ETV Bharat / bharat

আজি ৰে’লেৰে দিল্লীলৈ যাব প্ৰতিবাদী কৃষক, পঞ্জাৱতো ‘ৰে’ল ৰ’কো আন্দোলন’ৰ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:03 AM IST

Updated : Mar 10, 2024, 11:54 AM IST

Farmers Protest : দেওবাৰে ৰে’লযোগে দিল্লীত উপস্থিত হ’ব প্ৰতিবাদী কৃষক ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰে’ল ষ্টেচনসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । পঞ্জাৱতো ৰে’ল ৰোকো আন্দোলনৰ আহ্বান জনোৱা হৈছে ।

আজি ৰে’লেৰে দিল্লীলৈ যাব প্ৰতিবাদী কৃষক, পঞ্জাৱতো ‘ৰে’ল ৰ’কো আন্দোলন’ৰ আহ্বান
আজি ৰে’লেৰে দিল্লীলৈ যাব প্ৰতিবাদী কৃষক, পঞ্জাৱতো ‘ৰে’ল ৰ’কো আন্দোলন’ৰ আহ্বান

নেশ্যনেল ডেস্ক, ১০ মাৰ্চ : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলে দেওবাৰে শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তাকে ধৰি কেইবাটাও দাবী লৈ দিল্লীলৈ যাত্ৰা কৰিব । ইতিমধ্যে কৃষক সংগঠনসমূহেও দেওবাৰে পঞ্জাৱত ৰে’ল ৰোকো (Rail Roko) আন্দোলনৰ আহ্বান জনাইছে বুলি জানিব পৰা গৈছে ।

ইফালে কৃষকসকলে ৰে’লযোগে দিল্লীলৈ যাব যে সেই তথ্য লাভ কৰিছে আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহেও । সেয়ে ৰে’ল ষ্টেচনসমূহতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে ।

প্ৰকৃততে কৃষকে প্ৰায় এমাহ ধৰি পঞ্জাৱৰ পৰা দিল্লীলৈ যাবলৈ চেষ্টা কৰি আছে । এই কৃষকসকলক হাৰিয়ানাৰ শম্ভু সীমান্তত ৰখাই দিয়া হৈছিল, যাৰ বাবে তেওঁলোক দিল্লীলৈ আহিব পৰা নাছিল । ইয়াৰ পিচত তেওঁলোকে ফেব্ৰুৱাৰী মাহত দিল্লীলৈ অহাৰো পৰিকল্পনা কৰিছিল যদিও ৰাজধানীত প্ৰৱেশ কৰিব নোৱাৰিলে ।

ইয়াৰ পিচত কৃষকসকলে ১০ মাৰ্চত দিল্লীলৈ অহাৰ কথা ঘোষণা কৰিছিল। সেয়ে দেওবাৰে বৃহৎ সংখ্যক কৃষকে দিল্লীলৈ আহিবলৈ চেষ্টা কৰিব পাৰে, যাৰ বাবে দিল্লীৰ সীমান্তৰ লগতে ৰে’ল ষ্টেচনতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

ৰে’লৱেৰ সূত্ৰ অনুসৰি, কৃষকসকলে বিভিন্ন গোটত ভাগ হৈ ৰে’লযোগে নতুন দিল্লী, পুৰণি দিল্লী, হজৰত নিজামুদ্দিন, চৰাই ৰোহিল্লাকে ধৰি অন্যান্য ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷ যদি কৃষকসকল দিল্লীলৈ নাহে তেন্তে তেওঁলোকে পঞ্জাৱৰ কিছুমান ঠাইত ৰে’ল ৰখাব পাৰে, যাৰ বাবে ৰে’লৰ চলাচলত বাধা আহি পৰিব পাৰে ।

ফলত ৰে’ল যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’ব পাৰে । ৰে’ল বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি, আৰ পি এফ আৰু জি আৰ পিৰ জোৱানৰ লগতে দেওবাৰে দিল্লীৰ আটাইকেইটা ৰে’ল ষ্টেচনত নিৰাপত্তাৰ বাবে আন বাহিনীৰ জোৱানকো নিয়োগ কৰা হৈছে ।

ইয়াৰ উপৰিও পঞ্জাৱ, ৰাজস্থান, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু তামিলনাডুৰ পৰা অহা ৰে’লসমূহো ৰে’ল ষ্টেচনত আৰক্ষীৰ চোকা নিৰীক্ষণ ৰখা হৈছে ৷ ৰে’ল ষ্টেচন উপস্থিত হোৱাৰ পিচত যদি কোনো কৃষক গোটসমূহে প্ৰতিবাদ কৰে, তেন্তে আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিব ।

জানিব পৰা মতে, ইতিমধ্যে দিল্লীত জাৰি কৰা হৈছে ১৪৪ ধাৰা । এনে পৰিস্থিতিত একেটা স্থানতে বহু লোক গোট খাব নোৱাৰিব । ১৪৪ ধাৰা অমান্য কৰা লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিব পাৰে ।

লগতে পঢ়ক : কৃষক আন্দোলনত মহিলা আৰু শিশুক ঢাল হিচাপে ব্যৱহাৰ

Last Updated :Mar 10, 2024, 11:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.