অসম

assam

Parliament Winter Session 2022 : চীনা আমদানিত নিৰ্ভৰশীলতাৰ ওপৰত প্ৰশ্ন গৌৰৱ গগৈৰ

By

Published : Dec 14, 2022, 2:23 PM IST

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত চীনৰ সৈতে চলি থকা সীমান্ত সংঘাতৰ পিছতো চীনা আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা কিয় বৃদ্ধি পাইছে আৰু অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডত চীনৰ সৈতে সীমান্তৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ মণীষ তিৱাৰীয়ে আলোচনা কৰিবলৈ স্থগিত প্ৰস্তাৱ জাননী প্ৰদান কৰে (Parliament Winter Session 2022) ।

parliament
parliament

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : বুধবাৰে লোকসভাত প্ৰশ্নোত্তৰকাল (question hour of Lok Sabha 2022) আৰু ৰাজ্যসভাত শূন্য ঘণ্টা আৰম্ভ হৈছে (zero hour of Rajya Sabha 2022) । কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ভাৰত আৰু চীনা সৈন্যৰ মাজত শেহতীয়া সংঘৰ্ষৰ ওপৰত আলোচনাৰ দাবী জনায় (China India clash in Tawang) । কিন্তু ৰাজ্যসভাৰ অধ্যক্ষ হৰিবংশে ইয়াক নাকচ কৰে । ইয়াৰ পূৰ্বে এইটো অনুমান কৰা হৈছিল যে বিৰোধীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় এই বিষয়টোত সদনত চৰকাৰক ঘেৰি ধৰাৰ প্ৰস্তুতি চলাই আছে । অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডত চীনৰ সৈতে সীমান্তৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ কংগ্ৰেছৰ সাংসদ মণীষ তিৱাৰীয়ে লোকসভাত স্থগিত প্ৰস্তাৱৰ জাননী দিয়ে ।

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে (Congress MP Gourav Gogoi) লোকসভাত চীনৰ সৈতে চলি থকা সীমান্ত সংঘাতৰ পিছতো চীনা আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা কিয় বৃদ্ধি পাইছে তাৰ ওপৰত আলোচনা কৰিবলৈ স্থগিত প্ৰস্তাৱৰ জাননী দিয়ে । কংগ্ৰেছৰ সাংসদ মণিকাম ঠাকুৰে লোকসভাত তেলেংগানা আৰক্ষীৰ অত্যাচাৰী মনোভাবৰ ওপৰত আলোচনা কৰিবলৈ স্থগিত প্ৰস্তাৱৰ জাননী দিয়ে । উল্লেখ্য, তেলেংগানা আৰক্ষীয়ে হায়দৰাবাদৰ তেলেংগানা কংগ্ৰেছৰ ৱাৰ ৰুমত প্ৰৱেশ কৰাৰ বাবে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে।

মল্লিকাৰ্জুন খাৰ্গেয়ে (Congress president Mallikarjun Kharge) বুধবাৰে চলিত শীতকালীন অধিবেশনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ সকলো বিৰোধী দলৰ সংসদীয় নেতাসকলৰ সৈতে এখন বৈঠকত বহে । যোৱা সপ্তাহত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (Line of Actual Control, LAC) ভাৰত আৰু চীনা সৈন্যৰ মাজত শেহতীয়া সংঘৰ্ষৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defance Minister Rajnath Singh) মঙলবাৰে অৰুণাচলত ভাৰত-চীন এলএচি সংঘৰ্ষ সন্দৰ্ভত সংসদক সম্বোধন কৰে ।

অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰতিৰক্ষা প্ৰধান জেনেৰেল অনিল চৌহান, সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । আপ, কংগ্ৰেছ আৰু আৰজেডিকে ধৰি কেইবাজনো বিৰোধী নেতাই বিষয়টো আলোচনা কৰিবলৈ দুয়োখন সদনতে স্থগিত জাননী প্ৰদান কৰে । আনহাতে, অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এলএচিৰ ওচৰত এই সংঘৰ্ষ সংঘটিত হোৱা বুলি চৰকাৰে কয় । উল্লেখ্য, ৭ ডিচেম্বৰত আৰম্ভ হোৱা শীতকালীন অধিবেশন মুঠ ১৭ টা কৰ্মদিনৰ সৈতে ২৯ ডিচেম্বৰলৈকে চলিব । এই অধিবেশনত ষোল্লখন নতুন বিধেয়ক কেন্দ্ৰৰ কাৰ্যসূচীত আছে ।

লগতে পঢ়ক :Patharughat massacre : ঐতিহাসিক পথৰুঘাট বিদ্ৰোহৰ স্থানক ৰাষ্ট্ৰীয় স্মাৰক হিচাপে নিৰ্মাণৰ আহ্বান দিলীপ শইকীয়াৰ

ABOUT THE AUTHOR

...view details