Assam-Meghalaya Border Firing: সীমান্তৰ ঘটনাক লৈ মেঘালয়ত অব্যাহত আছে উত্তেজনা

author img

By

Published : Nov 24, 2022, 4:19 PM IST

Assam-Meghalaya Border Firing

শ্বিলঙত এতিয়াও আৱদ্ধ অসমৰ বহু লোক । মেঘালয়ৰ বহু স্থানত অসমৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ । প্ৰাণৰ ভয়ত বহু চালকে নম্বৰ প্লেট সলনি কৰি আহিছে অসমলৈ । শ্বিলঙত অসমৰ চালককো হাৰাশাস্তি। একাংশ হোটেলৰ পৰা উলিয়াই দিয়া হৈছে অসমৰ বাহনসমূহ(Assam Meghalaya conflict) । হোটেলত আৱদ্ধ অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ বহু পৰ্যটক । মেঘালয়ৰ বিভিন্ন স্থানত সীমান্তৰ ঘটনাৰ প্ৰতিবাদ । বিয়লি মেঘালয় চৰকাৰৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা ৷

গুৱাহাটী,২৪ নৱেম্বৰ: অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা এতিয়াও অব্যাহত আছে(Assam Meghalaya border violence) । পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত মঙলবাৰে সংঘটিত হোৱা ঘটনাই বৰ্তমান বিক্ষিপ্ত ৰূপ ধাৰণ কৰিছে । মঙলবাৰে সংঘটিত হোৱা ঘটনাত অসমৰ এজন বনৰক্ষী আৰু ৫ জন খাচী লোকৰ মৃত্যু হৈছিল । এই ঘটনা এতিয়া মুক্ৰতে আৱদ্ধ হৈ থকা নাই । ঘটনাটোক কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য উত্তপ্ত হৈ পৰিছে । বিশেষকৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ বাহনৰ লগতে অসমৰ লোকক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে ।

Assam-Meghalaya Border Firing
সীমান্তৰ ঘটনাকলৈ মেঘালয়ত অব্যাহত আছে উত্তেজনা

মঙলবাৰে নিশা শ্বিলঙত অসমৰ এখন বাহন জ্বলাই দিয়াৰ উপৰি অসমৰ কেইবাখনো বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে । আক্ৰমণৰ ঘটনা আজিও অব্যাহত আছে । অসমৰ পঞ্জীয়নৰ বাহন দেখিলেও খাচী লোকে আক্ৰমণ কৰে । মেঘালয়ৰ প্ৰান্তে প্ৰান্তে অসমৰ বহু বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে । যাত্ৰীবাহী ট্ৰেভেলাৰত শিলগুটি নিক্ষেপ কৰাৰ ঘটনাও সংঘটিত হৈছে । তদুপৰি অসমৰ লোকক প্ৰাণে মৰাৰ ভাবুকিও দিছে খাচী দুৰ্বৃত্তই । প্ৰাণৰ মমতাত মেঘালয় এৰিছে অসমৰ লোকে । এতিয়াও অসমৰ বহু লোক আবদ্ধ হৈ আছে শ্বিলঙৰ হোটেলত ।

Assam-Meghalaya Border Firing
সীমান্তৰ ঘটনাকলৈ মেঘালয়ত অব্যাহত আছে উত্তেজনা

ইফালে মঙলবাৰৰ পৰাই অসমৰ লোকসকলক মেঘালয়লৈ যোৱাৰ ক্ষেত্রত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰিছে(Assam Meghalaya border row) । পৰিস্থিতি যাতে অধিক অৱনতি নঘটে তাৰবাবে অসম চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে । যাৰফলত বহু লোকে মেঘালয়লৈ যাব পৰা নাই । কেৱল অসমৰ লোকেই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ লোকো গুৱাহাটীত আৱদ্ধ হৈ পৰিছে । আজিও গুৱাহাটীৰ খানাপাৰা আৰু যোৰাবাটত মেঘালয় অভিমুখে যোৱা অসমৰ বাহন আৰু অসমৰ লোকসকলক ঘূৰাই পঠিওৱা হৈছে ।

