অসম

assam

নৱী মুম্বাইত ১৪৭৬ কোটি টকাৰ মেথ আৰু ক’কেইন জব্দ

By

Published : Oct 2, 2022, 9:22 AM IST

Meth cocaine worth Rs 1476 crore seized in Navi Mumbai

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বৃহৎ সাফল্য ৷ কেন্দ্ৰীয় সংস্থাটোৱে নৱী মুম্বাইত অভিযান চলাই জব্দ ১৪৭৬ কোটি টকাৰ মেথ, ক’কেইন (Directorate of Revenue Intelligence ) ৷ কমলাৰ কাৰ্টনত লুকুৱাই থোৱা আছিল নিষিদ্ধ সামগ্ৰীখিনি ।

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ: দেশজুৰি অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷ নিত্য নতুন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ পিছে এই ক্ষেত্ৰত দেশৰ নিৰাপত্তা বিভাগেও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (India police against drugs) ৷

নৱী মুম্বাইত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (Directorate of Revenue Intelligence ) শুকুৰবাৰে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ক্ৰিষ্টাল মেথামফেটামাইন আৰু ক’কেইন ৷ চোৰাংচোৱা সঞ্চালকালয়ে জানিবলৈ দিয়া অনুসৰি জব্দকৃত নিষিদ্ধ দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় ১,৪৭৬ কোটি টকা (Large amount of Meth cocaine seized) ৷

তথ্য অনুসৰি জানিব পৰা মতে, কমলাৰ কাৰ্টুনত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰে ড্ৰাগছখিনি ৷ মুঠ ১৯৮ কেজি স্ফটিক মেথামফেটামাইন আৰু ৯ কেজি ক’কেইন জব্দ কৰে বুলি জানিব পৰা গৈছে (Cocaine seized in Navi Mumbai) ।

উল্লেখ্য যে কেন্দ্ৰীয় সংস্থাটোৱে মুম্বাই জ’নেল ইউনিটৰ এটা কল্ড ষ্ট’ৰেজ ফেচিলিটিৰ ফল-মূলৰ ব্যৱসায়ীয়ে নিষিদ্ধ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ গোপন খবৰৰ ভিত্তিত লাভ কৰিছিল তথ্য ৷ তাৰ পিছতেই ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এটা দলে অভিযান আৰম্ভ কৰে ৷

শুকুৰবাৰে সন্ধিয়া দক্ষিণ আফ্ৰিকাৰ পৰা আমদানিকৃত কমলা কঢ়িয়াই অনা এখন ট্ৰাকত কেন্দ্ৰীয় সংস্থাটোৱে চলায় তালাচী অভিযান ৷ ট্ৰাকত থকা কাৰ্টুনত কমলাৰ পৰিৱৰ্তে কেন্দ্ৰীয় সংস্থাটোৱে লাভ কৰিছিল নিষিদ্ধ নিচাজাতীয় সামগ্ৰীহে ৷ ইয়াৰ পিছতেই সংস্থাটোৱে ট্ৰাকখন জব্দ কৰাৰ লগতে আটক কৰে ট্ৰাকখনৰ চালকক ৷ ইফালে আটকাধীন ট্ৰাক চালকক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে সংস্থাটোৱে ৷

লগতে পঢ়ক:ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ABOUT THE AUTHOR

...view details