ETV Bharat / politics

স্বামী কাৰাগাৰত: আপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সুনীতা কেজৰিৱালৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 10:48 PM IST

SUNITA KERJIWAL ROAD SHOW
অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল

শনিবাৰে দিল্লীত ৰোড শ্ব' কৰিলে সুনীতা কেজৰিৱালে । ৰোড শ্ব'টোৰ জৰিয়তে তেওঁ আপৰ প্ৰাৰ্থী কুলদীপ কুমাৰৰ সমৰ্থনত ভোট বিচাৰে । একে সময়তে অৰবিন্দ কেজৰিৱালৰ কামৰ খতিয়ানো ডাঙি ধৰে ৷

নতুন দিল্লী, 27 এপ্ৰিল: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কাৰাবন্দী হৈ থকাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ পত্নী সুনীতা কেজৰিৱালে দলটোৰ প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত সুনীতা কেজৰিৱাল আপৰ নিৰ্বাচনী ৰেলীৰ মুখ্য মুখ হৈ পৰিছে ।

শনিবাৰে তেওঁ ‘কাৰাগাৰ কা জৱাব ভোট চে’ প্ৰচাৰৰ অধীনত পূব দিল্লী লোকসভা সমষ্টিৰ অন্তৰ্গত কোণ্ডলীত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰে । উক্ত মেগা ৰোড শ্ব’ৰ জৰিয়তে সুনীতা কেজৰিৱালে দিল্লীত অৰবিন্দ কেজৰিৱালে কৰা কামৰ খতিয়ান দাঙি ধৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰোড শ্ব’ৰ সময়ত সুনীতা কেজৰিৱালে লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ সমৰ্থনত ভোট দিবলৈ ৰাইজক আহ্বান জনায় । একে সময়তে তেওঁ ৰাইজক কয় যে তেওঁৰ স্বামী অৰবিন্দ কেজৰিৱালক ষড়যন্ত্ৰ কৰি কাৰাগাৰত ৰখা হৈছে । উল্লেখ্য যে শুকুৰবাৰে আপ নেত্ৰী আতিশী মাৰ্লিনাই এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছিল যে সুনীতা কেজৰিৱালে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰি তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে আশীৰ্বাদ বিচাৰি আৰু আপৰ প্ৰাৰ্থীৰ বাবে ভোট বিচাৰি প্ৰচাৰ অভিযানলৈ যাব । আতিশীৰ মতে, সুনীতা কেজৰিৱালে দিল্লী, পঞ্জাৱ, গুজৰাট আৰু হাৰিয়ানাতো প্ৰচাৰ চলাব ।

সুনীতা কেজৰিৱাল ৰোড শ্ব':

  • সুনীতা কেজৰিৱালে 24 ঘণ্টা বিনামূলীয়া বিদ্যুৎ আৰু মহল্লা ক্লিনিকৰ সন্দৰ্ভত মন্তব্য কৰে ৷
  • ৰোড শ্ব' বাহনত উঠি অৰবিন্দ কেজৰিৱালৰ কৰ্মৰ আলোচনা
  • চিলামপুৰৰ বিধায়ক আব্দুল ৰেহমান, বুৰাৰীৰ বিধায়ক সঞ্জীৱ ঝাও উপস্থিত থাকে ।
  • জংপুৰা বিধায়ক প্ৰবীণ কুমাৰেও সহযোগ কৰে ৷
  • আম আদমি পাৰ্টিৰ কেবাজনো বিধায়কে ৰোড শ্ব'টো যোগদান কৰে ।

উল্লেখ্য যে এই পৰ্যন্ত সুনীতা কেজৰিৱালে আপ-কংগ্ৰেছ মিত্ৰজোঁটৰ সকলো ৰেলীত অংশগ্ৰহণ কৰি আহিছে । ৰামলীলা ময়দানৰ মঞ্চতো তেওঁক দেখা গৈছিল ৷ আনহাতে তেওঁ ৰাঁচীত আপ-কংগ্ৰেছ মিত্ৰজোঁটৰ ৰেলীতো অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: হেলিকপ্টাৰ বিড়ম্বনা : ভৰি পিছলি লুটি খাই পৰিল কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.