Assam-Meghalaya Border Firing
সীমান্তৰ ঘটনাকলৈ মেঘালয়ত অব্যাহত আছে উত্তেজনা

অসমৰ পঞ্জীয়ন থকা তথা অসমৰ চালকক লৈ বহিঃৰাজ্যৰ লোকসকলকো মেঘালয়লৈ যাবলৈ দিয়া নাই অসম আৰক্ষীয়ে(Violence in Assam Meghalaya Border) । খানাপাৰা আৰু যোৰাবাটৰ পৰা সকলোকে উভতাই পঠিওৱা হৈছে । ফলত বহু লোক আৱদ্ধ হৈ পৰিছে । ইফালে মেঘালয়লৈ যাবলগীয়া বহু লোকে গুৱাহাটীতে অৱস্থান কৰিবলগীয়া হৈছে । আনহাতে পৰিস্থিতি বিষম দেখি অসমৰ বহু লোক শ্বিলঙৰ পৰা উভতি আহিছে । ইফালে অসমৰ পঞ্জীয়নকৃত বহু বাহন আবদ্ধ হৈ আছে শ্বিলঙত । বিশেষকৈ পৰ্যটকসহ অসমৰ বহু বাহন শ্বিলঙত আবদ্ধ হৈ আছে ।

Assam-Meghalaya Border Firing
সীমান্তৰ ঘটনাকলৈ মেঘালয়ত অব্যাহত আছে উত্তেজনা

শ্বিলঙত অসমৰ চালকক হাৰাশাস্তি কৰাৰো খবৰ পোৱা গৈছে । একাংশ হোটেলৰ পৰা অসমৰ বাহনসমূহ উলিয়াই দিয়া হৈছে । শ্বিলঙত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু কেব চালক আৰু পৰ্যটক । বহু পৰ্যটকে শংকাৰ মাজেৰে শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহি তেওঁলোকৰ লগত হোৱা হাৰাশান্তিৰ কথা বৰ্ণনা কৰিছে । জানিব পৰা মতে শ্বিলঙত এতিয়াও বহু পৰ্যটক আৰু অসমৰ বহু বাহন আৰু চালক আৱদ্ধ হৈ আছে । প্ৰায় ডেৰশ-দুশ বাহন তাত আৱদ্ধ হৈ আছে । কেব চালকসকলে অভিযোগ কৰিছে যে শ্বিলঙত তেওঁলোকক মেঘালয় আৰক্ষীয়েও কোনো ধৰণৰ সহায় কৰা নাই ।

শ্বিলঙৰ পৰা অহা একাংশ চালকে জনোৱা মতে বৰ্তমানলৈকে মেঘালয়ত ৬খনকৈ বাহন জ্বলাই দিয়া হৈছে । শ্বিলঙত ভয় শংকাৰ মাজত আছে বহু পৰ্যটক । উল্লেখ্য যে প্ৰাণৰ ভয়ত কেইবাজনো চালকে শ্বিলঙৰ পৰা তেওঁলোকৰ বাহনত মেঘালয়ৰ নম্বৰ প্লেট লগাই অসমত উপস্থিত হৈছে । কাৰণ অসমৰ নম্বৰ প্লেট দেখাৰ লগে লগেই মেঘালয়ত একাংশ লোক আক্ৰমণৰ লক্ষ্য কৰি লয় । সেয়েহে তেওঁলোকে নিজৰ পৰিচয় লোকোৱাই শ্বিলঙৰ পৰা অসমলৈ আহিব লগা হৈছে ।

উল্লেখ্য যে, অসম-মেঘালয় সীমান্তৰ জিৰিকিণ্ডিঙৰ মুক্ৰত আৰক্ষীৰ গুলীত ৫ জনকৈ খাচী দুর্বৃত্ত নিহত হোৱা ঘটনাই পাহাৰীয়া ৰাজ্যখনৰ পৰিৱেশ অধিক স্পর্শকাতৰ কৰি তুলিছে(Assam Meghalaya conflict) । এই ঘটনাৰ সমগ্ৰ দোষ অসমলৈ ঠেলি মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে দিয়া বিবৃতিৰ পাছত কাৰ্যতঃ উমি উমি জ্বলিছে মেঘালয় । ইফালে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো ঘটনাটোৰ বাবে কাৰ্যতঃ অসম আৰক্ষীকে দোষাৰোপ কৰি মেঘালয়ৰ ওচৰত নত হোৱা দেখা গ'ল । ফলত মেঘালয়ৰ লোকসকল অধিক উত্তেজিত হৈ পৰিছে ।

