গুৱাহাটী, 9 আগষ্ট:সমাগত 75 সংখ্যক স্বাধীনতা দিৱস (Independence Day 2022)৷ এইবাৰ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস পূৰ্বতকৈ অধিক উলহ-মালহেৰে পালন কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) বিভিন্ন আঁচনি হাতত লৈছে ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশজুৰি আজাদী কা অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsav) অধীনত 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ (Har Ghar Tiranga mission in India) আয়োজন কৰিছে ।
প্ৰতিগৰাকী ভাৰতীয়ক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই আন্দোলনক আগবঢ়াই নিবলৈও প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনায় । লগতে সকলোকে 2 আগষ্টৰ পৰা 15 আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকাক সামাজিক মাধ্যমৰ প্লেটফৰ্মত তেওঁলোকৰ একাউণ্টৰ প্ৰ'ফাইল ছবি হিচাপে ৰাখিবলৈও তেওঁ আহ্বান জনায় ।
এতিয়ালৈ ৰাজ্যখনত হৰ ঘৰ ত্ৰিৰংগা আঁচনিৰ অধীনত প্ৰায় 53 লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হৈছে । এই কথা সদৰি কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjeet Kumar Dass on Har ghar tiranga mission)৷