Tripura political crisis: বিজেপি-তৃণমূল কংগ্ৰেছৰ নেতাৰ কংগ্ৰেছত যোগদান

author img

By

Published : Aug 8, 2022, 10:39 PM IST

Tripura political crisis

বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মন(Congress MLA Sudip Roy Barman)। দেওবাৰে বিধায়ক ৰয় বৰ্মনে কয় যে, অহা তিনি মাহৰ ভিতৰত বিজেপি ৰাজ্যখনত তাচপাতৰ দৰে খহি পৰিব । বিভিন্ন দলৰ ১৫৩০ গৰাকী লোকে কংগ্ৰেছত যোগদান কৰা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি তেওঁ এইদৰে দাবী কৰে ।

আগৰতলা, ৮আগষ্ট : বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মন(Congress MLA Sudip Roy Barman)। দেওবাৰে বিধায়ক ৰয় বৰ্মনে কয় যে, অহা তিনি মাহৰ ভিতৰত বিজেপি ৰাজ্যখনত তাচপাতৰ দৰে খহি পৰিব । কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য কৰে(joining program of Congress)।

বিভিন্ন দলৰ ১৫৩০ গৰাকী লোকে কংগ্ৰেছত যোগদান কৰা কাৰ্যসূচীত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ বহুতে নেতা-কৰ্মীয়ে যোগদান কৰা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে, তৃণমূল পৰ্যায়ৰ পৰা বিধায়কলৈকে বহুতো নেতাই যোগদান কৰিব । তেওঁলোকে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰা বুলি বিধায়ক ৰয় বৰ্মনে উল্লেখ কৰে । আগৰতলাত প্ৰদেশ কংগ্ৰেছ ভৱনৰ সন্মুখত অনুষ্ঠানটো সম্বোধন কৰি ৰয় বৰ্মনে দাবী কৰে যে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা আৰম্ভ কৰি বিজেপিৰ বিধায়কলৈকে বহুলোকে কংগ্ৰেছৰ সৈতে অহৰহ যোগাযোগ কৰি আছে ।

তেওঁ পুনৰ কয় যে, অহা তিনি মাহৰ ভিতৰত বিজেপি তাচপাতৰ দৰে খহি পৰিব যাক কোনেও কল্পনা কৰিব নোৱাৰে । বিজেপিৰ তৃণমূল পৰ্যায়ৰ পৰা বিধায়কলৈকে বহুতো নেতাই কংগ্ৰেছৰ বাবে সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ কয় । ৰয় বৰ্মনে শাসকীয় বিজেপিকো সমালোচনা কৰি কয় যে যি সময়ত কংগ্ৰেছে সাধাৰণ জনতাৰ বাবে মাত মাতিছে সেই সময়ত বিজেপি নেতাসকলে ইডি, চিবিআই আৰু আয়কৰ ব্যৱহাৰ কৰি অতি পুৰণি দলটোৰ নেতাসকলক আক্ৰমণ কৰি আছে ।

আনহাতে, তৃণমূল কংগ্ৰেছ(Trinamool Congress)আৰু আম আদমী পাৰ্টি(Aam Aadmi Party)প্ৰসংগত ৰয় বৰ্মনে কয় যে এই দুয়োটা দলেই কংগ্ৰেছৰ লোকসকলক দুৰ্বল কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত এক ভাল প্ৰতিচ্ছবি গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে । এই প্ৰসংগত তেওঁ কয়, "ৰাজনৈতিক দলসমূহৰ মূল লক্ষ্য হৈছে কংগ্ৰেছক ইয়াৰ বৰ্তমানৰ স্থিতি ল'বলৈ দুৰ্বল কৰা । তেওঁলোকৰ মূল লক্ষ্য হৈছে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া বা সাধাৰণ মানুহৰ বাবে কাম কৰা নহয় । এতিয়া কিছুমান লোকে ঝাড়ু ধৰি টুপী পিন্ধি আমাৰ ৰাজ্যৰ লোকসকলক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে’’ । উক্ত অনুষ্ঠানটোত প্ৰাক্তন পিচিচি মুৰব্বী গোপাল চন্দ্ৰ ৰয় আৰু প্ৰাক্তন বিধায়ক আশীষ কুমাৰ সাহাও উপস্থিত থাকে।

লগতে পঢ়ক:Arvind Kejriwal in Gujrat: কেজৰিৱালে ক’লে; শীঘ্ৰেই বিজেপিত একত্ৰিত হ'ব গুজৰাট কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.