ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী নাকচ উচ্চ ন্যায়ালয়ৰ - DELHI HC REJECT PETITION

DELHI HC REJECT PETITION : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। আৱেদনখনত প্ৰধানমন্ত্ৰী মোদীক ৬ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাইছিল। উচ্চ ন্যায়ালয়ে আবেদনকাৰীৰ আবেদন নাকচ কৰি কয় যে নিৰ্বাচন আয়োগক কেনেকৈ কাম কৰিব লাগে সেই বিষয়ে নিৰ্দেশ দিব নোৱাৰে।

DELHI HC REJECT PETITION
প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 7:00 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 6 বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ আবেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে ৷ ন্যায়াধীশ শচীন দত্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে আৱেদন খাৰিজ কৰাৰ নিৰ্দেশ দিয়ে ৷ আদালতে কয় যে আবেদনকাৰীয়ে আদৰ্শ আচৰণ বিধি উলংঘা কৰা হৈছে বুলি ধৰি লৈছে ৷ কেৱল আৱেদনকাৰীৰ অভিযোগৰ ওপৰত আদালতে নিৰ্বাচন আয়োগক নিৰ্দেশনা দিব নোৱাৰে ৷ শুনানিৰ সময়ত নিৰ্বাচন আয়োগে আবেদনকাৰীৰ অভিযোগ বিবেচনা কৰি থকা বুলি জানিবলৈ দিয়ে ৷

আবেদনখনত প্ৰধানমন্ত্ৰীগৰাকীক ছবছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰা হৈছিল ৷ এই আৱেদন দাখিল কৰিছিল অধিবক্তা আনন্দ এছ জোন্ধলেই ৷ আৱেদনখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰা হৈছে ৷ আৱেদনখনত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰীয়ে যোৱা 9 এপ্ৰিলত উত্তৰ প্ৰদেশত দিয়া ভাষণত হিন্দু আৰু শিখ গুৰুৰ নামত বিজেপিৰ বাবে ভোট বিচাৰিছিল ৷ আবেদনখনত কোৱা হৈছে যে তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে বিৰোধীক মুছলমানৰ সৈতে সংযোগ কৰিছিল ৷ নিৰ্বাচনত ধৰ্ম ব্যৱহাৰ কৰাটো জনপ্ৰতিনিধিত্ব আইনৰ স্পষ্ট উলংঘা ৷

আৱেদনখনত প্ৰধানমন্ত্ৰীক ছবছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অযোগ্য ঘোষণা কৰিবলৈ দাবী জনোৱা হৈছিল ৷ প্ৰধানমন্ত্ৰীৰ ভাষণে লোকসভা নিৰ্বাচনত মুক্ত আৰু নিকা নিৰ্বাচনত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি আৱেদনখনত উল্লেখ কৰা হৈছিল ৷ আৱেদনখনত দাবী কৰা হৈছিল যে আদালতে নিৰ্বাচন আয়োগক প্ৰধানমন্ত্ৰীৰ ভাষণৰ প্ৰতি গুৰুত্ব দিবলৈ আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিব ৷

আৱেদনখনত কোৱা হৈছিল যে প্ৰধানমন্ত্ৰীয়ে বিমানযোগে সমগ্ৰ দেশ ভ্ৰমণ কৰি এনে ভাষণ দি আছে যিয়ে এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে ৷ সমগ্ৰ দেশতে মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে এনে ভাষণ নিষিদ্ধ কৰিব লাগে ৷

লগতে পঢ়ক : তিহাৰত অৰবিন্দ কেজৰিৱাল, পত্নীৰ সাক্ষাতৰ আৱেদন নাকচ কাৰাগাৰ কৰ্তৃপক্ষৰ - Sunita Kejriwal Meeting Cancel