ETV Bharat / bharat

Next CJI of India: উদয় উমেশ ললিত হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

author img

By

Published : Aug 5, 2022, 6:27 PM IST

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই 26 আগষ্টত অৱসৰ গ্ৰহণ কৰিব ৷ ন্যায়াধীশ এন ভি ৰামানাই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ উদয় উমেশ ললিতৰ নাম মনোনীত কৰিছে(Justice UU Lalit in line to become next CJI) ৷ 27 আগষ্টত উদয় উমেশ ললিতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷

Next CJI of India
উদয় উমেশ ললিত হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

নিউজ ডেস্ক, 5 আগষ্ট : দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব উদয় উমেশ ললিত(Justice UU Lalit in line to become next CJI) ৷ চলিত আগষ্ট মাহৰ 27 তাৰিখে উদয় উমেশ ললিতে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷ ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়ৰ 49 সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ইউ ইউ ললিত ৷ অহা 26 আগষ্টত বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই অৱসৰ গ্ৰহণ কৰিব ৷ লক্ষ্যনীয় যে, ন্যায়াধীশ ললিতে মাত্ৰ 74 দিনহে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুবিধা লাভ কৰিব ৷ অহা নৱেম্বৰ মাহৰ 8 তাৰিখে ন্যায়াধীশ ললিতে 65 বছৰ বয়সত দেশৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব ৷

1957 চনৰ 9 নৱেম্বৰত জন্মগ্ৰহণ কৰা উদয় উমেশ ললিতৰ পিতৃ ইউ আৰ ললিত আছিল বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ খণ্ড বিচাৰপীঠৰ অতিৰিক্ত বিচাৰক ৷ পৰৱৰ্তী সময়ত ইউ আৰ ললিতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ পৰিয়ালৰ পৰম্পৰাসূত্ৰে আইন শিক্ষাৰ প্ৰতি ধাৱমান হোৱা উদয় উমেশ ললিতে 1983 চনত ওকালতি আৰম্ভ কৰে আৰু 1986 চনত উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে যোগদান কৰে ৷ 2014 চনৰ 13 আগষ্টত ললিতক অধিবক্তাৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মনোনীত কৰা হয় ৷

খ্যাতনামা আইনজীৱী ছ’লি ছোৰাবজীৰ সহযোগী হিচাপে আইনৰ সকলো দিশতে প্ৰচুৰ জ্ঞান আৰু দক্ষতা অৰ্জন কৰা ইউ ইউ ললিতে অধিবক্তাৰ পৰা পোনে পোনে গৈ উচ্চতম ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশৰ পদ অলংকৃত কৰা দেশৰ ষষ্ঠগৰাকী অধিবক্তা ৷ উল্লেখ্য যে, তিনি তালাক প্ৰথা অবৈধ বুলি ৰায় দিয়া ন্যায়াধীশসকলৰ অন্যতম আছিল ন্যায়াধীশ ললিত ৷ তেওঁ আন কেইবাটাও ঐতিহাসিক ৰায়দান কৰিছিল ৷ তাৰ ভিতৰত অন্যতম আছিল যিকোনো যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ ধাৰা 7-ৰ অধীনত 'যৌন আক্ৰমণ'ৰ সমান হিচাপে গণ্য কৰা ৷

ন্যায়াধীশ ললিতে উকীল হিচাপে কৰ্মজীৱন আৰম্ভ কৰি দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কৰ্মজীৱন সমাপ্ত কৰা উচ্চতম ন্যায়ালয়ৰ দ্বিতীয়জন ন্যায়াধীশ ৷ ইয়াৰ পূৰ্বে ন্যায়াধীশ এছ এছ চিক্ৰিয়ে উকীল হিচাপে কৰ্মজীৱন আৰম্ভ কৰি দেশৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ লৈছিল ৷ ন্যায়ধীশ ললিতৰ পাছত ডি ৱাই চন্দ্ৰচূড়ে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব(DY Chandrachud will become the 50th CJI of India) ৷

লগতে পঢ়ক : Tripura CM Delhi visit : প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লীলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.