ETV Bharat / bharat

9 ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব 13 সংখ্যক BRICS সন্মিলন

author img

By

Published : Sep 7, 2021, 12:22 PM IST

13th BRICS summit to take place on September 9
9 ছেপ্তেম্বৰত ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব 13 সংখ্যক BRICSৰ সন্মিলন

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব BRICS ৰ 13 সংখ্যক সন্মিলনখন ৷ এইবেলি তৃতীয়বাৰৰ বাবে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলৈ ওলাইছে BRICS ৰ সন্মিলন ৷

নেশ্যনেল ডেস্ক, 7 ছেপ্তেম্বৰ : ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া 13 সংখ্যক BRICS (Brazil, Russia, India, China, South Africa)ৰ সন্মিলনখন 9 ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৷ 2012 আৰু 2016 চনৰ পিছত এইবেলি তৃতীয়বাৰৰ বাবে ভাৰতে BRICS ৰ সন্মিলন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে ৷ 2020 চনৰ BRICS ৰ সন্মিলনখন ক’ভিড মহামাৰীৰ বাবে ভাৰ্চুৱেলী অনুষ্ঠিত কৰা হৈছিল ৷

এই সন্মিলনখনৰ অধ্যক্ষতা কৰিছিল ৰাছিয়াই ৷ 2020 চনৰ নৱেম্বৰত এই অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল ৷ গালৱান উপত্যকা সংঘাতৰ পিছত পোন প্ৰথমবাৰৰ বাবে এই অধিৱেশনতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিংপিং একেখন মঞ্চতে একেলগে আহিছিল ৷ ইয়াৰ পূৰ্বে 11 সংখ্যক BRICS ৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকত ই-কমাৰ্চৰ অধীনত পেছাদাৰী সেৱা, আনুবংশিক সম্পদ, উপভোক্তৰ সুৰক্ষা আদি ক্ষেত্ৰত সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহে আকৰ্ষণ লাভ কৰা দেখা গৈছিল ৷

ভাৰতে BRICS ৰ New Development Bankৰ সদস্য হ’বলৈ বাংলাদেশ আৰু সংযুক্ত আৰৱ ৰাষ্ট্ৰ (United Arab Emirates) আৰু উৰুগুৱেক আমন্ত্ৰণ জনায় ৷ ভাৰতে BRICS ডিজিটেল স্বাস্থ্য সন্মিলনত ক’ভিড-১৯ মহামাৰীৰ সময়ত প্ৰত্যাহ্বান আৰু সুযোগৰ বিষয়ে আলোচনা কৰিছিল । ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ শক্তি মন্ত্ৰীসকলেও ভাৰতৰ সভাপতিত্বত মিলিত হৈছিল আৰু শক্তি খণ্ডৰ দক্ষতা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

BRICS ৰ দেশসমূহৰ নেতাসকলে পোন প্ৰথমবাৰৰ বাবে ২০০৬ চনৰ জুলাই মাহত ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত মিলিত হৈছিল । ইয়াৰ পিছতে ২০০৬ চনৰ ছেপ্তেম্বৰত, নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ বিধানসভাৰ সাধাৰণ বিতৰ্কৰ সময়ত অনুষ্ঠিত হোৱা প্ৰথম BRICS বৈদেশিক মন্ত্ৰীৰ বৈঠকত দলটোক BRICS হিচাপে আনুষ্ঠানিক ৰূপ দিয়া হয় ৷ পৰৱৰ্তী সময়ত কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকৰ অন্তত 2009 চনৰ 16 জুনত ৰাছিয়াৰ য়েকাতেৰিনবাৰ্গত প্ৰথম BRICS সন্মিলন অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক : আত্মহত্যাৰ বাবে প্ৰৰোচনা : আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ টিএমচি নেত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.