ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

By

Published : Sep 28, 2022, 1:50 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (Anti drugs mission by Assam police)৷ এনে অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীয়ে কঠোৰ অভিযান চলি থকাৰ সময়তেই ৰঙিয়াত ৪০ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ গাঞ্জা জব্দ (Ganja seized at Rangia)। নগালেণ্ডৰ পৰা NL- 01-N 9627 নম্বৰৰ এখন ট্ৰেইলাৰত ১২০ কিলোগ্ৰাম (Ganja recovered in trailer at Rangia) গাঞ্জা উত্তৰ প্ৰদেশলৈ সৰবৰাহ কৰোতেই আৰক্ষীৰ হাতত কৰায়ত্ব হ'ল গাঞ্জা সহ দুজন সৰবৰাহকাৰী । এক গোপন খবৰৰ ভিত্তিত মঙলবাৰে নিশা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাইছিল ৰঙিয়া আৰক্ষীয়ে । আৰক্ষীয়ে তালাচী চলাই উক্ত ট্ৰেইলাৰখনৰ বিশেষ ঠাইত লুকুৱাই অনা ১২টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰে(Ganja dealer arrest at Rangia)। লগে লগে আৰক্ষীয়ে গাঞ্জা সৰবৰাহ কৰা ট্ৰেইলাৰখনৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰে । ধৃত দুই সৰবৰাহকাৰী হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ নাগলা ইঞ্চি গাঁৱৰ ধৰমবীৰ সিং আৰু কিষাণ পালক । ধৃত দূয়োজনকে আৰক্ষীয়ে ৰঙিয়া থানাৰ জেৰা অব্যহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.