অসম

assam

পঞ্জাৱত মুকলি 75 খন আম আদমী ক্লিনিক

By

Published : Aug 15, 2022, 6:58 PM IST

সোমবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে গুৰু নানক ষ্টেডিয়ামত আয়োজিত এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা (76th Independence day of India) ৷ উক্ত কাৰ্যসূচীতে দেশৰ স্বাধীনতাৰ 75 বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ বাবে 75 খন আম আদমী ক্লিনিক মুকলি কৰে ৷

Aam Aadmi Clinics
পঞ্জাৱত মুকলি 75 খন আম আদমী ক্লিনিক

নেশ্যনেল ডেস্ক, 15 আগষ্ট :আজি সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India) ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যৰ জনগণৰ বাবে মুকলি কৰে এক বিশেষ সেৱা ৷ এই সেৱা অনুসৰি ৰাজ্যখনৰ জনসাধাৰণৰ হকে 75 খন ‘‘আম আদমী ক্লিনিক’’ মুকলি কৰে (Punjab CM Mann Launches 75 Aam Aadmi Clinics)৷

সোমবাৰে পঞ্জাৱৰ গুৰু নানক ষ্টেডিয়ামত আয়োজিত এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মানে কয়, ‘‘এই মহল্লা ক্লিনিকসমূহৰ জৰিয়তে বিনামূলীয়াকৈ প্ৰায় 100 প্ৰকাৰৰ বিভিন্ন পৰীক্ষা কৰিব পৰা যাব ৷ লগতে ইয়াত ৰোগীসকলক কোনো খৰচ বহন নকৰাকৈ ঔষধ প্ৰদান কৰিব । আনকি এই প্ৰতিটো ক্লিনিকত থাকিব চাৰিজন কৰ্মচাৰী ৷ ইয়াৰে ভিতৰত এজন MBBS চিকিৎসক আৰু এজন লেবৰেটৰী টেকনিচিয়ান থাকিব’’ ৷

উক্ত কাৰ্যসূচীতে ভাষণ প্ৰসংগত তেওঁ কয়, ‘‘আজি আমি স্বাধীনতাৰ 75 বছৰ উপলক্ষে ৰাজ্যবাসীৰ বাবে 75 খন মহল্লা ক্লিনিক মুকলি কৰিছো ৷ আগন্তুক দিনত এনে ধৰণৰ আৰু অধিক ক্লিনিক মুকলি কৰা হ’ব ৷ আমি পঞ্জাৱত মহল্লা ক্লিনিক স্থাপনৰ প্ৰতিশ্ৰুতি দিছিলো ৷ সেই প্ৰতিশ্ৰুতি আজি পূৰণ হ’ল’’ ৷

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে তেওঁৰ চৰকাৰৰ দিনত সুচাৰুৰূপে হোৱা ভিন্ন কাম যেনে - এজন বিধায়ক, এক পেঞ্চন আৰু বিনামূলীয়া বিদ্যুৎ আদি ভিন্ন খতিয়ানবোৰো জনসাধাৰণৰ আগত দাঙি ধৰে ৷

লগতে পঢ়ক :৩ দুৰ্নীতিগ্ৰস্ত বিষয়াক নিলম্বন পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

ABOUT THE AUTHOR

...view details