ETV Bharat / bharat

ভগ্নী আৰু বন্ধুৱে ৰেকৰ্ডিং কৰিয়ে আছিল, ঠিক তেনেকুৱাতে ! - girl fell down while making reel

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 3:38 PM IST

Updated : Apr 29, 2024, 9:09 PM IST

Girl drowns in Indira Canal while making reel
ভৰসাম্য হেৰুৱাই খালত পৰিল যুৱতী

Girl fell down in canal while making reel: লক্ষ্ণৌৰ ইন্দিৰা খালৰ সমীপত ৰীলছ বনোৱাৰ সময়তে খালত পৰিল এগৰাকী যুৱতী । ঘটনাৰ সময়ছোৱাত ভনীয়েক আৰু বন্ধু-বান্ধৱী পাৰতে উপস্থিত আছিল যদিও প্ৰবল সোঁতৰ বাবে কোনেও সহায় কৰিব নোৱাৰিলে । ডুবাৰুৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই যদিও কোনো সফলতা লাভ কৰিব পৰা নাই ।

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : ডিজিটেল যুগৰ মেৰপাকত আৱদ্ধ হৈ আছে আজিৰ প্ৰজন্ম। ফোনটোতেই সমস্ত ৷ টেকন’লজীয়ে অৱশ্যে সুবিধাও দিছে তেনেকৈ ৷ এৰাতিতে ষ্টাৰ হৈ যাব পাৰি আজিকালি অদ্ভূত কাম কৰি ৷ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ নামত কি নবনাই আজিকালি মানুহে ! আচৰিত কথা যে সেইবোৰত ভিউজো আহে সাংঘাতিক ধৰণে ৷ ৰীলছৰ কথা নজনা মানুহ নাই চাগৈ আজিকালিৰ যুগত ৷ মাথো এটা ছেকেণ্ডৰ ৰীলছেৰে আপুনি ৰাতিটোৰ ভিতৰতে বনিব পাৰে চেলেব্ৰিটী ৷ এইবোৰ বনাবলৈ গৈয়ে যে কত অঘটন সংঘটিত হৈছে ৷

ছ’চিয়েল মিডিয়াত বিখ্যাত হোৱাৰ লালসাত ক’তজনে হেৰুৱাইছে প্ৰাণ । ইয়াৰ পিছতো আমি এইবোৰ ঘটনাৰ পৰা শিক্ষা ল’ব নোৱাৰো । শেহতীয়াকৈ লক্ষ্ণৌৰ বিবিডি থানা এলেকাৰ এগৰাকী যুৱতীৰ লগত সংঘটিত হ’ল তেনে এটা ঘটনা । ৰীলছ বনাই থাকোঁতে ১৮ বছৰীয়া যুৱতী এগৰাকী ইন্দিৰা খালত পৰি যায় । অলপ সময়ৰ ভিতৰতে যুৱতীগৰাকীক প্ৰচণ্ড সোঁতে উটুৱাই লৈ যায় ।

বিকাশনগৰ নিবাসী ১৮ বছৰীয়া মনীষাই এখন বিউটি পাৰ্লাৰত কাম কৰিছিল । তেওঁৰ পিতৃ শকীল ওৰফে সুৰেশৰ আছে এখন শাক-পাচলিৰ দোকান । মা মীনা এগৰাকী গৃহিণী । মনীষা দেওবাৰে ভনীয়েক নিশা আৰু পৰিয়ালৰ আত্মীয়ৰ সৈতে ফুৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল । এই সময়ছোৱাত ইন্দিৰা খালৰ পাৰত ৰৈ তাই ৰীলছ বনাবলৈ আৰম্ভ কৰে । বনাই থকাৰ সময়তে ভাৰসাম্য হেৰুৱাৰ বাবে তাই খালটোত পৰি যায় । প্ৰচণ্ড সোঁতৰ বাবে তাই ওলাই আহিব নোৱাৰি খালটোত ডুব যায় । উপস্থিত থকা সকলেও তাইক বচাব নোৱাৰিলে ৷

মনীষাৰ পৰিয়ালৰ লোকে জনোৱা মতে, আবেলি প্ৰায় ৪.৩০ বজাত সকলোৱে দেৱা শ্বৰীফলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিল, কিন্তু বাটত তেওঁলোকৰ পৰিকল্পনা সলনি ইন্দিৰা খালৰ ফালে গৈছিল । মনীষাই খালটোৰ ওচৰলৈ গৈ ৰীলছ বনাবলৈ ধৰিলে । তাত উপস্থিত পৰিয়ালৰ লোকে তেওঁ নাচি থকা ভিডিঅ’ বনাইছিল । এই সময়ছোৱাত হঠাতে মনীষাৰ চেণ্ডেল খোল খাই পৰে আৰু ভাৰসাম্য হেৰুৱাই তাই খালটোত পৰি যায় । আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ডুবাৰুৰ সহায়ত মনীষাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে যদিও সফল নহ’ল ।

বিবিডি থানাৰ পৰিদৰ্শক অজয় ​​নাৰায়ণ সিঙে সন্ধিয়া প্ৰায় ৬.৩০ বজাত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে । তথ্য লাভ কৰাৰ পিচত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মনীষাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে যদিও পানীৰ সোঁত প্ৰবল হোৱাৰ বাবে তেওঁলোক সফল হ’ব নোৱাৰিলে । সোমবাৰে ডুবাৰুৰ সহায়ত পুনৰ সন্ধান কৰি থকা হৈছে মনীষাৰ ।

লগতে পঢ়ক : ছত্তীশগড়ত শোকাৱহ দুৰ্ঘটনা, মহিলা-শিশুসহ ৯ গৰাকী লোকৰ মৃত্যু - Chhattisgarh Accident

Last Updated :Apr 29, 2024, 9:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.