ETV Bharat / bharat

সুকমাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এটা মাওবাদী নিহত - Maoist killed

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 12:24 PM IST

Maoist killed
সুকমাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এটা মাওবাদী নিহত

Maoist killed: সুকমা জিলাৰ ছল্টং অঞ্চলত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষ । এটা মাওবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে ।

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল : ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ অব্যাহত আছে । ৰাজ্যখনৰ সুকমা জিলাৰ ছল্টং অঞ্চলত পুনৰ নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয় । য'ত নিৰাপত্তা বাহিনীৰ গুলীত এটা মাওবাদী নিহত হয় । ডিআৰজি কৰ্মীসকলে মাওবাদীৰ মৃতদেহ আৰু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

সুকমাৰ আৰক্ষী অধীক্ষক কিৰণ জি চাৱনৰ মতে জিলাখনৰ কিষ্টাৰাম আৰক্ষী থানাৰ অন্তৰ্গত ছল্টং অঞ্চলত এই সংঘৰ্ষ হৈছিল । ডিআৰজি আৰু কোবৰাৰ চিআৰপিএফৰ পৃথক দলে মাওবাদী বিৰোধী অভিযানলৈ যোৱাৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হয় । মাওবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে ।

ডিআৰজি বাহিনীয়েও এই গুলীচালনাৰ উচিত প্ৰত্যুত্তৰ দিয়ে । বহু সময় ধৰি চলা গুলীচালনাত এটা মাওবাদী নিহত হয় । এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । নিৰাপত্তা বাহিনীয়ে মাওবাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে ।

এই সংঘৰ্ষৰ সৈতে এই বছৰ এতিয়ালৈকে ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমাকে ধৰি ৭ খন জিলাত পৃথক সংঘৰ্ষত ৮১ টা মাওবাদী নিহত হৈছে বুলি আৰক্ষীয়ে জনাইছে । ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৬ এপ্ৰিলত কাংকেৰ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ২৯ টা মাওবাদী নিহত হৈছিল ।

উল্লেখ্য যে, ছত্তীশগড়ৰ সুকমা অন্যতম জিলা য'ত মাওবাদীৰ প্ৰভাৱ যথেষ্ট । এই জিলাখনত বছৰ বছৰ ধৰি মাওবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে । অৱশ্যে কেন্দ্ৰীয় চৰকাৰে জিলাখনত মাওবাদীৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ নিৰাপত্তা বাহিনী নিয়োগ কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :উগ্ৰবাদ নিয়ন্ত্ৰণৰ লক্ষ্যৰে বছৰি ১০০০ কোটিৰো অধিক পুঁজি ব্যয় - Left Wing Extremism

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.