অসম

assam

Communal clashes in Jodhpur : যোধপুৰত অনিৰ্দিষ্ট কাললৈ বন্ধ ইণ্টাৰনেট সেৱা

By

Published : May 3, 2022, 2:29 PM IST

ঈদক লৈ দেশবাসী ব্যস্ত হৈ থকাৰ মাজতে ৰাজস্থানৰ যোধপুৰত তীব্ৰ উত্তেজনা ()। সোমবাৰে নিশা জলোৰী গেটত ধৰ্মীয় পতাকাকলৈ দুটা সম্প্ৰদায়ৰ মাজত তীব্ৰ সংঘৰ্ষ । সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰীৰ গৰিহণা (CM Ashok Gehlot condemns Jodhpur incident)। মঙলবাৰৰ পৰা জিলাখনত অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা বন্ধ ।

Communal clashes in Jodhpur
যোধপুৰত অনিৰ্দিষ্ট কাললৈ বন্ধ ইণ্টাৰনেট সেৱা

নেশ্যনেল ডেস্ক,৩ মে' :সমগ্ৰ দেশবাসীয়ে পৱিত্ৰ ঈদ উদযাপন কৰি থকাৰ মাজতে ৰাজস্থানৰ যোধপুৰত সাম্প্ৰদায়িক সংঘৰ্ষ (Communal clashes in Jodhpur)। দুই ধৰ্মৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘাত । সোমবাৰে সংঘটিত এই ঘটনাৰ মাজতে কঠোৰ হৈছে যোধপুৰ প্ৰশাসন । অনিৰ্দিষ্টকাললৈ যোধপুৰত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে (Internet services suspended in Jodhpur)। সম্প্ৰতি উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

উল্লেখ্য যে সোমবাৰে নিশা চহৰখনৰ জলোৰী গেটত ধৰ্মীয় পতাকাকলৈ দুটা সম্প্ৰদায়ৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । শিলগুটি নিক্ষেপ কৰাৰ লগতে ঈদৰ নামাজৰ বাবে অঞ্চলটোত স্থাপন কৰা লাউডস্পীকাৰবোৰো একাংশ লোকে ভাঙি পেলাইছিল । ঘটনা নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়াও হয় । ইফালে এই ঘটনাত কেইবাগৰাকী লোক আহত হয় ।

সমগ্ৰ ঘটনাক ইতিমধ্যে মুখ্যমন্ত্ৰী অশোক গেহলটে গৰিহণা দিছে (CM Ashok Gehlot condemns Jodhpur incident)। ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনক উচিত ব্যৱস্থা লোৱাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে ।

ইয়াৰ পাছতে প্ৰশাসনে সতৰ্কতামূলক পদক্ষেপ হিচাপে জিলাখনত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে । জিলা উপায়ুক্ত হিমাংশু গুপ্তাই এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে । সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ।

ঈদৰ ব্যস্ততাৰ মাজতে এনেধৰণৰ সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱাট চিন্তিত হৈছে যোধপুৰ জিলা প্ৰশাসন । যাৰ বাবে পুৱাৰে পৰা আৰম্ভ হোৱা ঈদৰ সমূহীয়া নামাজৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । ঈদগাহত অনুষ্ঠিত হ'বলগীয়া ঈদৰ নামাজৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী বাহিনীৰ বৃহৎ দল মোতায়েন কৰিছে প্ৰশাসনে ।

ঈদৰ নামাজ যাতে শান্তিপূৰ্ণভাৱে হৈ যায় তাৰ প্ৰতি গুৰুত্ব দিছে আৰক্ষী তথা প্ৰশাসনে । সমান্তৰালকৈ সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তও আৰক্ষীয়ে অব্যাহত ৰাখিছে । ঘটনাৰ সৈতে জড়িত কেইবাজনকো ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ভণ্ডামি কৰি ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী

ABOUT THE AUTHOR

...view details