ETV Bharat / bharat

Mobile Planetarium in Tripura : ত্ৰিপুৰাৰ প্ৰতিখন জিলাতে স্থাপন হ'ব ভ্ৰাম্যমাণ তাৰকা গৃহ

author img

By

Published : Aug 6, 2022, 6:43 PM IST

শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ ত্ৰিপুৰা চৰকাৰে প্ৰতিখন জিলাতে স্থাপন কৰিব ভ্ৰাম্যমাণ তাৰকা গৃহ (Mobile Planetarium opens at Bisramganj HS school)। বিশ্ৰামগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভ্ৰাম্যমাণ তাৰকা গৃহ মুকলি কৰি এই ঘোষণা কৰে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাই ।

Mobile Planetarium in Tripura
ত্ৰিপুৰাৰ প্ৰতিখন জিলাতে স্থাপন হ'ব ভ্ৰাম্যমাণ তাৰকা গৃহ

আগৰতলা,৬ আগষ্ট : ত্ৰিপুৰাৰ শিক্ষা বিভাগে শেহতীয়াকৈ শিক্ষাৰ্থী উত্তৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ বাবে বিভিন্ন সা-সুবিধা প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি সমগ্ৰ শিক্ষা ব্যৱস্থাটোত উন্নীতকৰণৰ বাবে বিভিন্ন আঁচনিও ঘোষণা কৰিছে । এইবাৰ চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ ঘোষণা ।

ৰাজ্যৰ প্ৰতিখন জিলাতে ভ্ৰাম্যমাণ তাৰকা গৃহ স্থাপন কৰিব চৰকাৰে (Mobile Planetarium to set up in every district of Tripura)। শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । লগতে ইয়াৰ দ্বাৰা বিজ্ঞানৰ বিভিন্ন নজনা বিষয় শিকিব পাৰিব শিক্ষাৰ্থীসকলে ।

বিশ্ৰামগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা ভ্ৰাম্যমাণ তাৰকা গৃহ উদ্বোধন কৰি এই ঘোষণা কৰে উপ-মুখ্যমন্ত্ৰীয়ে জিষ্ণু দেৱবৰ্মাই (Tripura Deputy CM inaugurates Mobile Planetariums at Bisramganj HS School)।

এই তাৰকা গৃহ জিলাখনৰ বিভিন্ন বিদ্যালয়ত প্ৰদৰ্শন কৰা হ'ব । মন্ত্ৰীগৰাকীয়ে আশাবাদী যে বিদ্যালয়ৰ শ্ৰেণীকোঠাত এই ভ্ৰাম্যমাণ তাৰকা গৃহই শিক্ষাৰ্থীসকলক মহাকাশ, গ্ৰহ, উপগ্ৰহ আৰু তাৰকাপুঞ্জ অন্বেষণ কৰাত সহায় কৰিব । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৮ লাখ টকা খৰচ কৰি বিদ্যালয়খনত এই ভ্ৰাম্যমাণ তাৰকা গৃহ নিৰ্মাণ কৰা হৈছে ।

উপ-মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমান যিহেতু বিজ্ঞানৰ যুগ । গতিকে শিক্ষাৰ্থীসকলেও বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱা উচিত । মন্ত্ৰীগৰাকীৰ মতে চৰকাৰে ৰাজ্যখনত শিক্ষাৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ লৈছে । ভিতৰুৱা অঞ্চলসমূহলৈ গুণগত শিক্ষাৰ সম্প্ৰসাৰণক অগ্ৰাধিকাৰ দিয়া হৈছে । ভ্ৰাম্যমাণ তাৰকা গৃহ মুকলি অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব পি.কে চক্ৰৱৰ্তী আৰু অতিৰিক্ত সচিব অনিমেশ দাসকে ধৰি বিভিন্ন বিশিষ্ট উপস্থিত থাকে ।

লগতে পঢ়ক :Next CJI of India: উদয় উমেশ ললিত হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.