ETV Bharat / bharat

তিহাৰত অৰবিন্দ কেজৰিৱাল, পত্নীৰ সাক্ষাতৰ আৱেদন নাকচ কাৰাগাৰ কৰ্তৃপক্ষৰ - Sunita Kejriwal meeting cancel

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 11:44 AM IST

Sunita Kejriwal meeting cancel
তিহাৰত অৰবিন্দ কেজৰিৱাল, পত্নীৰ সাক্ষাতৰ আৱেদন নাকচ কাৰাগাৰ কৰ্তৃপক্ষৰ

Sunita Kejriwal meeting cancel : সুনীতা কেজৰিৱালে এই সপ্তাহত তেওঁৰ স্বামী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব নোৱাৰিব । সূত্ৰৰ মতে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই তেওঁৰ আৱেদন বাতিল কৰিছে ।

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল : দিল্লীত ৰাজনৈতিক উত্থান-পতন অব্যাহত আছে । কংগ্ৰেছৰ পৰা আম আদমি পাৰ্টীলৈকে ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে । ইয়াৰ মাজতে কাৰাগাৰত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ পত্নী সুনীতা কেজৰিৱালক সাক্ষাৎ কৰিবলৈও অনুমতি দিয়া হোৱা নাই । আম আদমি পাৰ্টীয়ে অভিযোগ কৰা মতে তিহাৰ কাৰাগাৰ প্ৰশাসনে কেজৰিৱালক সাক্ষাৎ কৰিবলৈ তেওঁৰ পত্নীক অনুমতি দিয়া নাই ।

উল্লেখ্য যে, সুনীতা কেজৰিৱালে সোমবাৰে তিহাৰ কাৰাগাৰত স্বামী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰাৰ কথা আছিল । কিন্তু এই সাক্ষাতৰ কাৰ্যসূচী বাতিল কৰা হৈছে । তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই এই সাক্ষাৎ বাতিল কৰিছে । কাৰাগাৰৰ নিয়ম অনুসৰি কেজৰিৱালক সপ্তাহত কোনো লোকে মাত্ৰ দুবাৰ কাৰাগাৰত সাক্ষাৎ কৰিব পাৰে ।

কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰী কেজৰিৱালক সোমবাৰে মন্ত্ৰী আতিশীয়ে সাক্ষাৎ কৰিব আৰু মঙলবাৰে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সাক্ষাৎ কৰিব । সেয়ে এই সপ্তাহত সুনীতা কেজৰিৱালক তেওঁৰ স্বামীক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হোৱা নাই ।

ইফালে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈছে আম আদমি পাৰ্টী । দলটোৱে অভিযোগ কৰিছে যে কাৰাগাৰ প্ৰশাসনে তেওঁলোকক অৱগত নকৰাকৈ এই সাক্ষাতৰ কাৰ্যসূচী বাতিল কৰিছে । ৰাজনৈতিক দলটোৱে অভিযোগ কৰিছে যে এই কাৰ্যসূচী ইচ্ছাকৃতভাৱে বাতিল কৰা হৈছে । অৱশ্যে সূত্ৰৰ মতে তিহাৰ কাৰাগাৰ প্ৰশাসনে অহা সপ্তাহত অৰবিন্দ কেজৰিৱালক সাক্ষাতৰ বাবে সুনীতা কেজৰিৱালক অনুমতি দিয়াৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তিহাৰ কাৰাগাৰত বন্দী হৈ আছে আৰু আম আদমি পাৰ্টীয়ে নিৰন্তৰ অভিযোগ কৰি আছে যে তেওঁক তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই হাৰাশাস্তি কৰি আছে । আপে কৈছে যে কেজৰিৱালক একেলগে দুজন লোকক সাক্ষাৎ কৰিব পাৰে ৷ এনে পৰিস্থিতিত কাৰাগাৰ কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে সুনীতা কেজৰিৱালক মুখ্যমন্ত্ৰী কেজৰিৱালক সাক্ষাৎ কৰিবলৈ অনুমতি নিদিয়াৰ দলটোৱে অভিযোগ কৰিছে ।

লগতে পঢ়ক :স্বামী কাৰাগাৰত: আপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সুনীতা কেজৰিৱালৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.