয় যে, আমি আগতে স্থানীয় বজাৰতে উৎপাদিত আলুসমূহ বিক্ৰী কৰিছিলো ৷ এইবাৰ আলু অসমলৈ গৈ আছে ৷ তাত আলুৰ মূল্য পাম ৷ তেওঁ লগতে কয় ৰে’লৰ দ্বাৰা আলু পঠিওৱাৰ ফলত ভাড়াও কম পৰিছে ৷

up_agr_01_kisan_rail_ran_on_the_track_of_profit_pkg_7203925
আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা হৈছে দেশৰ প্ৰথমখন কৃষক ৰে’ল

পাঁচগৰাকী খেতিয়কে মিলি 12 টা ডবাৰ এই বিশেষ ৰে’লখন বুক কৰিছে ৷ এইক্ষেত্ৰত তিনিটা লাভ আছে ৷ ট্ৰাকেৰে আলু পঠিয়ালে পাঁচদিনত আলু গৈ পাইছিল ৷ কিন্তু এতিয়া 36 ঘণ্টাতে আলু গৈ অসম পাব ৷ ইয়াৰ ফলত আলু সতেজ হৈ থাকিব ৷ ট্ৰাকত কঢ়িয়াই অনা আলুসমূহ বৰষুণত তিতি নষ্ট হৈ গৈছিল ৷ কেতিয়াবা আদবাটতে ট্ৰাক বেয়া হৈ যায়, কিন্তু ট্ৰেইনৰ জৰিয়তে আলু সুৰক্ষিতভাৱে অসম আহি পাব ৷

up_agr_01_kisan_rail_ran_on_the_track_of_profit_pkg_7203925
আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা হৈছে দেশৰ প্ৰথমখন কৃষক ৰে’ল

আনহাতে, আটাইতকৈ বেছি লাভ হ’ল ভাড়াৰ ক্ষেত্ৰত ৷ ট্ৰাকত আলু পঠিয়ালে প্ৰতি কুইণ্টলত 500 টকা ভাড়া দিব লাগিছিল খেতিয়কসকলে ৷ কিন্তু কিষাণ ৰে’লখনত প্ৰতি কুইণ্টলত ভাড়া দিব লাগিব 250 টকা অৰ্থাৎ পূৰ্বৰ ভাড়াৰ আধা ৷

লগতে পঢ়ক : অৱশেষত ভাৰতলৈ উভতি আহিব ছলমান ৰুশ্বদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.