ETV Bharat / bharat

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মমতা বেনাৰ্জী চিকিৎসাধীন

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 9:14 PM IST

Mamata Banerjee Injured
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মমতা বেনাৰ্জী

Mamata Banerjee Injured : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কালিঘাটত থকা তেওঁৰ ঘৰত পৰি যোৱাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় ৷ ততাতৈয়াকৈ মমতা বেনাৰ্জীক ছুপাৰ স্পেচিয়েলিটি এছ এছ কে এম হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

নিউজ ডেস্ক, 14 মাৰ্চ : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কালিঘাটত থকা তেওঁৰ ঘৰত পৰি যোৱাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷

তৃণমূল কংগ্ৰেছ (TMC) ৰ সূত্ৰ অনুসৰি মমতা বেনাৰ্জী নিজৰ ঘৰতে আছিল আৰু নিজৰ কোঠাৰ পৰা ওলাই অহাৰ সময়তে ভৰি পিচলি তেওঁ বাগৰি পৰে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেওঁ ৷ বাগৰি পৰাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীৰ কপালৰ পৰা প্ৰচুৰ পৰিমাণে তেজ ওলাবলৈ আৰম্ভ কৰে আৰু মূৰ ঘূৰোৱাৰ অভিযোগ কৰে বুলিও তেওঁলোকে লগতে কয় ৷

ঘটনাৰ পিচতে ততাতৈয়াকৈ মমতা বেনাৰ্জীক ছুপাৰ স্পেচিয়েলিটি এছ এছ কে এম হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ উডবাৰ্ন ৱাৰ্ডত তেওঁক ভৰ্তি কৰোৱা হয় ৷

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে মেডিকেল ব’ৰ্ড গঠন কৰা হৈছে ৷ কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমৰ লগতে তৃণমূল কংগ্ৰেছৰ কেইবাজনো নেতা ইতিমধ্যে চিকিৎসালয়খনত উপস্থিত হৈছে ৷

পূৰ্বে টুইটাৰ নামেৰে পৰিচিত 'এক্স'ত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে (টি এম চি) এক পোষ্টত মমতা বেনাৰ্জীৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে ৷ টি এম চিয়ে কয় যে আমাৰ অধ্যক্ষ @MamataOfficial ডাঙৰ আঘাত পাইছে ৷ অনুগ্ৰহ কৰি তেওঁৰ বাবে প্ৰাৰ্থনা কৰক ৷

লগতে পঢ়ক : দিল্লীৰ সীমান্তৰ লগতে ৰে’লৱে ষ্টেচনত কঠোৰ নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.