অসম

assam

No negotiation over Naga national flag: নাগা জাতীয় পতাকা-সংবিধানক লৈ আপোচ নকৰে NSCN-IM এ

By

Published : Nov 24, 2022, 7:57 PM IST

পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবীত এতিয়াও অটল এনএছচিএন(আইএম) ৷ নাগা জাতীয় পতাকা আৰু সংবিধান সন্দৰ্ভত পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে বিদ্ৰোহী সংগঠনটোৱে(Naga National Flag) ৷ বৃহত্তৰ নাগালিম গঠনৰ দাবীৰে পঞ্চাশৰ দশকতে সশস্ত্ৰ সংগ্ৰামৰ পথ গ্ৰহণ কৰিছিল সংগঠনটোৱে ৷ বিগত 25 বছৰত 80 বাৰতকৈও অধিক এই সন্দৰ্ভত ভাৰত চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈছে সংগঠনটোৰ নেতৃত্ব ৷

no-negotiation-over-naga-national-flag-nscn-im
নাগা জাতীয় পতাকা আৰু সংবিধানক লৈ আপোচ নকৰে NSCN-IMয়ে

নিউজ ডেস্ক, 28 নৱেম্বৰ:বিগত আঢ়ৈ দশকত ভাৰত চৰকাৰৰ সৈতে 80 বাৰতকৈও অধিক আলোচনাৰ মেজত বহা বিদ্ৰোহী সংগঠন নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড(ইছাক-মুইভা) চমুকৈ এনএছচিএন (আইএম) এ নাগা জাতীয় পতাকা আৰু সংবিধানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে বুলি স্পষ্ট কৰি দিছে ৷ বিদ্ৰোহী সংগঠনটোৰ মাহেকীয়া মুখপত্ৰ 'নাগালিম ভইছ'ৰ নৱেম্বৰ সংখ্যাৰ সম্পাদকীয়ত(NSCN-IM's mouthpiece Nagalim Voice) এনএছচিএন (আইএম) এ এই বিষয়ে তেওঁলোকৰ স্থিতি স্পষ্ট কৰি দিছে ৷

পঞ্চাশৰ দশকতে বৃহত্তৰ নাগালিম গঠনৰ দাবীৰে সশস্ত্ৰ সংগ্ৰামৰ পথ গ্ৰহণ কৰা নাগা জাতীয়তাবাদী শিবিৰক একত্ৰিত কৰি এক সমাধানৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে 1997 চনত ভাৰত চৰকাৰে এনএছচিএন (আইএম)ৰ নেতাসকলক বিদেশৰ পৰা ভাৰতলৈ আনি আলোচনা আৰম্ভ কৰিছিল(Naga rebel group) ৷ কেইবাটাও ভাগত বিভক্ত নগা জাতীয়তাবাদী শিবিৰক এনএছচিএনৰ নেতা ইশ্বাক ছি ছি শ্বু আৰু থুইংগালেং মুইভাৰ নেতৃত্বত একত্ৰিত কৰাৰ সমান্তৰালভাৱে নাগা সমস্য়া সমাধানৰ দিশে আগবাঢ়ে ৷

বিগত 25 বছৰত 80 বাৰতকৈও অধিক দ্বিপাক্ষিক আলোচনাত বহা এনএছচিএন (আইএম)ৰ নেতৃত্ব আৰু ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়াসকলে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি দাবী কৰিছে দুয়োপক্ষই ৷ আনকি 2015 চনৰ আগষ্ট মাহত এনএছচিএন (আইএম)ৰ সৈতে খচৰা বুজাবুজিৰ চুক্তি (Framework Agreement)ত স্বাক্ষৰ কৰে ভাৰত চৰকাৰে ৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে চৰকাৰৰ উচ্চস্তৰীয় চোৰাংচোৱা বিষয়া আৰ এন ৰবিয়ে ৷ পৰবৰ্তী সময়ত এইগৰাকী আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপেও নিযুক্তি দিয়া হৈছিল যদিও ৰবিৰ কাৰ্যকালত নাগা জাতীয় পতাকা আৰু সংবিধানৰ বিষয়টোত দুয়োপক্ষ কোনো সমাধান সূত্ৰত উপনীত হ’ব নোৱাৰিলে ৷

শেহতীয়াভাৱে নাগা সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় হিচাপে থকা অন্যান্য কাৰণসমূহৰ ভিতৰত নাগা জাতীয় পতাকা আৰু সংবিধানৰ বিষয় অন্যতম ৷ এই বিষয়টোত বিদ্ৰোহী সংগঠন এনএছচিএন (আইএম) এ আৰম্ভণিৰ পৰাই গ্ৰহণ কৰা স্থিতি শেহতীয়াভাৱে তেওঁলোকৰ মুখপত্ৰ ‘নাগালিম ভইছ'ত পুনৰ দৃঢ়তাৰে দোহৰা কথাটোৱে সমস্যাটোক পুনৰ জটিলতাৰ পিনে ঠেলি দিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক: Assam-Meghalaya Border Firing: সীমান্তৰ ঘটনাক লৈ মেঘালয়ত অব্যাহত আছে উত্তেজনা

ABOUT THE AUTHOR

...view details