ETV Bharat / bharat

Arvind Kejriwal in Gujrat: কেজৰিৱালে ক’লে; শীঘ্ৰেই বিজেপিত একত্ৰিত হ'ব গুজৰাট কংগ্ৰেছ

author img

By

Published : Aug 7, 2022, 9:05 PM IST

Delhi CM Arvind Kejriwal press conference
গুজৰাট কংগ্ৰেছ শীঘ্ৰেই গুজৰাট বিজেপিত একত্ৰিত হ'ব

ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰৰ অংশ হিচাপে দুদিনীয়া গুজৰাট ভ্ৰমণ দিল্লীৰ মুখ্যমন্ত্ৰীৰ (Delhi Chief Minister Arvind Kejriwal)। আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে গুজৰাটত এখন সংবাদমেল সম্বোধন কৰি কয়, ‘‘গুজৰাট কংগ্ৰেছ শীঘ্ৰেই গুজৰাট বিজেপিৰ সৈতে একত্ৰিত হ'ব । কিয়নো তেওঁলোকৰ মাজত প্ৰেমৰ সুবাস বিয়পিছে’’ ।

নেচনেল ডেস্ক , ৭আগষ্ট: ‘‘গুজৰাট কংগ্ৰেছ শীঘ্ৰেই গুজৰাট বিজেপিৰ সৈতে একত্ৰিত হ'ব । কিয়নো তেওঁলোকৰ মাজত প্ৰেমৰ সুবাস বিয়পিছে ।’’ এই মন্তব্য় দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ (Delhi Chief Minister Arvind Kejriwal)। আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ লক্ষৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে গুজৰাটত এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য় কৰে ।

গুজৰাটৰ বিৰোধীসকলক কটাক্ষ কৰি তেওঁ পুনৰ কয়, ‘‘গুজৰাটৰ নিৰ্বাচনত মূল যুঁজখন আপ আৰু বিজেপিৰ মাজত হ'ব । এতিয়া গুজৰাট কংগ্ৰেছ গুজৰাট বিজেপিৰ সৈতে একত্ৰিত হোৱাৰ দিশে আগবাঢ়িছে । বিজেপি-কংগ্ৰেছৰ আইএলইউ-আইএলইউ সমাপ্ত হ'ব’’ । তেওঁ আগন্তুক নিৰ্বাচন সন্দৰ্ভত কয় যে, উক্ত নিৰ্বাচনত এফালে বিজেপিৰ ২৭ বছৰৰ অপশাসন আৰু আনহাতে আপৰ নতুন ৰাজনীতিৰ মাজতে যুজঁ হ'ব (New politics of AAP)। আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ লক্ষৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

তেওঁ কয়, ‘‘গুজৰাটত আপৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে । মই ৰাজ্য়খনৰ জনতাক বিনামূলীয়া শিক্ষা, স্বাস্থ্য আৰু বিদ্যুৎ প্ৰদান কৰা উচিত নেকি বুলি প্ৰশ্ন কৰোতে ৯৯ শতাংশ লোকে কয় যে, বিনামূলীয়া শিক্ষা লাগে । ৯৭ শতাংশ লোকে কয় যে, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিনামূলীয়া চিকিৎসা থাকিব লাগে । তদুপৰি ৯১ শতাংশই কয় যে বিনামূলীয়া বিদ্যুৎ থাকিব লাগে ।’’ উক্ত সংবাদমেলত কেজৰিৱালে পুনৰ কয়, ‘‘আমাৰ প্ৰথম প্ৰতিশ্ৰুতি হৈছে বিদ্যুৎ যোগান সন্দৰ্ভত । গুজৰাটৰ লোকসকল দুৰ্দশাৰ মাজতেই আছে । বিদ্যুৎ বিলো বহুত বেছি । আমি দিল্লীত বিদ্যুৎ যোগান বিনামূলীয়া কৰিছো । পঞ্জাৱৰ প্ৰায় ২৫ লাখ পৰিয়ালে অলপতে শূন্য বিদ্যুতৰ বিল লাভ কৰিছে ।’’

মুখ্যমন্ত্ৰী কেজৰিৱালে গুজৰাটৰ নিবনুৱা যুৱকসকলক নিযুক্তি প্ৰদানৰো আশ্বাস দি কয়, ‘‘ইয়াত থকা যুৱক-যুৱতীসকৰ জীৱিকাৰ অভাৱ হৈছে । মাত্ৰ কেইবছৰমানৰ ভিতৰতে আমি দিল্লীত ১২ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছো । আমি ইয়াত নিবনুৱাসকলকো নিযুক্তি দিম’’ । উল্লেখ্য় যে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই বছৰৰ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ প্ৰচাৰৰ অংশ হিচাপে শনিবাৰৰ পৰা দুদিনীয়া গুজৰাট ভ্ৰমণলৈ আহিছে (upcoming Gujarat Assembly election)।

লগতে পঢ়ক:Mobile Planetarium in Tripura : ত্ৰিপুৰাৰ প্ৰতিখন জিলাতে স্থাপন হ'ব ভ্ৰাম্যমাণ তাৰকা গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.