অসম

assam

অটিঙৰ গণ হত্যাৰ বাবে নিৰ্দিষ্ট কৰ্তৃপক্ষক ক্ষমা বিচৰাৰ দাবী নাগালেণ্ড বিধান সভাৰ

By

Published : Dec 20, 2021, 9:37 PM IST

অটিং গাঁৱত অসম ৰাইফলছৰ দ্বাৰা সংঘটিত সাধাৰণ নাগৰিকৰ হত্যাকাণ্ড( Oting massacre incident)ক গৰিহণা দি সোমবাৰে নাগালেণ্ড বিধান সভাৰ এক বিশেষ অধিৱেশনে ক্ষমা খোজাৰ জনাইছে দাবী ৷ যোৱা 4 ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনা ৷

nagaland-assembly-seeks-apology-for-oting-massacre
অটিঙৰ গণ হত্যাৰ বাবে ক্ষমা বিচৰাৰ দাবী নাগালেণ্ড বিধান সভাৰ

নিউজ ডেস্ক, 20 ডিচেম্বৰ :সোমবাৰে নাগালেণ্ড বিধান সভাৰ এক বিশেষ অধিৱেশনত মন জিলাৰ অটিং গাঁৱত অসম ৰাইফলছৰ দ্বাৰা অসামৰিক লোকৰ হত্যাকাণ্ড( Oting massacre incident)ক গৰিহণা নাগালেণ্ড বিধান সভাৰ ৷ সোমবাৰে নাগালেণ্ড বিধান সভাৰ এক বিশেষ অধিৱেশনে উপযুক্ত কৰ্তৃপক্ষৰ পৰা ক্ষমা বিচাৰিবলৈ আহ্বান জনায় আৰু উত্তৰ-পূবৰ পৰা, বিশেষকৈ নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ (AFSPA) বাতিল কৰাৰ দাবী জনায়(Repeal of AFSPA from Nagaland) ৷ নাগা ৰাজনৈতিক সমস্যা সমূহৰ শান্তিপূৰ্ণ ৰাজনৈতিক মীমাংসা বিচাৰি চলি থকা প্ৰচেষ্টা শক্তিশালী হোৱাৰ স্বাৰ্থত এই দাবী জনোৱা হয় ।

উল্লেখযোগ্য যে, ত্ৰয়োদ্বশ নাগালেণ্ড বিধান সভা(Nagaland legislative assembly)ৰ দশম অধিৱেশন সোমবাৰে কহিমাত অনুষ্ঠিত হয় । এই অধিৱেশনত এনএলএৰ সদস্যসকলে চলিত বৰ্ষৰ 4 ডিচেম্বৰত মন জিলাৰ অটিং-তিৰু অঞ্চলত নিহত 14 জন লোকৰ স্মৃতি আৰু সন্মানত দুই মিনিটৰ মৌনতা পালন কৰে । ক্ষমা প্ৰাৰ্থনাৰ দাবীৰ লগতে, সদনে সঠিক কৰ্তৃপক্ষৰ পৰা এই আশ্বাস দাবী কৰে যে অমানৱীয় গণহত্যাটো সংঘটিত কৰা সকলৰ ওপৰত দেশৰ আইন প্ৰয়োগ কৰি ভুক্তভোগীক ন্যায় প্ৰদান কৰা হ'ব ।

উল্লেখযোগ্য যে, চিনি পোৱাত ভুল কৰি অসম ৰাইফলছৰ পেৰাট্ৰুপাৰসকলে 4 ডিচেম্বৰৰ সন্ধিয়া এখন ভানত গৈ থকা অৱস্থাত সাধাৰণ শ্ৰমিকক উগ্ৰপন্থী বুলি গুলী চালনা কৰে ৷ ইয়াৰ ফলত 13 জন সাধাৰণ শ্ৰমিক নিহত হয় ৷ পৰৱৰ্তী সময়ত এই ঘটনাৰ বাবে এজন নিৰাপত্তাৰক্ষীও নিহত হয় আৰু আন ৩৫ জন আহত হয় ।

সদনে মন জিলাৰ নাগৰিক, ইয়াৰ নাগৰিক সমাজ, ৰাজ্যখনৰ নাগৰিক আৰু দল-সংগঠনসমূহক ন্যায় দাবীৰ বাবে কৰা সামূহিক প্ৰচেষ্টাত চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । সোমবাৰে, নাগালেণ্ড চৰকাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, সদনে ৰাজ্যৰ নাগৰিক সকল আৰু সংগঠনসমূহ AFSPA বাতিল আৰু ন্যায় প্ৰদানৰ বাবে জনোৱা দাবীত প্ৰশংসা আৰু সমৰ্থন কৰে, আনহাতে সকলো শ্ৰেণীক শান্তি আৰু ন্যায় প্ৰদানৰ দিশত আমাৰ সামূহিক প্ৰচেষ্টাত গণতান্ত্ৰিক নিয়ম আৰু অহিংসা অনুসৰণ কৰিবলৈ আহ্বান জনায় ।

নাগা মানুহে দীৰ্ঘদিন ধৰি অমীমাংসিত নাগা ৰাজনৈতিক সমস্যাৰ বাবে শান্তি আৰু আগতীয়া সমাধানৰ বাবে বাট চাই আছে । সেয়েহে, সদনে আকৌ এবাৰ ইণ্ডো-নাগা ৰাজনৈতিক আলোচনা( Indo Naga political dialogue )ৰ সকলো পক্ষক অতি সোনকালে ইয়াৰ মীমাংসা কৰি আলোচনা প্ৰক্ৰিয়াক সফল সমাপ্তিলৈ অনাৰ বাবে আবেদন জনাইছে ।

লগতে পঢ়ক :নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে গুৰুতৰ অভিযাগ স্থানীয় লোকৰ

ABOUT THE AUTHOR

...view details