এনে পৰিস্থিতিত শ্বিলঙত আবদ্ধ হৈ থকা অসমৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকলে শংকাৰ মাজত সময় কটাবলগীয়া হৈছে । গুৱাহাটীলৈ উভতি অহা এখনো বাহন চলাচল নকৰাত হোটেলত আবদ্ধ হৈ থকা লোকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰতো শংকাৰ সৃষ্টি হৈছে । শ্বিলঙত অৰ্ধসামৰিক বাহিনীৰ জোৱানে তহল দি আছে যদিও বহু অঞ্চলত খাচী যুৱকে অসমৰ পঞ্জীয়ন থকা গাড়ীক লক্ষ্য কৰি চলাইছে আক্রমণ । জানিব পৰা মতে শ্বিলঙত আবদ্ধ হৈ পৰিছে অসমৰ পৰা যোৱা ৩০ খনতকৈও অধিক ট্ৰেভেলাৰ ।

ইফালে এই ঘটনাৰ সুযোগ লৈছে মেঘালয়ৰ একাংশ চালকে । শ্বিলঙত আবদ্ধ হৈ পৰা পৰ্যটকক গুৱাহাটীলৈ অনাৰ বাবদ আদায় কৰিছে প্রায় তিনিগুণ ভাৰা । পৰিৱেশ অধিক স্পর্শকাতৰ হৈ থকা হেতুকে গুৱাহাটীৰ পৰা আৰক্ষীয়ে শ্বিলঙলৈ বাহন চলাচলত আজিও বাধা আৰোপ কৰে । ফলত যোৰাবাটত আজিও শ্বিলঙলৈ যাব খোজা একাংশ যাত্রী আবদ্ধ হৈ ৰয় । আনহাতে সীমান্তত সংঘটিত ঘটনাক লৈ সমগ্ৰ মেঘালয়তে স্থানীয় সংগঠনৰ দাবীত বহু যুৱকে ক’লা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰে । আনকি যাত্রীবাহী গাড়ী, ব্যক্তিগত বাহনতো ক’লা পতাকা ওলোমাই প্রতিবাদ সাব্যস্ত কৰে খাচী লোকসকলে ।

গুৱাহাটীৰ সমীপত বর্ণিহাটতো হাতে হাতে ক’লা পতাকা লৈ ৰাজপথলৈ ওলাই আহে একাংশ খাচী লোক । ইফালে এনে পৰিস্থিতিৰ মাজতে শ্বিলঙলৈ ছেৰি ব্ল'ছম ফেষ্টিভেল আৰু চেং কুট স্নেম উপভোগ কৰিবলৈ যোৱা একাংশ পৰ্যটকক এছকৰ্টৰ সহায়ত অসমলৈ ওভতাই অনা হৈছে যদিও বহু পর্যটক এতিয়াও শ্বিলঙতে আবদ্ধ হৈ আছে । সীমান্তত সংঘটিত ঘটনাক প্রশমিত কৰাৰ বাবে মেঘালয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যদিও সমগ্র মেঘালয়তে চেপা উত্তেজনা অব্যাহত আছে ।

স্পর্শকাতৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৰাকতো মেঘালয়লৈ যোৱা বাহনত বাধা আৰোপ কৰিছে আৰক্ষীয়ে । এনে পৰিস্থিতিত অসম-মেঘালয় সীমান্তৰ দীঘৰখালত আবদ্ধ হৈ পৰিছে শ শ ট্রাক । লক্ষণীয় বিষয় যে সমস্ত ঘটনাটোক লৈ অসম চৰকাৰে নৰম স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে মেঘালয় চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ঘটনা সন্দৰ্ভত আজি বিয়লি মেঘালয় চৰকাৰৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা আছে । মেঘালয় চৰকাৰে ঘটনাৰ চি বি আই নাইবা নিয়াৰ তদন্ত দাবী কৰিছে ।

লগতে পঢ়ক: Assam govt cabinet decisions: মুক্ৰ’ৰ হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্তৰ দায়িত্ব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.