ETV Bharat / bharat

হেলিকপ্টাৰ বিড়ম্বনা : ভৰি পিছলি লুটি খাই পৰিল কোন ? - MAMATA BANERJEE NEWS

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 4:30 PM IST

হেলিকপ্টাৰৰ ভিতৰত পিছলি পৰিল মুখ্যমন্ত্ৰী ৷ নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱাৰ সময়তে সংঘটিত হয় এই অঘটন ৷

WB CHIEF MINISTER
দুৰ্ঘটনাই যেন পিছ এৰা নাই মমতা বেনাৰ্জীক
আঘাতপ্ৰাপ্ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

নিউজ ডেস্ক, 27 এপ্ৰিল : দুৰ্ঘটনাই যেন পিচ এৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৷ এইবাৰ নিৰ্বাচনী সভালৈ যোৱাৰ পথত পুনৰ আহত হয় বংগৰ মুখ্যমন্ত্ৰীগৰাকী ৷ শনিবাৰে দুপৰীয়া হেলিকপ্টাৰৰ ভিতৰত ভাৰসাম্য হেৰুৱাই বাগৰি পৰে মমতা বেনাৰ্জী আৰু এই দৃশ্য বন্দী হয় কেমেৰাত ৷ দুৰ্গাপুৰৰ গান্ধীমোৰস্থিত ডি এম চি ময়দানৰ হেলিপেডত সংঘটিত হয় এই ঘটনা ৷ ঘটনাত মুখ্যমন্ত্ৰীগৰাকী সামান্য আঘাতপ্ৰাপ্ত হয় যদিও শীঘ্ৰেই আৰোগ্য হয় ৷

তৃণমূলৰ মুৰব্বীগৰাকী পৰি যোৱাৰ লগে লগে তেওঁৰ দেহৰক্ষীসকলে তেওঁক তুলি ধৰে ৷ ইয়াৰ পিচতে তেওঁ নিৰাপদে আছানছলৰ কুলটিত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় ৷ ইয়াত তেওঁ স্বভাৱসিদ্ধভাৱেই মঞ্চত উঠি ভাষণ দিয়ে ৷ মমতা বেনাৰ্জীয়ে আছানছলৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শত্ৰুঘ্ন সিনহাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ বিগত কেইবাদিনো ধৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰন্তৰভাৱে জিলাখনত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি আহিছে ৷ লোকসভা সমষ্টিটোত তৃতীয় পৰ্যায়ত হ’ব নিৰ্বাচন ৷

উল্লেখ্য যে, বিগত 14 মাৰ্চত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে আন এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল ৷ 14 মাৰ্চত কালিঘাটত থকা তেওঁৰ ঘৰত পৰি যোৱাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ নিজৰ কোঠাৰ পৰা ওলাই অহাৰ সময়তে ভৰি পিছলি তেওঁ বাগৰি পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বংগৰ মুখ্যমন্ত্ৰীগৰাকী ৷ বাগৰি পৰাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীৰ কপালৰ পৰা প্ৰচুৰ পৰিমাণে তেজ ওলোৱাৰ লগতে মূৰ ঘূৰোৱাৰো অভিযোগ কৰিছিল ৷ ঘটনাৰ পিচতে ততাতৈয়াকৈ মমতা বেনাৰ্জীক ছুপাৰ স্পেচিয়েলিটি এছ এছ কে এম হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল ৷

লগতে পঢ়ক : গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মমতা বেনাৰ্জী চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.