ETV Bharat / bharat

আত্মহত্যাৰ বাবে প্ৰৰোচনা : আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ টিএমচি নেত্ৰীক

author img

By

Published : Sep 7, 2021, 10:22 AM IST

tripura
আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ টিএমচি নেত্ৰীক

শনিবাৰে ত্ৰিপুৰাত এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল । যুৱতীগৰাকীয়ে চুইচাইড নোটত লিখি থৈ গৈছিল এগৰাকী টিএমচি নেত্ৰীৰ নাম । কোন সেইগৰাকী টিএমচি নেত্ৰী ? তেওঁ সঁচাকৈয়ে জড়িত নেকি ঘটনাত ?

আগৰতলা, ৭ ছেপ্তেম্বৰ : ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) নেত্ৰী পান্না দেৱক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ । আত্মহত্যাৰ এক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পান্নাক । ভতিজীক আত্মহত্যা কৰিবলৈ উচতনি দিয়াৰ অভিযোগ উঠিছে পান্নাৰ বিৰুদ্ধে ।

tripura
আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ টিএমচি নেত্ৰীক

তথ্য অনুসৰি, শনিবাৰে নিশা আত্মহত্যা কৰিছিল ৰাজশ্ৰী দেৱ নামৰ যুৱতীগৰাকীয়ে । ৰহস্যজনকভাৱে ৰাজশ্ৰীৰ পৰা উদ্ধাৰ কৰা চুইচাইড নোটত আৰক্ষীয়ে পান্নাৰ নাম সন্নিৱিষ্ট তথ্য লাভ কৰে ৷ তাৰ পাছতে পূৱ আগৰতলা মহিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পান্নাক ।

এসময়ৰ কংগ্ৰেছ কৰ্মী পান্না আছিল আগৰতলা পৌৰ নিগমৰ কাউঞ্চিলাৰ । মৃত ৰাজশ্ৰীক লালন পালন কৰিছিল খুড়ীয়েক পান্নাই । ঘটনাৰ মূল অভিযুক্ত পান্নাক অৱশ্যে নিৰ্দোষী বুলি দাবী কৰিছে মৃত ৰাজশ্ৰীৰ পিতৃ-মাতৃয়ে । পিতৃ-মাতৃয়ে জনোৱা মতে মানসিকভাৱে অস্থিৰ আছিল ৰাজশ্ৰী ।

লগতে পঢ়ক : অৱশেষত ভাৰতলৈ উভতি আহিব ছলমান ৰুশ্বদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.