ETV Bharat / bharat

দিল্লীৰ সীমান্তৰ লগতে ৰে’লৱে ষ্টেচনত কঠোৰ নিৰাপত্তা ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 11:15 AM IST

Kisan Mahapanchayat at Ramlila maidan: বুধবাৰে নিশা দিল্লীৰ ৰে’ল ষ্টেচনত দেখা গ’ল কৃষকৰ বৃহৎ ভিৰ । বহু সংখ্যক কৃষক বিভিন্ন ৰে’লযোগে নতুন দিল্লী ৰে’ল ষ্টেচনত উপস্থিত হয় । তেওঁলোক সকলো বৃহস্পতিবাৰে দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া মহাপঞ্চায়তৰ অংশ হ’ব ।

Kisan Mahapanchayat at Ramlila maidan
কৃষকৰ মহাপঞ্চায়ত

নেশ্যনেল ডেস্ক, 14 মাৰ্চ : আজি দিল্লীৰ ৰামলীলা ময়দানত কৃষকৰ মহাপঞ্চায়তত বৃহৎ সংখ্যক কৃষকে অংশগ্ৰহণ কৰিব । বুধবাৰৰ পৰা ৰে’লযোগে দিল্লীলৈ অবিৰতভাৱে আহি আছে কৃষকসকল । এনে পৰিস্থিতিত ৰেল ষ্টেচনৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । কিষাণ মহাপঞ্চায়তত অংশগ্ৰহণৰ বাবে বিভিন্ন স্থানৰ পৰা ৰাজধানী অভিমুখে পদযাত্ৰা কৰিছে হাজাৰ হাজাৰ কৃষকে । বহু সংখ্যক কৃষকে নিজৰ বাহনেৰে দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত হৈছে ।

বুধবাৰে নিশাই দিল্লীৰ ৰে’ল ষ্টেচনত দেখা গ’ল কৃষকৰ যথেষ্ট সংখ্যক ভিৰ । বৃহৎ সংখ্যক কৃষক বিভিন্ন ৰে’লযোগে নতুন দিল্লী ৰে’লৱে ষ্টেচনত উপস্থিত হয় ৷ এই কৃষকসকল বৃহস্পতিবাৰৰ কিষাণ মহাপঞ্চায়তৰ অংশ হ’ব ।

নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰা হৈছে : ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে, কৃষক সংগঠনৰ আন্দোলনৰ বিষয়ে ইতিমধ্যে ৰে’লৱে বিভাগ অৱগত ৷ গতিকে ৰে’লৱেৰ সা-সম্পত্তিৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়, ৰে'ল ষ্টেচনত যাতে কোনো ধৰণৰ আন্দোলন বা বিক্ষোভ নহয়, কোনো ধৰণৰ বিশৃংখলতা যাতে বিয়পি নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।

ৰাজধানীৰ প্ৰায় সকলো ৰেল ষ্টেচনত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে । ৰে'ল বিষয়াসকলৰ মতে, নতুন দিল্লী, পুৰণি দিল্লী, হজৰত নিজামুদ্দীন, আনন্দ বিহাৰ, তিলক ব্ৰিজ আৰু অন্যান্য ৰে'ল ষ্টেচনত জি আৰ পি, আৰ পি এফকে ধৰি অসামৰিক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে ।

ৰামলীলা ময়দানৰ ফালে যাতায়ত পৰিহাৰ কৰিবলৈ আহ্বান দিল্লী আৰক্ষীৰ : বহু সংখ্যক কৃষকে নিজৰ বাহনেৰে দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত হৈছে । এইসকল লোকে ৰামলীলা ময়দানৰ আশে-পাশে থকা পথতে বাহন ৰখাব । ইয়াৰ ফলত যান-জঁটৰ সমস্যাৰ সৃষ্টি হ’ব । যান-জঁটৰ পৰা হাত সাৰিবলৈ ৰাইজে ৰামলীলা ময়দানৰ দিশে যোৱাৰ পৰা বিৰত থাকিব লাগে ।

দিল্লী যান-বাহন আৰক্ষীয়ে জাৰি কৰা ট্ৰেফিক এডভাইজৰীত এইবোৰ কথা উল্লেখ কৰা হৈছে । যান-জঁটৰ পৰা হাত সাৰিবলৈ ট্ৰেফিক এডভাইজৰী দেখাৰ পিচতহে ঘৰৰ পৰা ওলাই যাওক । আজি দিল্লী সীমান্ততো কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ।

লগতে পঢ়ক : আজি ৰে’লেৰে দিল্লীলৈ যাব প্ৰতিবাদী কৃষক, পঞ্জাৱতো ‘ৰে’ল ৰ’কো আন্দোলন’ৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.