ETV Bharat / bharat

কোটাত পুনৰ ছাত্ৰৰ আত্মহত্যা - Student Suicide

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 1:01 PM IST

Student Suicide
কোটাত পুনৰ ছাত্ৰৰ আত্মহত্যা

Student Suicide: হাৰিয়ানাৰ ছাত্ৰজনে এবছৰ ধৰি কোটাত থাকি এনইইটি ইউজিৰ বাবে প্ৰস্তুতি চলাই আছিল । লেণ্ডমাৰ্ক কোচিং এলেকাত হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে ১৯ বছৰীয়া ছাত্ৰজনে ।

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল : দেশৰ 'এডুকেশ্যন হাব' হিচাপে জনাজাত কোটাত পুনৰ ছাত্ৰৰ আত্মহত্যাৰ খবৰ পোহৰলৈ আহিছে । চহৰখনৰ কুনহাড়ী আৰক্ষী থানাৰ অন্তৰ্গত লেণ্ডমাৰ্ক কোচিং এলেকাত এগৰাকী অধ্যয়নৰত ছাত্ৰৰ আত্মহত্যাৰ এটা ঘটনা সংঘটিত হৈছে । ছাত্ৰজনে চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষাৰ (এনইইটি ইউজি ২০২৪) প্ৰস্তুতি চলাই আছিল ।

অধ্য়য়নৰ বাবে তেওঁ হাৰিয়ানাৰ ৰোহতকৰ পৰা কোটালৈ আহিছিল । জানিব পৰা মতে, হোষ্টেলৰ কোঠাতে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছে । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে । আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে এমবিএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

উপ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ চোনিয়ে কোৱা মতে ঘটনাটো দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছিল । ১৯ বছৰীয়া ছাত্ৰজন লেণ্ডমাৰ্ক অঞ্চলৰ উত্তম ৰেচিডেন্সিত আছিল । তেওঁ যোৱা এবছৰ ধৰি কোটাত বাস কৰি আছিল । ঘটনাটোৰ পিচত আৰক্ষীয়ে তেওঁৰ হোষ্টেলৰ কোঠাটো জব্দ কৰিছে ।

ইয়াৰ লগতে পৰিয়ালটোক সমগ্ৰ বিষয়টোৰ বিষয়েও অৱগত কৰা হৈছে । পৰিয়ালৰ আগমনৰ পিচত, মৰণোত্তৰ পৰীক্ষা আৰু অন্যান্য প্ৰক্ৰিয়াবোৰ কৰা হ'ব বুলি তেওঁ অৱগত কৰিছে । লক্ষণীয়ভাৱে এইবছৰ কোটা চহৰত এইটো ষষ্ঠ আত্মহত্যাৰ ঘটনা ।

ছাত্ৰজনে ৫ মে'ত অনুষ্ঠিত হ'বলগীয়া এনইইটি ইউজি ২০২৪ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল । ছাত্ৰজনে ইয়াৰ পূৰ্বেও এনইইটি পৰীক্ষা দিছে । কিন্তু ছাত্ৰজনে কিয় আত্মহত্যাৰ পথ বাছি ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : পৰীক্ষাত ফেইল : ৭ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা - Students Suicide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.